অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জানাজাৰ নামাজ

জানাজা এটা বিশেষ প্ৰাৰ্থনা, যিটো কোনো মৃত মুছলিমক কবৰ দিয়াৰ পূৰ্বে অনুষ্ঠিত হয়। সচাৰচৰ এইটো জানাজাৰ নামাজ নামেৰে অভিহিত হয়। মুছলিম অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে এটা ফৰজে কেফায়া বা সমাজৰ বাবে আৱশ্যকীয় দায়িত্ব। কোনো মুছলিমৰ মৃত্যু হ'লে মুছলিম সমাজৰ ফালৰ পৰা জানাজাৰ নামাজ পাঠ কৰা হয়।

হালনাগাদ: ৩০ আগষ্ট ২০১৮ ৩৬৮ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জানাজা এটা বিশেষ প্ৰাৰ্থনা, যিটো কোনো মৃত মুছলমানক কবৰ দিয়াৰ পূৰ্বে অনুষ্ঠিত হয়। সচাৰচৰ এইটো জানাজাৰ নামাজ নামেৰে অভিহিত হয়। মুছলমান অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে এটা ফৰজে কেফায়া বা সমাজৰ বাবে আৱশ্যকীয় দায়িত্ব। কোনো মুছলমানৰ মৃত্যু হ'লে মুছলিম সমাজৰ ফালৰ পৰা জানাজাৰ নামাজ পাঠ কৰা হয়।

জানাজাৰ নামাজ এজন ইমামৰ নেতৃত্বত জামায়াতৰ সৈতে বা দলবদ্ধভাৱে অনুষ্ঠিত হয়। অংশগ্ৰহণকাৰী সকলে শাৰী পাতি থিয় হৈ এই নামাজ আদায় কৰে। এইটো ৪ তাকবিৰৰ নামাজ হোৱা দেখা যায়। গোটেই নামাজ থিয় হৈয়েই আদায় কৰা হয় আৰু ছালাম ফিৰোৱাৰ মাধ্যমেৰে এই নামাজ শেষ হয়। সাধাৰণতে জানাজাৰ নামাজৰ শেষত মুনাজাত বা দুআ কৰাৰ প্ৰয়োজন নাই, কাৰণ নামাজটোৰ মাধ্যমেৰেই মৃতকৰ বাবে দুআ কৰি দিয়া হয় বুলি আলিম সকলৰ মত। জানাজাৰ শেষত মৃতব্যক্তিক অবিলম্বে গোছল কৰাই কাফন কৰা হয় আৰু শেষত গোৰস্থান (কবৰস্থান)লৈ লৈ গৈ মাটিত দাফন কৰা হয়।

মৃত ব্যক্তিৰ গোছল

মৃতক গোছল কৰোৱা ফৰজে কেফায়াহ। যিসকলে মৃত ব্যক্তিক ইছলামিক পদ্ধতিৰ দ্বাৰা গোছল দিব জানে, সিহঁতেই মৃতসকলক গোছলৰ দায়িত্ব ল'ব লাগে। মৃত ব্যক্তিক এনেকুৱা এটা বন্ধ ঠাইলৈ লৈ যোৱা হয় য'ত কোনেও তেখেতক চাব নোৱাৰে। যিসকলে তেখেতক গোছল কৰোৱাৰ কামত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰিব আৰু যিসকলে পৰোক্ষভাৱে সহায় সহযোগিতা কৰিব, সিহঁতৰ বাহিৰে কোনেও মৃত ব্যক্তিৰ ওচৰত যাব নোৱাৰে। লক্ষ্য ৰখা হয় যিয়ে গোছল কৰাব তেখেত সহ অন্য কোনেও যাতে মৃত ব্যক্তিৰ গোপনাংগ দেখা নাপায়, তাৰবাবে মৃত ব্যক্তিৰ গোপনাংগৰ ওপৰত এটি কাপোৰ ৰাখি দি দেহৰ কাপোৰবোৰ খুলি পেলোৱা হয়। তাৰ পাছত তেখেতক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা হয়। নামাজৰ অজুৰ নিচিনাকৈয়েই তেখেতক অজু কৰোৱা হয়। আলিমসকলে কয় যে, মৃত ব্যক্তিৰ নাক-মুখত পানী প্ৰৱেশ নকৰাব; বৰঞ্চ এটি কাপোৰ তিতাই লৈ মৃত ব্যক্তিৰ দাঁতসমূহ আৰু নাকৰ ভিতৰত ঘঁহি পৰিষ্কাৰ কৰি দিব। ইয়াৰ পাছত মৃতকৰ মূৰ ধুৱাই দিয়া হয়। এনেদৰে মৃত ব্যক্তিৰ সমস্ত শৰীৰ পানীৰে ধুই দিয়া হয়। শৰীৰ ধুৱাৰ সময়ত মৃত ব্যক্তিৰ সোঁফালৰ অঙ্গৰ পৰা আৰম্ভ কৰা হয়। পানীত বগৰী গছৰ পাত দিয়া উচিত বুলি ভবা হয়, কিয়নো ই পৰিষ্কালকৰণত সাহায্য কৰে। এই পাতৰ পানীয়েইদি(ফেনা) মৃতকৰ মূৰ, দাড়ি ধুই দিয়া হয়। কিন্তু শেষ বাৰৰ বাবে ধুৱাৰ সময়ত পানীত অলপ কৰ্পূৰ মিহলোৱা হয়। কিয়নো ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম য়ে ছোৱালীৰ গোছল দিয়া মহিলাসকলক কৈছিল, ‘শেষবাৰ ধুৱাৰ সময়ত পানীত অলপ কৰ্পূৰ মিহলাবা’। গোছলৰ শেষত মৃতকৰ শৰীৰৰ পানী মুছি দি তেখেতক কাফনৰ কাপোৰ পিন্ধোৱাব লাগে। ১ ২

কাফন

কোনো মৃত মুছলমান ব্যক্তিক মাটিত দাফন কৰাৰ পূৰ্বতে যি কাপোৰ পিন্ধোৱা হয় তাকেই কাফন নামেৰে অভিহিত। কাফন কৰাৰ পাছতহে জানাজা পঢ়া হয়।

তথ্যসূত্ৰ

  1. ↑ ইমাম মুছলিম উম্মে আত্বিইয়া (ৰাদ্বিআল্লাহু আনহা)ৰ পৰা বৰ্ণিত, ‘জানাজা’ অধ্যায়, হা/৯৩৯।
  2. ↑ জানাজাৰ বিধিবিধান \ লেখকঃ শাইখ মুহাম্মাদ ইবন ছালেহ আল-উছাইমীন ৰহঃ

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানাজাৰ নামাজ” প্ৰবন্ধৰ সংশোধন ১৮২৪৭৯ (৩০ আগষ্ট ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।