আমেৰিকান কণ্ঠশিল্পী
৬৮ প্ৰবন্ধ
-
মাইকেল জেকচন
মাইকেল জেকচন (Michael Jackson; সম্পূৰ্ণ নাম: মাইকেল জোচেফ জেকচন; ২৯ আগষ্ট ১৯৫৮ – ২৫ জুন ২০০৯) এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী। তেওঁক "কিং অফ পপ" বা "পপ সংগীতৰ ৰজা" হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব অন্যতম হিচাপে জনা যায়।
-
বব ডিলন
বব ডিলন (Bob Dylan) (জন্মগত নাম ৰবাৰ্ট এলেন জিমাৰম্যান, মে ২৪, ১৯৪১) এজন আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি আৰু ডিস্ক জকি যি পাঁচ দশক ধৰি জনপ্ৰিয় ধাৰাৰ সঙ্গীতৰ অন্যতম প্ৰধান ব্যক্তি হিচাবে সুপৰ্ৰিচিত। ডিলনৰ শ্ৰেষ্ঠ গানসমূহৰ মাজত অনেকবোৰ ১৯৬০ দশকত ৰচিত হৈছে।
-
লেডী গাগা
লেডী গাগা, যাৰ প্ৰকৃত নাম ষ্টেফানী জোয়ান এঞ্জেলিনা জাৰ্মানোটা, ১৯৮৬ চনৰ ২৮ মাৰ্চত জন্মগ্ৰহণ কৰে আৰু এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। পেছাদাৰীভাৱে তেওঁ লেডী গাগা নামেৰে পৰিচিত।
-
টেইলৰ ছুইফ্ট
টেইলৰ এলিছন ছুইফ্ট (Taylor Alison Swift, জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৯) হৈছে এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ। কাউণ্ট্ৰী সংগীতত শিক্ষা গ্ৰহণ কৰি তেওঁ "বিগ মেচিন ৰেকৰ্ডছ" ৰ লগত চুক্তিবদ্ধ হয় আৰু চ'নি/এটিভি মিউজিক পাব্লিছিং হাউচএ নিযুক্ত কৰা সৰ্বকনিষ্ঠ গীতিকাৰ হয়।
-
ন’ৰা জ’নছ
ন’ৰা জ’নছ (জন্ম ৩০ মাৰ্চ, ১৯৭৯; জন্ম নাম: গীতালি ন’ৰা শংকৰ) এগৰাকী আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী। তেওঁৰ ইতিমধ্যে ৫০ মিলিয়নতকৈ অধিক সংগীতৰ এলবাম বিশ্বজুৰি বিক্ৰী হোৱাৰ লগতে অলেখ সন্মানৰ অধিকাৰীও হৈছে। ২০০০ ৰ দশকটোত বিলবৰ্ডে তেওঁক শীৰ্ষ জাজ শিল্পীৰ স্থান দিছিল।
-
এমিনেম
মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয় ওৰফে এমিনেম আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰতিভাশালী তথা বিখ্যাত হিপ হ'প গায়ক। D12 দলৰ সদস্য এমিনেমক আমেৰিকান মেগাজিন ৰ'লিং ষ্ট'ন-এ ১০০ জন সৰ্বকালৰ শ্ৰেঠ কলাতকৰ ভিতৰত ৮৩ তম স্থান প্ৰদান কৰি হিপ হ'পৰ ৰজা বুলি আখ্যা দিছে।
-
জেনিফাৰ ল'পেজ
জেনিফাৰ ল'পেজ (English:Jennifer Lopez) এগৰাকী আমেৰিকান অভিনেত্ৰী,প'প গায়িকা,লেখিকা আৰু ফেছন দিজাইনাৰ। তেওঁৰ জন্ম ১৯৬৯ চনৰ ২৪ জুলাইত The bronx নিউই্য়ৰ্কত হয়। তেওঁক J.Lo নামেৰেও জনা যায়।
-
লানা ডেল ৰে
এলিজাবেথ উলৰিজ গ্ৰাণ্ট (ইংৰাজী: Elizabeth Woolridge Grant; জন্ম: ২১ জুন, ১৯৮৫), পেছাগতভাৱে লানা ডেল ৰে নামেৰে পৰিচিত, এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ। তেওঁৰ সংগীত গ্লেমাৰ আৰু ৰোমাঞ্চৰ বিষাদময় অন্বেষণৰ বাবে বিখ্যাত, পপ সংস্কৃতি আৰু ১৯৫০–১৯৭০ চনৰ আমেৰিকানাৰ সঘনাই উল্লেখ কৰা হয়।
-
হুইটনী হাষ্টন
হুইটনী এলিজাবেথ হাষ্টন (আগষ্ট ৯, ১৯৭৩ – ফেব্ৰুৱাৰী ১১, ২০১২) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল আছিল। ২০০৯ চনত গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে তেখেত বিশ্বৰ সবাতোকৈ বেছি পুৰস্কাৰ পোৱা নাৰী।
-
এলভিচ প্ৰেচলি
এলভিচ এৰন প্ৰেচলি (ইংৰাজী: Elvis Aaron Presley; ৮ জানুৱাৰী ১৯৩৫ – ১৬ আগষ্ট ১৯৭৭), যাক "ৰক এণ্ড ৰোলৰ ৰজা" বুলি কোৱা হয়। তেওঁক ২০ শতিকাৰ অন্যতম উল্লেখযোগ্য সাংস্কৃতিক ব্যক্তি হিচাপে গণ্য কৰা হয়।
-
অলিভিয়া ৰড্ৰিগো
অলিভিয়া ইছাবেল ৰড্ৰিগো (ইংৰাজী: Olivia Isabel Rodrigo; জন্ম: ২০ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ আৰু অভিনেত্ৰী। সৰুতে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল; বিজ্ঞাপন আৰু ডাইৰেক্ট-টু-ভিডিঅ’ ছবি এণ আমেৰিকান গাৰ্ল: গ্ৰেচ ষ্টাৰছ আপ চাক্সেছ (২০১৫)ত অভিনয় কৰিছিল।
-
আন্না ফিৎজিউ
আন্না ফিৎজিউ (১ এপ্ৰিল, ১৮৮৭ – ২০ এপ্ৰিল, ১৯৬৭) এজনী আমেৰিকান ছ'প্ৰানো গায়িকা আছিল, যিয়ে বিংশ শতিকাৰ প্ৰাৰম্ভিক সময়ছোৱাত এক সফল আন্তঃৰাষ্ট্ৰীয় অপেৰা জীৱন গঢ়ি তুলিছিল।
-
আমাণ্ডা পামাৰ
আমাণ্ডা মেককিনন পামাৰ (ইংৰাজী: Amanda MacKinnon Palmer; জন্ম: ৩০ এপ্ৰিল ১৯৭৬) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ, সংগীতজ্ঞ আৰু পৰিবেশন শিল্পী। তেওঁ ড্ৰেছডেন ডলছ যুটিৰ মুখ্য কণ্ঠশিল্পী, পিয়ানোবাদক আৰু গীতিকাৰ।
-
ইছি ৰিংগল্ড
আইছোলা "ইছি" ৰিংগল্ড (১৮৮৭ চনৰ মাৰ্চ – ১৫ মে’, ১৯৫২) আছিল এগৰাকী আমেৰিকান ব্লুজ গায়িকা, যিয়ে ১৯২০ আৰু ১৯৩০ৰ দশকত বুৰ্লেস্ক আৰু ভডেভিল কাৰ্যসূচীত প্ৰধানকৈ সূচকধৰ্মী গীত পৰিৱেশন কৰাৰ বাবে পৰিচিত আছিল।
-
এছ জেট এ
সোলানা ইমানি ৰ'ৱে (জন্ম ৮ নৱেম্বৰ, ১৯৮৯, পেছাগতভাৱে SZA নামেৰে জনাজাত) এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ। ডায়েৰিষ্টিক গীতৰ ৰচনা আৰু ধাৰা অন্বেষণৰ বাবে পৰিচিত। তেওঁক সমসাময়িক R&B (আৰ এণ্ড বি) সংগীতক প্ৰভাবিত কৰে।
-
এম বিহোল্ড
এমিলি মাহিন "এম" বিহোল্ড (; জন্ম ২১ জানুৱাৰী, ১৯৯৯) হৈছে এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ। তেওঁ ২০১৭ চনত তেওঁৰ প্ৰথম ইপি ইনফ্ৰাৰেড মুক্তি কৰে। ২০২১ চনত ৰিপাব্লিক ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত তেওঁ ২০২২ চনত মুখ্য লেবেলৰ অধীনত প্ৰথম একক গীত নাম্ব লিটল বাগ মুক্তি লাভ কৰে, যিয়ে তেওঁক ব্যাপক…
-
এমা ৰবাৰ্টছ
এমা ৰোজ ৰবাৰ্টছ (ইংৰাজী: Emma Roberts; জন্ম: ১০ ফেব্ৰুৱাৰী, ১৯৯১) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু প্ৰযোজক। চলচ্চিত্ৰ আৰু টেলিভিছনৰ বিভিন্ন ধাৰাত তেওঁৰ অভিনয়ৰ বাবে পৰিচিত, বিশেষকৈ ভয়ানক আৰু থ্ৰিলাৰ ধাৰাত তেওঁৰ কামে তেওঁক এগৰাকী "চিঞৰ ৰাণী" হিচাপে প্ৰতিষ্ঠা কৰিছে।
-
এমিলি আৰ্মষ্ট্ৰং
এমিলি মাৰ্চিয়া আৰ্মষ্ট্ৰং (Emily Marcia Armstrong; জন্ম: ৬ মে', ১৯৮৬) এগৰাকী আমেৰিকান গায়িকা আৰু গীটাৰিষ্ট। তেওঁ ডেড ছাৰাৰ সহ-প্ৰতিষ্ঠাপক আছিল৷ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত লিংকিন পাৰ্ক পুনৰ সংঘবদ্ধ হোৱা মুহূৰ্তত তেওঁ মুখ্য গায়িকা হিচাপে পৰিচিত হয়৷ বেণ্ডটোৰ এই পুনৰ্মিলন তেওঁলোকৰ দীৰ্ঘদিনীয়া মুখ্য…
-
এলিজাবেথ গিলিজ
এলিজাবেথ ইগান গিলিজ (: Elizabeth Egan Gillies; জন্ম: ২৬ জুলাই, ১৯৯৩), যাক লিজ গিলিজ নামেৰেও জনা যায়, এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ কিশোৰ অৱস্থাতে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০০৮ চনত সংগীত নাটক ১৩-ৰ জৰিয়তে ব্ৰডৱেত আত্মপ্ৰকাশ কৰিছিল।
-
এলেক্সা ডেমী
এলেক্সা ডেমী (ইংৰাজী: Alexa Demie; জন্ম: ) এগৰাকী আমেৰিকান অভিনেত্ৰী। এইচ বি অ’ৰ কিশোৰ ড্ৰামা ধাৰাবাহিক ইউফ’ৰিয়া (২০১৯–বৰ্তমান)-ত হাইস্কুলৰ ছাত্ৰী মেডিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ চৰ্চালৈ আহে।
-
এৰিকা জেইন
এৰিকা গিৰাৰ্ডি (ইংৰাজী: Erika Girardi; জন্ম: ১০ জুলাই, ১৯৭১), যিগৰাকী পেছাগতভাৱে এৰিকা জেইন নামেৰে পৰিচিত, এগৰাকী আমেৰিকান গায়িকা, টেলিভিছন ব্যক্তিত্ব আৰু অভিনেত্ৰী।
-
কে'ট উল্ফ
কে'ট উল্ফ (ইংৰাজী: Kate Wolf; জন্ম: ২৭ জানুৱাৰী, ১৯৪২ – ১০ ডিচেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান লোক-গায়িকা আৰু গীতিকাৰ। তেওঁৰ জন্ম নাম হৈছে কেথৰিন লুইছ এলেন (Kathryn Louise Allen)৷ তেওঁৰ কেৰিয়াৰ তুলনামূলকভাৱে চুটি আছিল যদিও লোক-সংগীতৰ জগতত তেওঁ যথেষ্ট প্ৰভাৱ পেলাইছিল।
-
কেট গ্ৰেহাম
কেটেৰিনা আলেকজেণ্ডাৰ হাৰ্টফোৰ্ড গ্ৰেহাম (জন্ম: ৫ ছেপ্টেম্বৰ, ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী, মডেল আৰু সমাজকৰ্মী। তেওঁ দ্য চি ডব্লিউৰ অতিপ্ৰাকৃতিক নাটক ধাৰাবাহিক দ্য ভেম্পায়াৰ ডায়েৰীছ (২০০৯–২০১৭)ত বনি বেনেটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে জনাজাত।
-
কেট হাডছন
কেট গেৰী হাডছন ( ইংৰাজী: Kate Garry Hudson; জন্ম: ১৯ এপ্ৰিল, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়ক-গীতিকাৰ। গায়ক বিল হাডছন আৰু অভিনেত্ৰী গোল্ডি হনৰ ঘৰত জন্মগ্ৰহণ কৰা হাডছনে ১৯৯৮ চনৰ নাটক ডেজাৰ্ট ব্লুত চলচ্চিত্ৰত অভিষেক ঘটায়, তাৰ পিছত কেইবাখনো ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে।
-
কেটি কাচিডী
কেথেৰিন ইভেলিন অনিতা কাচিডী (ইংৰাজী: Katherine Evelyn Anita Cassidy; জন্ম: ২৫ নৱেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। কেইবাটাও সৰু টেলিভিছন চৰিত্ৰৰ পিছত, তেওঁ হৰৰ ছবি ৱেন এ ষ্ট্ৰেঞ্জাৰ কলছ (২০০৬), ব্লেক খ্ৰীষ্টমাছ (২০০৬)-ত কেলি প্ৰেছলী হিচাপে আৰু হৰৰ ধাৰাবাহিক ছুপাৰনেচাৰেলৰ (২০০৭–২০০৮) তৃতীয়…
-
কেটি পেৰী
কেথেৰিন এলিজাবেথ হাডছন (ইংৰাজী: কেথেৰিন এলিজাবেথ হাডছন; জন্ম: ২৫ অক্টোবৰ, ১৯৮৪), পেছাগতভাৱে কেটি পেৰী নামেৰে পৰিচিত, এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু টেলিভিছন ব্যক্তিত্ব। তেখেতে ইতিহাসৰ অন্যতম বেষ্ট-চেলাৰ সংগীত শিল্পী, বিশ্বজুৰি ১৫১ মিলিয়নতকৈ অধিক ৰেকৰ্ড বিক্ৰী কৰিছে।
-
কেণ্ডিচ কিং
কেণ্ডিচ কিং (ইংৰাজী: Candice King; জন্ম: ১৩ মে', ১৯৮৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ দ্য ভেম্পায়াৰ ডায়েৰীছ আৰু ইয়াৰ স্পিন-অফ ধাৰাবাহিক দ্য অৰিজিনেলছ আৰু লেগেচিছত কেৰ'লিন ফৰ্বছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে অধিক পৰিচিত।
-
কেনি ৰজাৰচ্
কেনেথ ৰে ৰজাৰ্ছ জন্মগত নাম কেনেথ ডোনাল্ড ৰজাৰ্ছ। জন্ম হৈছিল ২১ আগষ্ট, ১৯৩৮ চনত আৰু মৃত্যু হৈছিল ২০ মাৰ্চ, ২০২০ চনত। তেওঁ এগৰাকী আমেৰিকাৰ গায়ক আৰু গীতিকাৰৰ লগতে অভিনেতাও আছিল। ২০১৩ চনত তেওঁক কাণ্ট্ৰী মিউজিক হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।
-
ক্ল’ই বেইলী
ক্ল’ই এলিজাবেথ বেইলী (ইংৰাজী: Chloe Elizabeth Bailey; জন্ম: ১ জুলাই, ১৯৯৮), যাক কেৱল Chlöe নামেৰেও জনা যায়, এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনেত্ৰী। তেওঁ নিজৰ ভগ্নী হেলি বেইলীৰ সৈতে 'ক্ল’ই এক্স হেলি' হিচাপে জনপ্ৰিয়তা অৰ্জন কৰে।
-
ক্ৰিষ্টিনা এগুইলেৰা
ক্ৰিষ্টিনা মাৰিয়া এগুইলেৰা (জন্ম: ১৮ ডিচেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব। তেখেতে হুইচেল ৰেজিষ্টাৰলৈকে বিস্তৃত চাৰি অষ্টক কণ্ঠৰ পৰিসৰ, কলাত্মক পুনৰ উদ্ভাৱন আৰু সংগীতত বিতৰ্কিত বিষয়-বস্তু অন্তৰ্ভুক্ত কৰাৰ বাবে বিখ্যাত।