অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শ্ববে বৰাত

শ্ববে বৰাত বা মধ্য শ্বাবান ইছলামিক দিনপঞ্জী হিজৰীৰ শ্বাবান মাহৰ ১৪ আৰু ১৫ তাৰিখৰ মাজৰ ৰাতি মুছলমান সকলে উদযাপন কৰা এক উৎসৱ। এই নিশা পৰৱৰ্তী বছৰলৈ ব্যক্তিগত ভাগ্য নিৰূপণ হোৱা আৰু আল্লাহে পাপী সকলৰ পাপ ক্ষমা কৰাৰ ৰাতি হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শ্ববে বৰাত বা মধ্য শ্বাবান ইছলামিক দিনপঞ্জী হিজৰীৰ শ্বাবান মাহৰ ১৪ আৰু ১৫ তাৰিখৰ মাজৰ ৰাতি মুছলমান সকলে উদযাপন কৰা এক উৎসৱ।১ এই নিশা পৰৱৰ্তী বছৰলৈ ব্যক্তিগত ভাগ্য নিৰূপণ হোৱা আৰু আল্লাহে পাপী সকলৰ পাপ ক্ষমা কৰাৰ ৰাতি হিচাপে গণ্য কৰা হয়। পৃথিৱীৰ বিভিন্ন অঞ্চলত এই নিশা পূৰ্বপুৰুষৰ বাবে আল্লাহৰ পৰা ক্ষমা বিচাৰি নামাজ আৰু প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়।২ তদুপৰি এই নিশা দ্বাদশবাদী চিয়া মুছলমান সকলে মহম্মদ-আল-মেহদিৰ জন্মদিন পালন কৰে।

ইছলামৰ চালাফি সম্প্ৰদায়ৰ লোকসকলে শ্ববে বৰাতক মান্যতা প্ৰদান নকৰে।৩

নামৰ উৎপত্তি

শ্ববে বৰাতৰ আভিধানিক অৰ্থ অনুসন্ধান। শ্বব ফাৰ্চী শব্দ আৰু ইয়াৰ অৰ্থ ৰাতি বা ৰজনী। বৰাত শব্দটিও মূলতঃ ফাৰ্চী আৰু ইয়াৰ অৰ্থ ভাগ্য। দুই শব্দৰ একত্ৰীকৰণৰ অৰ্থ ভাগ্য-ৰজনী। এই দিন বিশ্বৰ ভিন ভিন ঠাইত ভিন ভিন নামেৰে জনাজাত। ইয়াক মূলতঃ দুই ভাগত ভাগ কৰিব পাৰি:

  • মধ্য শ্বাবান: ই হিজৰী কেলেণ্ডাৰৰ অষ্টম মাহ শ্বাবানৰ নামৰ পৰা আহিছে।
    • নিছফ্ শ্বাবান (نصف شعبان),
    • নিছফু শ্বাবান (نصف شعبان)
    • নিম শ্বাবান
  • বৰাতৰ নিশা: বৰাত আৰবী ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হৈছে মুক্তি।
    • লায়লাট আল-বাৰাত (ليلة البراءة)
    • বেৰাত কান্দিলি (Berâet Kandili)
    • শ্বব এ বাৰাত
    • শ্ববা এ বৰাত (শবে বৰাত)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dinesh Bihari Trivedi; A. H. M. Zehadul Karim. (1990). Law and order in upper India: a study of Oudh, 1856-1877. Northern Book Centre. ISBN 978-81-85119-83-0
  2. ↑ Jamal J. Elias. (1999). Islam: Religions of the world. Psychology Press. ISBN 978-0-415-21165-9
  3. ↑ Muhammad Umar Memon, Aḥmad ibn ʻAbd al-Ḥalīm Ibn Taymīyah. Ibn Taimīya's struggle against popular religion: with an annotated translation of his Kitāb iqtiḍāʾ aṣ-ṣirāṭ al-mustaquīm mukhālafat aṣḥāb al-jaḥīm. Mouton, 1976. ISBN 978-90-279-7591-1

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ববে বৰাত” প্ৰবন্ধৰ সংশোধন ৪৯৫২২৫ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।