নিনা পিণ্টো-আবকাচিচ (ইংৰাজী ভাষা: Nina Pinto-Abecasis; হিব্ৰু ভাষা: נינה פינטו אבקסיס; ১৯৭১ — ২২ জুলাই ২০১৯) এগৰাকী ইজৰাইলী লোকসংস্কৃতিবিদ, লেখিকা আৰু শিক্ষাবিদ আছিল। তেওঁৰ লোকসংস্কৃতি গৱেষণাৰ বিশেষ ক্ষেত্ৰ আছিল 'হাকিটিয়া' ভাষা — যিটো উত্তৰ আফ্ৰিকাৰ চেফাৰডিম ইহুদীসকলে ঐতিহাসিকভাৱে ব্যৱহাৰ কৰা জুডাইঅ’-স্পেনিছ ভাষাৰ এটা ৰূপ। লোকসংস্কৃতিৰ অধ্যয়নত 'উপনাম'ৰ অন্তৰ্ভুক্তিৰ বাবে কৰা ওকালতিৰ বাবেও তেওঁ পৰিচিত আছিল।
জীৱনী
১৯৭১ চনত ইজৰাইলৰ আশকেলনত নিনা পিণ্টো-আবকাচিচৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ ১৯৬০ চনত মৰক্কোৰপৰা ইজৰাইললৈ প্ৰব্ৰজন কৰিছিল। তেওঁ নিজৰ শৈশৱ আৰু পাৰিবাৰিক ঐতিহ্যৰ বিষয়ে এখন গ্ৰন্থ লিখিছিল।১
সামৰিক সেৱা সম্পূৰ্ণ কৰাৰ পাছত পিণ্টো-আবকাচিচে জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত হিব্ৰু সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২
বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি তেওঁ সংবাদ মাধ্যমৰ সৈতে জড়িত হয়। তেওঁ হাৰেটজ কাকতত আৰক্ষী আৰু অপৰাধ সম্পৰ্কীয় বাতৰি সংগ্ৰহ কৰিছিল৩ আৰু ১৯৯৫-ৰপৰা ১৯৯৬ চনলৈ কোল ইজৰাইলত (Kol Yisrael) ৰেডিঅ' অনুষ্ঠান পৰিচালনা কৰিছিল।২
২০০১ চনৰপৰা ২০০৮ চনলৈ তেওঁ আশকেলন একাডেমী কলেজত প্ৰব্ৰাজিকা হিচাপে কাম কৰে। ইয়াৰ পিছত তেওঁ য়াদ বেন জভি গৱেষণা প্ৰতিষ্ঠানৰপৰা পিএইচডি ডিগ্ৰী সম্পূৰ্ণ কৰে। ২০১২ চনৰপৰা তেওঁ ৰামাত গানৰ বাৰ-ইলান বিশ্ববিদ্যালয়ত এগৰাকী গৱেষক হিচাপে কৰ্মৰত আছিল।২
পিণ্টো-আবকাচিচে লোকসংস্কৃতি অধ্যয়নত 'উপনাম'ৰ গুৰুত্বৰ ওপৰত কাম কৰিছিল আৰু ২০১৪ চনত মৰক্কোৰ ইহুদী সম্প্ৰদায়ৰ মাজত উপনাম ব্যৱহাৰৰ হাস্যৰস আৰু লিংগ বৈষম্যৰ ওপৰত এখন গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল।৪ তেওঁ নেচনেল অথৰিটি ফৰ দ্য কালচাৰ অৱ লাডিনোৰ উপদেষ্টা হিচাপেও কাম কৰিছিল।২৫
২০১৮ চনত তেওঁ হিব্ৰু সাহিত্যিক কৰ্মৰ বাবে প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ বঁটা লাভ কৰে।১
২০১৯ চনৰ ২২ জুলাইত ৪৮ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেল আভিভত নিনা পিণ্টো-আবকাচিচৰ মৃত্যু হয়।১৫ মৃত্যুৰ ঠিক আগে আগে তেওঁ নিজৰ কৰ্কট ৰোগৰ সৈতে কৰা যুঁজখনৰ বিষয়ে এখন গ্ৰন্থ লিখিছিল।
তথ্যসূত্ৰ
- ↑ לוי, דוד. (2019-07-22). הלכה לעולמה הסופרת כלת פרס רה"מ ובת אשקלון, נינה פינטো-אבקסיס. כאן דרום - אשকেলון
- ↑ נינה פינטো-אבקסיস. Lexicon The new Hebrew literature. The Ohio State University
- ↑ אדרת, עופৰ. (2019). עופר אדרת, החייתה את שפתם הנכחדת של יהוד. הארץ
- ↑ Cohen, Angy. (2015-10-20). The peacock, the ironed man and the half-woman. Nicknames, humor and folklore in the day-to-day speech of Tetouan's Haketia-speaking Jews. The Journal of North African Studies. পৃ. 889–891
- ↑ טוהר, ורד; גדג', דוד. (2019). נינה פינטו-אבקסיס ז"ל: (מתוך המדור: לזכרם). פעמים: פרקי עיון במורשת ישראל במזרח. পৃ. 287–300
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিনা পিণ্টো-আবকাচিচ” প্ৰবন্ধৰ সংশোধন ৫৮৫৩৯৪ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।