ইছলাম ধৰ্ম
১৮১ প্ৰবন্ধ
-
ওৱাকফ্
ইছলামিক আইন অনুসৰি ওৱাকফ বা মৰ্টমেইন সম্পত্তি হ’ল এক অ-হস্তান্তৰযোগ্য দাতব্য অক্ষয় নিধি। ইয়াত সাধাৰণতে মুছলমান ধৰ্মীয় বা দাতব্য উদ্দেশ্যত এটা অট্টালিকা, মাটি বা অন্যান্য সম্পত্তি দান কৰা হয় যিবোৰ সম্পত্তি পুনৰ দাবী কৰাৰ কোনো অৱকাশ নাথাকে।
-
ছিলছিলা
ছিলছিলা (আৰবী: سِلْسِلَة, ইংৰাজী: Silsila) হৈছে আৰবী ভাষাৰ শব্দ যাৰ অৰ্থ হৈছে শৃংখল, সংযোগ, সংযোগ প্ৰায়ে বংশৰ বিভিন্ন অৰ্থত ব্যৱহৃত। বিশেষকৈ ইয়াক "আধ্যাত্মিক বংশাৱলী" বুলি অনুবাদ কৰিব পাৰি য'ত এজন ছুফী পণ্ডিত তেওঁৰ খলিফা বা আধ্যাত্মিক বংশধৰলৈ নিজৰ খিলাফাত হস্তান্তৰ কৰে।
-
জাপানত ইছলাম ধৰ্ম
জাপানৰ নিকৱৰ্টী দেশসমূহৰ তুলনাত জাপানত ইছলাম ধৰ্মৰ ইতিহাস চুটি। জাপান দেশত ইছলাম ধৰ্ম আতাইতকৈ কম সংখ্যক লোকে বিশ্বাস কৰা ধৰ্মৰ অন্যতম। ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা জাপানত বাহাই ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ অধিক, কিন্তু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ কম।
-
জুলফিকাৰ
জুলফিকাৰ (ذو الْفَقار), (জু আল-ফাকাৰ, জুলফাকাৰ, দু আল-ফকাৰ বা ধুলফাকাৰ বুলিও উচ্চাৰণ কৰা হয়) আলী ইবনে আবি তালিবৰ তৰোৱালত দুখন ব্লেড থকাৰ বাবে বিশেষভাবে গণ্য কৰা হৈছিল।
-
দেশ অনুসৰি ইছলাম ধৰ্ম
ইছলামৰ অনুগামীসকলে ২০২২ চনত ২০১৭ চনৰ প্ৰস্তাৱিত প্ৰক্ষেপণ বজাই ৰাখি বিশ্বৰ দ্বিতীয় বৃহত্তম আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা ডাঙৰ ধৰ্মীয় গোট গঠন কৰে। ২০২০ চনলৈকে পিউ ৰিচাৰ্চ চেণ্টাৰ (পিইডব্লিউ)ৰ প্ৰক্ষেপণ অনুসৰি বিশ্বজুৰি মুঠ ২ বিলিয়ন অনুগামী আছে।
-
বাংলাদেশত ইছলাম ধৰ্ম
ইছলাম বাংলাদেশৰ সৰ্ববৃহৎ আৰু জাতীয় ধৰ্ম। ২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ জনসংখ্যা প্ৰায় ১৫ কোটি মুছলমান অৰ্থাৎ মুঠ ১৬৫ নিযুত জনসংখ্যাৰ ৯১.০৪%। বাংলাদেশৰ মুছলমান প্ৰধান থলুৱা বাঙালী মুছলমান। বাংলাদেশীৰ অধিকাংশই ছুন্নী, আৰু হানাফী চিন্তাধাৰা আৰু ফিকহ অনুসৰণ কৰে।
-
মুহাম্মাদৰ প্ৰথম প্ৰকাশ
মুহাম্মাদৰ প্ৰথম প্ৰকাশ আছিল ইছলামিক পৰম্পৰাত ৬১০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা বুলি বৰ্ণনা কৰা এটা পৰিঘটনা, য’ত ইছলামিক নবী মুহাম্মাদক ফৰিষ্টা জিব্ৰিল (জিব্ৰাইল)য়ে তেওঁৰ ওচৰলৈ গৈছিল, যিয়ে তেওঁক পিছলৈ কোৰআনলৈ পৰিণত হোৱাৰ আৰম্ভণিৰ বিষয়ে অৱগত কৰিছিল।
-
শ্বাহাদাহ
ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ/কলিমা। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল- > মই সাক্ষ্য দি আছোঁ যে, আল্লাহৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, মুহাম্মাদ(ছঃ) আল্লাহৰ বাৰ্তাবাহক।" এইটো পাঠৰ…
-
হজৰত মহম্মদৰ বংশাৱলী
হজৰত মহম্মদ (জন্ম প্ৰায় ৫৭০, মক্কা, আৰব [বৰ্তমান চৌদি আৰব]—মৃত্যুৰ ৮ জুন, ৬৩২, মদিনা) ইছলামৰ প্ৰতিষ্ঠাপক আৰু কোৰআনৰ ঘোষক আছিল। পৰম্পৰাগতভাৱে তেওঁৰ জন্ম হৈছিল ৫৭০ চনত মক্কাত আৰু মৃত্যু হৈছিল ৬৩২ চনত মদিনাত, য'ত তেওঁ ৬২২ চনত তেওঁৰ অনুগামীসকলৰ সৈতে প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল।
-
আমিনা বিন্ত ৱাহব
আমিনা বিন্ত ৱাহব ( ইংৰাজী: Amina Bint Wahb; মৃত্যু ৫৭৭ খ্ৰীষ্টাব্দত) ইছলামিক নবী হজৰত মুহাম্মদৰ মাতৃ আছিল। তেওঁৰ পিতৃ মদীনাৰ। মদীনালৈ আৰু মক্কালৈ উভতি যোৱাৰ পথত হজৰত মহম্মদৰ (ছয় বছৰ বয়স) কম বয়সতে তেওঁৰ মৃত্যু হয়।
-
আশুৰা
আশুৰা (আশুব়া) হ'ল ইছলাম ধৰ্মৰ এটি স্মৰণীয় দিৱস। প্ৰতি বছৰে ইছলামিক কেলেণ্ডাৰৰ প্ৰথম মাহ মুহৰমৰ দহ তাৰিখে ই অনুষ্ঠিত হয়। ছিয়া মুছলমানসকলৰ মাজত আশুৰা ব্যাপক শোকৰে উদ্যাপন কৰা হয় কাৰণ ৬৮০ খ্ৰীষ্টাব্দত কাৰবালাৰ যুদ্ধৰ সময়ত হুছেইন ইবনে আলী (মহম্মদৰ নাতি)ৰ শিৰশ্ছেদ কৰা হৈছিল।
-
ইজতেমা
ইজতেমা (আৰবী: اجتماع, ইংৰাজী: Ijtema ) হৈছে ইছলামিক সংগঠনসমূহে লাখ লাখ মুছলমানৰ সহযোগত আয়োজন কৰা ইছলামিক মণ্ডলী। ই বিশ্বজুৰি তবলিগী জামাতৰ এক অপৰিহাৰ্য অংশ কাৰণ ই মুছলমানসকলৰ জীৱনত উল্লেখযোগ্য ভূমিকা পালন কৰে, আৰু বিপুল সংখ্যক লোকে ইজতেমাত লিপ্ত হয়। বহু দেশে এই অনুষ্ঠানটো একে ধৰণেৰে উদযাপন কৰে।
-
ইস্তিগফাৰ
ইস্তিগফাৰ (ইংৰাজী: Istighfar; আৰবী: استغفار istiġfār)। ইয়াৰ উপৰিও আস্তাগফিৰুল্লাহ ব্যৱহাৰ কৰা হয়- (ইংৰাজী: Astaghfirullah; আৰবী: أستغفر الله ʾastaġfiru l-lāh)ইয়াৰ অৰ্থ হ'ল আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা।
-
কোৰআনত উল্লেখিত মহিলাসকল
কোৰআনত উল্লেখ কৰা মহিলা সকল হ'ল- হাওআ নুহ(আঃ) আৰু লুত(আঃ)ৰ স্ত্ৰী লুত(আঃ)ৰ কন্যা ইব্ৰাহিম(আঃ)ৰ স্ত্ৰী (ছাৰাহ) আজিজৰ স্ত্ৰী (জুলাইখা) মুছা(আঃ)ৰ মা আৰু ভগ্নী মুছা(আঃ)ৰ স্ত্ৰী ফেৰাউনৰ স্ত্ৰী (আছিয়া) ছবাৰ ৰাণী (বিলকিছ) ইমৰাণৰ স্ত্ৰী মৰিয়ম -ঈছা(আঃ)ৰ মাতৃ মুহাম্মাদ(ছঃ)ৰ স্ত্ৰী মুহাম্মাদ(ছঃ)ৰ কন্যা যি…
-
কোৰআনৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতা
কোৰআনৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতা কোৰআনত বৰ্ণনা কৰা বা দাবী কৰা পৰিঘটনাসমূহৰ ঐতিহাসিকতাৰ প্ৰশ্নটোৰ সৈতে জড়িত। কোৰআনক ইছলামৰ শাস্ত্ৰীয় ভেটি বুলি গণ্য কৰা হয় আৰু মুছলমানসকলে বিশ্বাস কৰে যে ইয়াক আল্লাহে (ঈশ্বৰ) নমাই পঠিয়াইছিল আৰু মুহাম্মাদৰ ওচৰত অৱতীৰ্ণ কৰিছিল ফিৰিস্তা জিব্ৰিয়েল (গেব্ৰিয়েল)য়ে।
-
চীনদেশীয় ইছলামী স্থাপত্য
চীনদেশীয় ইছলামী স্থাপত্য বা চীন-ইছলামী স্থাপত্য, বা চীনদেশৰ ইছলামী স্থাপত্য চীনদেশৰ মূল ভূ-খণ্ড আৰু বহিৰ্ভূত অঞ্চলত বসবাস কৰা মুছলমান জনসাধাৰণৰ স্থাপত্য পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ। এই পৰম্পৰা খ্ৰীষ্টীয় অষ্টম শতিকাৰপৰা বৰ্তমানলৈকে চলি আহিছে।
-
জমাৎ-উল-বিদা
জমাৎ-উল-বিদা (جمعة الوداع বিদায়ৰ শুক্ৰবাৰ, বা al-Jumu'ah al-Yateemah الجمعة اليتيمة বা the orphaned Friday উৰ্দু: বা অল-বিদা জুম্মা) হৈছে ঈদুল ফিতৰ পূৰ্বে ৰমজান (পঞ্জিকা মাহ) মাহৰ শেষ শুক্ৰবাৰ।
-
জানাজাৰ নামাজ
জানাজা এটা বিশেষ প্ৰাৰ্থনা, যিটো কোনো মৃত মুছলিমক কবৰ দিয়াৰ পূৰ্বে অনুষ্ঠিত হয়। সচাৰচৰ এইটো জানাজাৰ নামাজ নামেৰে অভিহিত হয়। মুছলিম অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে এটা ফৰজে কেফায়া বা সমাজৰ বাবে আৱশ্যকীয় দায়িত্ব। কোনো মুছলিমৰ মৃত্যু হ'লে মুছলিম সমাজৰ ফালৰ পৰা জানাজাৰ নামাজ পাঠ কৰা হয়।
-
জাবিবা চিহ্ন
জাবিবা চিহ্ন (Arabic زبيبة zabība, "Raisin") কিছুমান মুছলমান মানুহৰ কপালত কৃত্ৰিম ভাৱে উৎপন্ন এক মাটিয়া ৰঙৰ দাগ বা চিহ্ন যিটো তেওঁলোকে দৈনিক নামাজ পঢ়াৰ সময়ত কপালেৰে মাটি বা নামাজৰ পাটীখন স্পৰ্শ কৰাৰ ঘৰ্ষণৰ ফলত সৃষ্টি হয়।
-
তাক্বৱা
তাক্বৱা (تقوى taqwā / taqwá) হৈছে আল্লাহৰ প্ৰতি সচেতন আৰু সচেতন হোৱাৰ বাবে এটা ইছলামিক শব্দ, সত্যৰ প্ৰতি সচেতন হোৱা, "ধৰ্মপৰায়ণতা, আল্লাহৰ প্ৰতি ভয়।" ইয়াক প্ৰায়ে কোৰআনত পোৱা যায়।
-
পুষনা
পুষনা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ উপৰিও মেঘালয়ৰ গাৰোপাহাৰৰ সমতল ভূমিত বসবাস কৰা দেশী মুছলমানসকলে পুহ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এক পৰ্ব। ইয়াক পুষনে বুলিও কোৱা হয়। এই পৰ্ব মাঘ বিহুৰ সমপৰ্যায়ৰ যদিও এই পৰ্ব পালনৰ সুকীয়া ৰীতি নীতি আছে। পুষনাৰ আগদিনা গাঁৱৰ বিলত সমূহীয়াকৈ গঞা ৰাইজে মাছ মাৰে।
-
প্যাৰাডক্সিক্যাল ছাজিদ
প্যাৰাডক্সিক্যাল ছাজিদ (প্যাৰাডক্সিক্যাল সাজিদ) হৈছে বাংলাদেশী লেখক আৰিফ আজাদৰ দ্বাৰা ৰচিত ইছলাম বিষয়ক উপন্যাসৰ ধাৰাবাহিক। ইছলামিক বিশ্বাসৰ বিৰুদ্ধে বিভিন্ন প্ৰশ্নৰ উত্তৰত সাজিদ নামৰ চৰিত্ৰ এটাৰ টীকাত সজোৱা চুটিগল্পৰ সংকলন।
-
বাবা ৰতন হিন্দী
বাবা ৰতন হিন্দী বা বাবা ৰত্ন আল-হিন্দী (আৰবী: بابا رتن الهندي 'ইংৰাজী: Baba Ratan Hindi) ইছলামিক নবী মুহাম্মদৰ অ-আৰব তথা ভাৰতীয় ছাহাবা, সংগী আছিল বুলি কোৱা হয়। বাবা ৰতনৰ বিষয়ে কোনো প্ৰামাণিক ঐতিহাসিক উল্লেখ পোৱা নাযায়।
-
বিদায় হজ্জৰ ভাষণ
বিদায় হজ্জৰ ভাষণ (আৰবী: خطبةالوداع, ইংৰাজী: The Farewell Sermon ) যাক মুহাম্মদৰ চূড়ান্ত খুদ্বা বা শেষ খুদ্বা বুলিও কোৱা হয়। ইছলামিক নবী মুহাম্মদে শুক্ৰবাৰে ধুআল-হিজ্জা, ১০ হিজ্জা (৬ মাৰ্চ ৬৩২) তাৰিখে আৰাফাত পৰ্বতৰ উৰানা উপত্যকাত প্ৰদান কৰা এটা ধৰ্মীয় ভাষণ ইছলামিক হজ্জৰ তীৰ্থযাত্ৰা।
-
মক্তাব
মক্তাব (Kuttab) মুছলমান বিশ্বৰ এক প্ৰকাৰৰ প্ৰাথমিক বিদ্যালয়। যদিও কুট্টাব মূলতঃ শিশুসকলক পঢ়া, লিখা, ব্যাকৰণ আৰু ইছলামিক অধ্যয়ন, যেনে কোৰান মুখস্থ আৰু আবৃত্তি (কিৰাতকে ধৰি) শিকোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল, তথাপিও অন্যান্য ব্যৱহাৰিক আৰু তাত্ত্বিক বিষয়সমূহো প্ৰায়ে শিকোৱা হৈছিল।
-
মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ
মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ বা অযোধ্যা মছজিদ হৈছে অযোধ্যা বিবাদ গোচৰৰ সৈতে জড়িত ৰায়দানৰ পিছতে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ধনীপুৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট স্থানত নিৰ্মাধিন এখন মছজিদ। মছজিদ আৰু সংশ্লিষ্ট কমপ্লেক্স নিৰ্মাণৰ কাম ভাৰত-ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন (আই আই চি এফ)ৰ ট্ৰাষ্টৰ অধীনত।
-
শ্ববে বৰাত
শ্ববে বৰাত বা মধ্য শ্বাবান ইছলামিক দিনপঞ্জী হিজৰীৰ শ্বাবান মাহৰ ১৪ আৰু ১৫ তাৰিখৰ মাজৰ ৰাতি মুছলমান সকলে উদযাপন কৰা এক উৎসৱ। এই নিশা পৰৱৰ্তী বছৰলৈ ব্যক্তিগত ভাগ্য নিৰূপণ হোৱা আৰু আল্লাহে পাপী সকলৰ পাপ ক্ষমা কৰাৰ ৰাতি হিচাপে গণ্য কৰা হয়।
-
সত্য পীৰ
সত্য পীৰ ( ইংৰাজী: Satya pir ) হৈছে ইছলাম আৰু স্থানীয় ধৰ্মৰ সংমিশ্ৰণেৰে সৃষ্টি হোৱা বংগত পোৱা এক বিশ্বাস পদ্ধতি। বিশেষজ্ঞসকলৰ মতে মুছলমান সত্য পীৰ আৰু হিন্দু সত্যনাৰায়ণে মূলতঃ একে বিশ্বাস আৰু আচাৰ-ব্যৱহাৰক প্ৰতিনিধিত্ব কৰে।
-
হজ আৰু উমৰাৰ মন্ত্ৰালয়
হজ আৰু উমৰাৰ মন্ত্ৰালয় ( Ministry of Hajj and Umrah চমুকৈ, MHU) (আৰবী: وزارة الحج والعمرة) হৈছে ছৌদি আৰৱৰ এটা চৰকাৰী মন্ত্ৰালয় যিয়ে হজ আৰু উমৰাৰ উদ্দেশ্যে দেশত উপস্থিত হোৱা তীৰ্থযাত্ৰীসকলৰ বাবে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা প্ৰদানৰ তদাৰক কৰাৰ লগতে তেওঁলোকৰ নিৰাপদ পৰিবহণ আৰু পবিত্ৰ চহৰ মক্কা আৰু…
-
হজৰত নিজামুদ্দিন দৰগাহ
হজৰত নিজামুদ্দিন দৰগাহ হৈছে ভাৰতৰ দিল্লীৰ নিজামুদ্দিন পশ্চিম অঞ্চলত অৱস্থিত চুফী সন্ত নিজামুদ্দিন আউলিয়াৰ দৰগাহ আৰু মছজিদ কমপ্লেক্স। দৰগাহ বা সমাধিস্থল চুফী মন্দিৰ আৰু প্ৰতি সপ্তাহত হাজাৰ হাজাৰ তীৰ্থযাত্ৰী দৰ্শন কৰে। সন্ধিয়া কাৱৱলী ভক্তিমূলক সংগীত অনুষ্ঠানৰ বাবেও এই স্থানত পৰিচিত।