ডিজিট ৯.৯ মেডিয়াই প্ৰকাশ কৰি উলিওৱা এখন মাহেকীয়া প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ আৰু ইলেকট্ৰনিকচ (অণুবিদ্যুত) সামগ্ৰী সম্পৰ্কীয় আলোচনী। ভাৰতীয় পঢুৱৈ সমীক্ষা IRS 2011ৰ মতে ডিজিটৰ নিয়মীয়া গ্ৰাহক প্ৰায় ২,২৯,০০০ জন। একেটা সমীক্ষাৰ মতে ডিজিট হৈছে ভাৰতৰ সৰ্বাধিক প্ৰচলিত প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় আলোচনী,১আনকি ডিজিটৰ গ্ৰাহকৰ সংখ্যা এনেধৰণৰআন সকলো আলোচনী (যেনে: চিপ, পি. চি. কুৱেষ্ট)ৰ সৰ্বমুঠ গ্ৰাহকৰ সংখ্যাতকৈও বেছি। এই আলোচনীখন ভাৰতৰ উপৰিও উপমহাদেশৰ আন কেইখন দেশ যেনে নেপাল, শ্ৰী লংকা আদিতো বিতৰণ হয়। প্ৰথমে ২০০১ চনত জসোভাই ডিজিটেল মেডিয়াই ডিজিট প্ৰকাশ কৰি উলিয়াইছিল, ২০০৭ চনৰ পৰা ৯.৯ মেডিয়াই ডিজিট প্ৰকাশ কৰিবলৈ লয়।২
আলোচনী
ডিজিট আলোচনীৰ প্ৰতিটো সংখ্যাতে মূল আলোচনীখনৰ উপৰিও দুখন দুইস্তৰ যুক্ত ডিভিডি আৰু ফাষ্ট ট্ৰেক নামৰ আন এক সৰু আলোচনী থাকে। প্ৰতি সংখ্যাই ফাষ্ট ট্ৰেকে নিৰ্দিষ্ট এটা বিষয়(যেনে: ৱেব পাব্লিচিং, মুক্ত উৎসৰ চফ্টৱেৰ, বা কোনো নিৰ্দিষ্ট উৎপাদ যেনে ফ’ট’চপ) আদিৰ ওপৰত আলোকপাত কৰে। ফাষ্ট ট্ৰেক এখনত আলোকপাত কৰা বিষয়টোক সকলো স্তৰৰ ব্যৱহাৰকাৰীৰ দৃষ্টিভংগীৰে আলোচনা কৰা হয়। প্ৰতি বছৰে ডিজিটৰ তিনিটা বিশেষ সংখ্যা প্ৰকাশ পায়: বৰ্ষপুৰ্তি সংখ্যা (জুন), দীপাৱলী সংখ্যা (অক্টোবৰ) আৰু সংগ্ৰাহকৰ সংখ্যা (ডিচেম্বৰ), এই সংখ্যা কেইটা সাধাৰণ সংখ্যাকেটাতকৈ অধিক সম্ভাৰেৰে সমৃদ্ধ হয়। ৩
ডিজিট সমাজ
ডিজিটৰ আলোচনীখনৰ বাহিৰেও ইণ্টাৰনেটত পঢ়ুৱৈ আৰু ডিজিটৰ আন সদস্যৰ বাবে কেবাখনো ঊমৈহতীয়া সামাজিক আলোচনা মঞ্চ আছে, য’ত প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰা হয়, লগতে পঢ়ুৱৈৰ ইলেকট্ৰনিকচ সামগ্ৰীৰ যিকিনো সমস্যাৰ সমাধানো কৰা হয়। তেওঁলোকৰ নিজা ৱেবচাইট হৈছে www.thinkdigit.com৪ তদুপৰি ফেইচবুক৫আৰু টুইটাৰ৬টো ডিজিটৰ দুখন অতি সক্ৰিয় আলোচনা সমাজ আছে। ডিজিটে প্ৰতি মাহে বিভিন্ন প্ৰযিক্তি সম্পৰ্কীয়৭ আলোচনা চক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত কৰে, য’ত ডিজিটে বিভিন্ন সময়ত বিভিন্নজন বিশেষজ্ঞক নিমন্ত্ৰণ কৰে।
ডিজিট বঁটা
ডিজিটে প্ৰতি বছৰে ন-ন প্ৰযুক্তিৰ সামগ্ৰীৰ ঊদ্ভাৱকলৈ বঁটা আগবঢ়াই।
জিৰ’ ৱান এৱাৰ্ড: বছৰটোত ঊদ্ভাৱন হোৱা শ্ৰেষ্ঠ প্ৰযুক্তিৰ সামগ্ৰীলৈ এই বঁটা আগবঢ়োৱা হয়, জিৰ’ ৱান এৱাৰ্ড প্ৰতি বছৰে ডিচেম্বৰ মাহত প্ৰদান কৰা হয়।
আইকণ অৱ ট্ৰাষ্ট: বছৰৰ সকলোতকৈ বিশ্বাসযোগ্য প্ৰযুক্তিৰ ব্ৰেণ্ডলৈ এই বঁটা আগবঢ়োৱা হয়, এই বঁটা বিভিন্ন শাখাত আগবঢ়োৱা হয়, যেনে: লেপটপ, ডেস্কটপ, পি.ডি.এ., মনিটৰ, ইএচ.ডি.টিভি, প্ৰিণ্টাৰ ডিজিটেল কেমেৰা ইত্যাদি।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিজিট (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫৫৪৫২৯ (২১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।