অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এৰিকা জেইন

এৰিকা গিৰাৰ্ডি (ইংৰাজী: Erika Girardi; জন্ম: ১০ জুলাই, ১৯৭১), যিগৰাকী পেছাগতভাৱে এৰিকা জেইন নামেৰে পৰিচিত, এগৰাকী আমেৰিকান গায়িকা, টেলিভিছন ব্যক্তিত্ব আৰু অভিনেত্ৰী।

হালনাগাদ: ৯ মাৰ্চ ২০২৬ ৭৮৫ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

এৰিকা গিৰাৰ্ডি (ইংৰাজী ভাষা: Erika Girardi; জন্ম: ১০ জুলাই, ১৯৭১),১ যিগৰাকী পেছাগতভাৱে এৰিকা জেইন নামেৰে পৰিচিত, এগৰাকী আমেৰিকান গায়িকা, টেলিভিছন ব্যক্তিত্ব আৰু অভিনেত্ৰী।২

প্ৰাৰম্ভিক জীৱন

এৰিকা গিৰাৰ্ডিৰ জন্ম হৈছিল ১৯৭১ চনত ১০ জুলাইত জৰ্জিয়াৰ আটলাণ্টাত।৩ তেওঁৰ মাতৃ আছিল ৰেনী চাহয়।৪ এৰিকাৰ বয়স যেতিয়া মাত্ৰ ৯ মাহ আছিল, তেতিয়াই তেওঁৰ পিতৃয়ে তেওঁলোকক এৰি গুচি গৈছিল। তেওঁ নৰ্থ আটলাণ্টা হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৮ বছৰ বয়সত তেওঁ নিউয়ৰ্ক চহৰলৈ গুচি যায়।৫

কৰ্মজীৱন

অভিনয় আৰু ৰিয়েলিটি টেলিভিছন

এনবিচিৰ আইনী ড্ৰামা ধাৰাবাহিক ল এণ্ড অৰ্ডাৰৰ প্ৰথম ছিজনত তেওঁ দুবাৰকৈ অভিনয় কৰিছিল যদিও তাৰ বাবে তেওঁক কৃতিত্ব দিয়া হোৱা নাছিল। ইয়াৰে "প্ৰেছক্ৰিপচন ফৰ ডেথ" নামৰ প্ৰথমটো খণ্ডত তেওঁ প্ৰথমগৰাকী হত্যাকাণ্ডৰ বলি হোৱা চৰিত্ৰ চুজান মৰ্টন আৰু "দ্য ভায়োলেঞ্চ অৱ ছামাৰ" খণ্ডত টিম প্ৰুইটিংৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল।৬ তেওঁ এলকেমি (১৯৯৫) আৰু লোবল (১৯৯৬) নামৰ স্বতন্ত্ৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল।৭৮

২০১৫ চনত তেওঁ ব্ৰাভোৰ ৰিয়েলিটি টেলিভিছন শ্ব' দ্য ৰিয়েল হাউচৱাইভছ অৱ বেভাৰ্লি হিলছৰ ষষ্ঠ ছিজনত অভিনয় শিল্পী হিচাপে যোগদান কৰে।৯ দ্য নিউয়ৰ্ক টাইমছৰ অনুমান অনুসৰি ২০২১ চনত এই শ্ব'টোৰ ১১সংখ্যক ছিজনৰপৰা তেওঁ ৬,০০,০০০ ডলাৰতকৈও অধিক উপাৰ্জন কৰিছিল।১০

২০১৬ চনৰ ডিচেম্বৰ মাহত তেওঁ দ্য ইয়ং এণ্ড দ্য ৰেষ্টলেছত তেওঁৰ পূৰ্বৰ ৰিয়েল হাউচৱাইভছৰ সহ-শিল্পী আইলিন ডেনিছনৰ সৈতে অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। ২০১৭ চনত এটা খণ্ডত আৰু ২০১৮ চনত দুটা খণ্ডত তেওঁ ৰিয়েল এষ্টেট এজেণ্ট ফাৰাহ ডাবোজৰ চৰিত্ৰত পুনৰ অভিনয় কৰিবলৈ আহে।১১

২০১৭ চনত তেওঁ ডান্সিং উইথ দ্য ষ্টাৰ্ছৰ ২৪সংখ্যক ছিজনত প্ৰতিযোগিতা কৰিছিল। তেওঁ আৰু তেওঁৰ সংগী গ্লেব চাভচেঙ্কো পঞ্চম সপ্তাহত প্ৰতিযোগিতাৰপৰা বাহিৰ হৈছিল।১২

তেওঁ ২০১৭১৩ আৰু ২০১৮১৪ চনৰ আমেৰিকান মিউজিক এৱাৰ্ডছৰ ৰেড কাৰ্পেটৰ আঁতধৰোঁতা আছিল। তেওঁ ২০১৮ চনৰ বিলবৰ্ড মিউজিক এৱাৰ্ডছৰ প্ৰাক-অনুষ্ঠানৰ (pre-show) সহ-আঁতধৰোঁতা আছিল।১৫

২০১৮ চনত তেওঁ লিপ ছিংক বেটলত অংশগ্ৰহণ কৰিছিল আৰু টে ডিগছৰ হাতত পৰাজিত হৈছিল।১৬

২০১৯ চনত ব্ৰডৱে থিয়েটাৰৰ সংগীত নাটক চিকাগোত তেওঁক ৰক্সী হাৰ্টৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰা হয়। ২০২০ চনৰ ৬ জানুৱাৰীত এম্বেচেডৰ থিয়েটাৰত তেওঁ আত্মপ্ৰকাশ কৰিছিল আৰু ২৯ মাৰ্চলৈকে এই শ্ব'টোৰ সৈতে থকাৰ কথা আছিল। কিন্তু ক'ভিড-১৯ অতিমাৰীৰ বাবে প্ৰযোজনা বন্ধ হৈ যায় আৰু ১১ মাৰ্চত তেওঁৰ অন্তিমটো অনুষ্ঠান অনুষ্ঠিত হয়।১৭ ২০২৫ চনৰ ২০ জানুৱাৰীত জেইনে এম্বেচেডৰ থিয়েটাৰত তিনি সপ্তাহৰ বাবে পুনৰ হাৰ্টৰ চৰিত্ৰত অভিনয় কৰে, যিটো পৰৱৰ্তী সময়ত আৰু দুই সপ্তাহলৈ অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হয়।১৮

২০২৩ চনৰ পেৰিছ ফেশ্বন উইকৰ কেনজো ফেশ্বন শ্ব'ত জেইন
২০২৩ চনৰ পেৰিছ ফেশ্বন উইকৰ কেনজো ফেশ্বন শ্ব'ত জেইনছবি: Erika Girardi · CC BY-SA 4.0

২০২৪ চনৰ মাৰ্চ মাহত ব্ৰাভোৱে এৰিকা জেইন: বেট ইট অল অন ব্লণ্ড নামৰ দুটা খণ্ডৰ এখন তথ্যচিত্ৰ সম্প্ৰচাৰ কৰে।

সংগীত

তেওঁৰ আত্মজীৱনী প্ৰিটি মেছৰ মতে, সংগীত প্ৰযোজক পিটাৰ ৰাফেলছনে তেওঁৰ নামটো সলাই "এৰিকা জেইন" ৰখাৰ ধাৰণা দিছিল।১৯ জেইনৰ প্ৰথমটো একক গীত "ৰোলাৰ কোষ্টাৰ" ২০০৭ চনৰ ১ জানুৱাৰীত মুক্তি পাইছিল। গীতটোৱে বিলবোৰ্ড হট ডান্স ক্লাব প্লে' চাৰ্টত প্ৰথম স্থান দখল কৰিছিল। ২০০৯ চনৰ আগষ্ট মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত জেইনৰ প্ৰথমটো এলবাম প্ৰিটি মেছ মুক্তি পায়।২০ তেওঁ ২০১০ চনৰপৰা ২০১৮ চনলৈকে কেইবাটাও একক গীত মুক্তি দিছিল, যাৰ ভিতৰত "পেইনকিলাৰ" আৰু "হাউ মেনি ফাকছ" শীৰ্ষস্থানত আছিল।

তেওঁৰ সংগীত জীৱনত জেইনে কেইবাটাও গে নাইট ক্লাব আৰু এলজিবিটি গৌৰৱ যাত্ৰাৰ (LGBT pride) অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, যাৰ ভিতৰত এল এ প্ৰাইড অন্যতম। ২০১৮ চনত তেওঁ তেওঁৰ প্ৰথমটো কনচাৰ্ট ট্যুৰ এৰিকা জেইন প্ৰেজেণ্টছ: দ্য প্ৰিটি মেছ ট্যুৰ আৰম্ভ কৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৩খন চহৰ ভ্ৰমণ কৰে। ২০২৩ চনৰ এপ্ৰিলত তেওঁ মান্দালে বে'ৰ হাউচ অৱ ব্লুজত বেট ইট অল অন ব্লণ্ড নামৰ লাছ ভেগাছ কনচাৰ্ট ৰেচিডেন্সীৰ কথা ঘোষণা কৰে,২১ যিটো ২০২৩ চনৰ আগষ্টৰপৰা ডিচেম্বৰলৈ নিৰ্বাচিত সপ্তাহান্তত চলিছিল।২২

ব্যক্তিগত জীৱন আৰু আইনী সমস্যা

নিউয়ৰ্কত থকাৰ সময়তে তেওঁ থমাছ জিজোক লগ পাইছিল,২৩ যি মানহাটানৰ এটা ক্লাবত ডিজে হিচাপে কাম কৰিছিল। ১৯৯১ চনৰ ডিচেম্বৰ মাহত ছেইণ্ট পেট্ৰিক কেথেড্ৰেলত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। ইয়াৰ কিছুসময়ৰ পাছতে তেওঁ এজন পুত্ৰ সন্তান থমাছ জিজো জুনিয়ৰৰ জন্ম দিয়ে। তেওঁ লছ এঞ্জেলছৰ এজন আৰক্ষী বিষয়া।২৪ ১৯৯৬ চনত এই দম্পতীৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত তেওঁ গায়িকা হোৱাৰ সপোন লৈ লছ এঞ্জেলছলৈ গুচি আহে।২৫

২০০০ চনৰ জানুৱাৰীত তেওঁ লছ এঞ্জেলছৰ ব্যক্তিগত আঘাতৰ অধিবক্তা (personal-injury attorney) থমাছ গিৰাৰ্ডিক বিয়া কৰায়, যি তেওঁতকৈ ৩৩ বছৰ ডাঙৰ আছিল আৰু ইতিপূৰ্বে তেওঁৰ দুবাৰকৈ বিবাহ বিচ্ছেদ হৈছিল। তেওঁলোকে ১৯৯৮ চনত লগ পাইছিল যেতিয়া এৰিকাই লছ এঞ্জেলছৰ এখন ৰেষ্টুৰেণ্টত 'ককটেইল ওৱেইট্ৰেছ' হিচাপে কাম কৰিছিল।২৬২৭ এৰিন ব্ৰকভিচৰ গোচৰটো জয়ী হোৱাত সহায় কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত আছিল।১০

২০২০ চনৰ নৱেম্বৰ মাহত তেওঁ গিৰাৰ্ডিৰপৰা পৃথক হোৱাৰ কথা ঘোষণা কৰে আৰু বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে।২৮ বিবাহ বিচ্ছেদৰ ঘোষণাৰ এমাহ পিছত ২০১৮ চনৰ লায়ন এয়াৰ ফ্লাইট ৬১০ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ বাবে আবণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয়।২৯৩০ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে সম্পত্তি লুকুৱাবলৈ তেওঁলোকে এই ভুৱা বিবাহ বিচ্ছেদৰ আশ্ৰয় লৈছে।৩১ ২০২০ চনৰ ডিচেম্বৰ মাহত চিকাগোৰ এখন আইন ফাৰ্মে এৰিকাক অনলাইনত ডিজাইনাৰ কাপোৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনায় যাতে গ্ৰাহকৰ ২ নিযুত ডলাৰ ঘূৰাই পোৱাত সুবিধা হয়।৩২

২০২০ চনৰ ১৭ ডিচেম্বৰত লছ এঞ্জেলছ টাইমছৰ এটা প্ৰবন্ধত অভিযোগ কৰা হৈছিল যে থমাছ গিৰাৰ্ডিয়ে অসহায় গ্ৰাহকৰপৰা লাখ লাখ ডলাৰ চুৰি কৰিছে আৰু ২০ নিযুত ডলাৰতকৈও অধিক ধন ইজে গ্লোবেল নামৰ কোম্পানীটোলৈ প্ৰেৰণ কৰিছে, যিটো কোম্পানী এৰিকাৰ মনোৰঞ্জন আৰু সংগীত কেৰিয়াৰৰ বাবে স্থাপন কৰা হৈছিল।৩৩ এই দম্পতীটোৰ চৰ্চিত আইনী সমস্যাসমূহৰ ওপৰত ভিত্তি কৰি ২০২১ চনৰ ১৪ জুনত হুলু যোগে দ্য হাউচৱাইফ এণ্ড দ্য হাষ্টলাৰ নামৰ এখন তথ্যচিত্ৰ মুক্তি দিয়া হয়।৩৪ ২০২৪ চনৰ ফেব্ৰুৱাৰীত ইয়াৰ পৰৱৰ্তী খণ্ড দ্য হাউচৱাইফ এণ্ড দ্য হাষ্টলাৰ ২: দ্য ৰেকনিং মুক্তি দিয়া হয়।৩৫

তথ্যসূত্ৰ

  1. ↑ Erika Jayne. BBC
  2. ↑ Agard, Chancellor. (December 15, 2015). Newest Beverly Hills Housewives Erika Girardi Teases Run-In with Bethenny Frankel: She 'Kind of Let Me Have It'. People
  3. ↑ Collar, Matt. Erika Jayne Biography. AllMusic
  4. ↑ (March 8, 2017). Erika Girardi Hopes Her Relationship with Her Mom Is Something People 'Will Be Able to Relate To'. Bravo
  5. ↑ Erika Girardi on Painful Past — and Realizing She Was in a 'Wealthy Coma' After Marriage. people.com
  6. ↑ Erika Jayne's 'Pretty Mess': 7 Revelations From 'The Real Housewives of Beverly Hills' Star's Memoir. Entertainment Tonight
  7. ↑ Low Ball (1997). Rotten Tomatoes
  8. ↑ Alchemy (1995). Rotten Tomatoes
  9. ↑ (March 9, 2016). A conversation with 'Real Housewives' star Erika Girardi, our latest reality TV obsession. Los Angeles Times
  10. ↑ Goldstein, Matthew; Rosman, Katherine. (October 9, 2021). The Real Trials of a 'Real Housewife'. The New York Times
  11. ↑ (2018-05-02). Get Ready, Genoa City: Erika Girardi Is Returning to The Young and the Restless in a Major Way!. E! Online
  12. ↑ DWTS: Erika Girardi Eliminated, Was Broken Before Final Breakthrough Performance. Peoplemag
  13. ↑ (2017-11-20). Erika Jayne Slayed the American Music Awards Looking Ultra Glam and Chatting with A-Listers .. and We Still Haven't Recovered. Bravo TV Official Site
  14. ↑ Glicksman, Josh. (2018-10-04). Jessie James Decker, Erika Jayne & More to Host 2018 American Music Awards Red Carpet Pre-Show. Billboard
  15. ↑ (2018-05-21). Erika Jayne Got Revenge on Andy Cohen at the 2018 Billboard Music Awards. Bravo TV Official Site
  16. ↑ (2018-02-20). Has the "Very Cool" Erika Jayne Forgiven Taye Diggs?. Bravo TV Official Site
  17. ↑ (2024-03-28). Erika Jayne On Stage. New York Theatre Guide
  18. ↑ (2025-01-28). Real Housewives of Beverly Hills' Erika Jayne Extends Return Engagement in Broadway's Chicago. Playbill
  19. ↑ Erika Jayne's 'Pretty Mess': 7 Revelations From 'The Real Housewives of Beverly Hills' Star's Memoir Entertainment Tonight. www.etonline.com
  20. ↑ (2012-02-01). Spotlight On Erika Jayne. Billboard
  21. ↑ (April 19, 2023). Erika Jayne Announces Las Vegas Residency. Paper Magazine
  22. ↑ Gray, Mark. 'RHOBH' Star Erika Jayne Kicks Off Provocative Las Vegas Residency: 'It's a New Life'. Peoplemag
  23. ↑ Cardoza, Riley. (May 5, 2020). Erika Jayne Shares Rare Pic of Son Tommy: 'People Say We Look Alike'. Us Weekly
  24. ↑ Slater, Georgia. RHOBH's Erika Girardi Defends Son Who Is a Cop on Social Media: 'His Job Is to Protect All'. Peoplemag
  25. ↑ (2015). Erika Girardi Biography. Bravo. Bravo TV
  26. ↑ (November 13, 2020). RHOBH: A Look Into Erika Jayne's 'Unconventional' Marriage With Thomas Girardi. ScreenRant
  27. ↑ A Timeline of Erika & Tom Girardi's Relationship, from Friendship to Fame to a Surprise Split. Peoplemag
  28. ↑ Sobol, Beth; Williams, Amanda. (November 3, 2020). Real Housewives of Beverly Hills Erika Jayne and Tom Girardi Break Up After 21 Years Together. E! Online
  29. ↑ (December 14, 2020). Judge freezes assets of famed L.A. lawyer Tom Girardi, citing millions unpaid to clients. Los Angeles Times
  30. ↑ Tom Girardi sued by Indonesia's Lion air crash families over claims US lawyer embezzled millions of their settlement funds ABC News, June 5, 2021. Retrieved June 5, 2021
  31. ↑ Yasharoff, Hannah. Erika Jayne, Tom Girardi accused of 'sham' divorce announcement to hide from embezzlement lawsuit. USA Today
  32. ↑ Seidel, Jon. (December 18, 2020). Chicago law firm wants contempt order enforced against Erika Jayne of 'Real Housewives'. Chicago Sun-Times
  33. ↑ (December 17, 2020). The legal titan and the 'Real Housewife': The rise and fall of Tom Girardi and Erika Jayne. Los Angeles Times
  34. ↑ Erika and Tom Girardi's Legal Troubles Examined in The Housewife and the Hustler: Biggest Moments. People
  35. ↑ (January 31, 2024). L.A. Times Studios and ABC News Studios announce 'The Housewife and the Hustler 2: The Reckoning' documentary. Los Angeles Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কণ্ঠশিল্পীআমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰিকা জেইন” প্ৰবন্ধৰ সংশোধন ৫৮৬৪১৩ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।