দ্য পেৰিছ ৰিভিউ (ইংৰাজী:The Paris Review) হ’ল ইংৰাজী ভাষাৰ এখন তিনিমহীয়া সাহিত্য আলোচনী৷ আলোচনীখন ১৯৫৩ চনত পেৰিছত হেৰল্ড এল. হিউমছ, পিটাৰ মেথিয়েছেন আৰু জৰ্জ প্লিম্পটনে প্ৰতিষ্ঠা কৰিছিল৷১ প্ৰথম পাঁচোটা বছৰত দ্য পেৰিছ ৰিভিউ-এ জেক কেৰোৱাক, ফিলিপ লাৰকিন, ভি. এছ. নাইপল, ফিলিপ ৰথ, টেৰী ছাউডাৰ্ন, ইটালো কেলভিনো, ছেমুৱেল বেকেট, নডাইন গৰ্ডিমাৰ, জ্যঁ জেনেট আৰু ৰবাৰ্ট ব্লাইৰ নতুন সৃষ্টি প্ৰকাশ কৰিছিল৷২
ৰিভিউ-ৰ ‘কৰ্মব্যস্ত লেখক’ (ৰাইটাৰ্ছ এট ৱৰ্ক) শীৰ্ষক কথোপকথনলানিত এজৰা পাউণ্ড, আৰ্নেষ্ট হেমিংৱে, টি. এছ. এলিয়ট, হৰ্হে লুই বৰ্হেছ, ৰাল্ফ এলিছন, ৱিলিয়াম ফকনাৰ, ৰবাৰ্ট ফ্ৰষ্ট, পাবলো নেৰুডা, ৱিলিয়াম কাৰ্লোছ ৱিলিয়ামছ, ভ্লাডিমিৰ নবোকভৰ দৰে প্ৰখ্যাত লেখকৰ সৈতে হোৱা কথোপকথন অন্তৰ্ভুক্ত হৈছে৷২
১৯৭৩ চনত দ্য পেৰিছ ৰিভিউৰ মুখ্য কাৰ্যালয় পেৰিছৰ পৰা নিউ য়ৰ্ক চিটিলৈ স্থানান্তৰিত হয়৷ জৰ্জ প্লিম্পটন প্ৰতিষ্ঠাকালৰপৰা ২੦੦৩ চনত তেওঁৰ মৃত্যুৰ সময়লৈকে আলোচনীখন সম্পাদনা কৰিছিল৷ আলোচনীখনৰ বৰ্তমানৰ সম্পাদক হ’ল এমিলি ষ্ট’কছ৷১২
ইতিহাস
দ্য পেৰিছ ৰিভিউৰ প্ৰতিষ্ঠাপক সম্পাদকসকল হ’ল হেৰল্ড এল. হিউমছ, পিটাৰ মেথিয়েছেন, জৰ্জ প্লিম্পটন, ৱিলিয়াম পেনে ডু বইছ, থমাছ গুইনবাৰ্গ আৰু জন পি. চি. ট্ৰেইন৷২ প্ৰথম প্ৰকাশক আছিল ৰাজকুমাৰ ছদ্ৰুদ্দিন আগা খান৷
প্ৰথমগৰাকী কলা সম্পাদক ডু বইছে পেৰিছ ৰিভিউৰ প্ৰতীক ঈগলটো অংকন কৰিছিল৷ প্ৰতীকটোত ফ্ৰান্স আৰু আমেৰিকা দুয়োখন দেশৰে বৈশিষ্ট্য ধৰা ৰখা হৈছিল৷ এটা আমেৰিকান ঈগলে ভৰিৰে কলম এটা ধৰি আছে৷ ঈগলটোৰ মূৰত ফ্ৰিজিয়ান টুপী৷২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য পেৰিছ ৰিভিউ” প্ৰবন্ধৰ সংশোধন ৫১৯৯৯৭ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।