অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আন্না ফিৎজিউ

আন্না ফিৎজিউ (১ এপ্ৰিল, ১৮৮৭ – ২০ এপ্ৰিল, ১৯৬৭) এজনী আমেৰিকান ছ'প্ৰানো গায়িকা আছিল, যিয়ে বিংশ শতিকাৰ প্ৰাৰম্ভিক সময়ছোৱাত এক সফল আন্তঃৰাষ্ট্ৰীয় অপেৰা জীৱন গঢ়ি তুলিছিল।

হালনাগাদ: ১ মাৰ্চ ২০২৬ ৩৪৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আন্না ফিৎজিউ (১ এপ্ৰিল, ১৮৮৭ – ২০ এপ্ৰিল, ১৯৬৭) এজনী আমেৰিকান ছ'প্ৰানো গায়িকা আছিল, যিয়ে বিংশ শতিকাৰ প্ৰাৰম্ভিক সময়ছোৱাত এক সফল আন্তঃৰাষ্ট্ৰীয় অপেৰা জীৱন গঢ়ি তুলিছিল।১ তেওঁৰ স্বাক্ষৰ ভূমিকাসমূহৰ ভিতৰত লামোৰে দেই ত্ৰে ৰেত ফিওৰা, লা বোহেমত মিমি, পাগলিয়াচ্চিত নেদ্দা আৰু ইসাবেউ, মাদামা বাটাৰফ্লাই আৰু তোস্কাৰ মুখ্য চৰিত্ৰসমূহ অন্তৰ্ভুক্ত আছিল। সংগীত জীৱন শেষ হোৱাৰ পাছত তেওঁ কণ্ঠশিল্প শিক্ষয়িত্ৰী হিচাপে দ্বিতীয় জীৱিকা আৰম্ভ কৰে। তেওঁৰ উল্লেখযোগ্য ছাত্ৰীসকলৰ ভিতৰত অপেৰা গায়িকা শাৰ্লি ভেৰেট অন্যতম।

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

“আন্না ফিৎজহিউ” হিচাপে ''দ্য উইজাৰ্ড'' (১৯০৩)
“আন্না ফিৎজহিউ” হিচাপে দ্য উইজাৰ্ড (১৯০৩)ছবি: Windealt, Chicago · Public domain

তেওঁ ১৮৮৭ চনৰ ১ এপ্ৰিলত পশ্চিম ভাৰ্জিনিয়াৰ হাণ্টিংটনত আন্না পাওৱেল নামে জন্মগ্ৰহণ কৰে। ১৯০২ চনত তেওঁ নিউয়ৰ্ক চহৰত কোৰাছ গাৰ্ল আৰু সংগীতানুষ্ঠানৰ একক গায়িকা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ “আন্না ফিৎজহিউ” নামেৰে কাম কৰিছিল। ১৯০৩ চনৰ আৰম্ভণিতে তেওঁ চিকাগোলৈ গৈ সংগীতধৰ্মী কৌতুক নাটক দ্য উইজাৰ্ডত কেইবাটাও সৰু চৰিত্ৰত অভিনয় কৰে। ১৯০৪ চনলৈকে তেওঁ চিকাগোত থাকি ব্যাৰোনেছ ফিডলষ্টিক্স আৰু ছাৰ্জেণ্ট ব্ৰু আদি অপেৰেটা আৰু সংগীত কৌতুক নাটকত মুখ্য ভূমিকাত অভিনয় কৰে। ১৯০৫ চনৰপৰা ১৯০৬ চনলৈকে তেওঁ আমেৰিকান ভডেভিল মঞ্চত অভিনয় কৰে।২

অপেৰা জীৱন

১৯০৬ চনত ফিৎজিউ পেৰিছলৈ গৈ কেইবাবছৰ ধৰি উইলিয়াম থৰ্ণৰ তলত সংগীত শিক্ষা গ্ৰহণ কৰে। ১৯১০ চনত মিলানৰ তিয়াত্ৰো দাল ভেৰমে-ত ৰিখাৰ্ড ৱাগ্নাৰৰ লোহেংগ্ৰিন অপেৰাত এলছা চৰিত্ৰত অভিনয় কৰি তেওঁ “আন্না ফিৎজিউ” নামেৰে অপেৰা মঞ্চত আত্মপ্ৰকাশ কৰে।১ পিছৰ পাঁচ বছৰ তেওঁ ইটালীত থাকি ৰোম অপেৰা গৃহ, তিয়াত্ৰো দি চান কাৰ্লো, তিয়াত্ৰো মাস্সিমো আৰু লা ফেনিচে আদি অপেৰা গৃহত মুখ্য ভূমিকাত অভিনয় কৰে। তেওঁ মেক্সিকো চহৰৰ পালাছিও দে বেল্লাস আৰ্তেছ আৰু বুৱেনছ আয়াৰেছৰ তিয়াত্ৰো কোলোনতো অভিনয় কৰে।২

১৯১৫ চনত তেওঁ নিউয়ৰ্কৰ মেট্ৰোপলিটান অপেৰাৰ সৈতে স্বল্পম্যাদী চুক্তি কৰে। ১৯১৬ চনৰ ২৮ জানুৱাৰীত এন্ৰিকে গ্ৰানাদোসৰ গোয়েস্কাছ অপেৰাৰ বিশ্বপ্ৰিমিয়াৰত ৰোজাৰিও চৰিত্ৰত অভিনয় কৰি তেওঁ আত্মপ্ৰকাশ কৰে।৩ এইটোৱেই মেটত তেওঁৰ একমাত্ৰ চৰিত্ৰ আছিল, যদিও তেওঁ কিছুমান ৰবিবাৰৰ নিশাৰ সংগীতানুষ্ঠানতো অংশগ্ৰহণ কৰে। ১৯১৬ চনত তেওঁ নিউ অৰ্লিন্স অপেৰাৰ সৈতে যুক্ত হয়।

১৯১৭ চনৰপৰা ১৯১৯ চনলৈকে তেওঁ চিকাগো অপেৰা এছ’চিয়েচনৰ মুখ্য ছ'প্ৰানো আছিল। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত হেন্ৰী কিম্বল হ্যাডলিৰ আজোৰা, দ্য ডটাৰ অৱ মণ্টেজুমাৰ বিশ্বপ্ৰিমিয়াৰত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰে। ১৯১৯ চনত আলফ্ৰেদো কাতালানিৰ ল'ৰেলেই অপেৰাৰ যুক্তৰাষ্ট্ৰীয় প্ৰথম মঞ্চায়নত তেওঁ মুখ্য চৰিত্ৰ ৰূপে অভিনয় কৰে। ১৯২২ চনৰপৰা ১৯২৬ চনলৈকে তেওঁ চিকাগো চিভিক অপেৰাৰ সৈতে সংগীত পৰিৱেশন কৰে। ১৯২১ আৰু ১৯২৬ চনত তেওঁ চান কাৰ্লো অপেৰা কোম্পানীৰ সৈতে যুক্তৰাষ্ট্ৰজুৰি ভ্ৰমণ কৰে।২ ১৯২৪ চনৰ ৬ নৱেম্বৰত ফিলাডেলফিয়া চিভিক অপেৰা কোম্পানীৰ প্ৰথম প্ৰদৰ্শনত তেওঁ লা বোহেম-ত মিমি চৰিত্ৰ গায়।৪ ১৯২০-ৰ দশকৰ আৰম্ভণিতে তেওঁ ৰাভিনিয়া উৎসৱতো অভিনয় কৰে আৰু ১৯২৪ চনত হাভানা অপেৰাত ওতেল্লোত দেছদেমোনা চৰিত্ৰত অভিনয় কৰে।১

কণ্ঠশিল্প শিক্ষয়িত্ৰী হিচাপে কৰ্ম আৰু অন্তিম জীৱন

১৯২৭ চনত মানসিক অসুস্থতাৰ বাবে তেওঁ মঞ্চজীৱন ত্যাগ কৰে। ১৯২৯ চনত তেওঁ নিউয়ৰ্কত ব্যক্তিগতভাৱে কণ্ঠশিল্প শিক্ষা দিয়াৰ কাম আৰম্ভ কৰে।৫ পিছলৈ তেওঁ চিকাগো আৰু তাৰ পাছত লছ এঞ্জেলেছত জীৱনৰ অন্তিম দিনলৈকে সংগীত শিক্ষা দিয়ে। তেওঁৰ উল্লেখযোগ্য ছাত্ৰীসকলৰ ভিতৰত শাৰ্লি ভেৰেট অন্যতম।৬

তেওঁ ১৯৬৭ চনৰ ২০ এপ্ৰিলত কেলিফৰ্ণিয়াৰ হলিউডত ৮০ বছৰ বয়সত মৃত্যুবৰণ কৰে।১

ব্যক্তিগত জীৱন

১৯২০ চনত তেওঁ আন্দ্ৰেছ দে সেগুৰোলাৰ সৈতে বাগদান কৰে, কিন্তু তেওঁলোকৰ বিবাহ সম্পন্ন নহ’ল।৭ তাৰ পিছত তেওঁ ডা° জন জে. হাৰ্টিৰ সৈতে বিবাহ কৰে; স্বামীজন তেওঁৰ পূৰ্বেই মৃত্যুবৰণ কৰে।১

তথ্যসূত্ৰ

  1. ↑ (April 22, 1967). Anna Fitziu, 80, Opera Soprano Early in Century, Dies on Coast. The New York Times
  2. ↑ Fitziu, Anna biography at operissimo.com (in German)
  3. ↑ (January 28, 1916). Metropolitan Opera House: January 28, 1916. Metropolitan Opera House
  4. ↑ New York Public Library for the Performing Arts: Folder: Philadelphia Civic Opera Company
  5. ↑ (January 25, 1929). Once Opera Star, Teaches Voice Free. Anna Fitziu, Forced to Quit the Metropolitan After a Breakdown, Aids Girls.. The New York Times
  6. ↑ Pg 667 - Smith, Jessie Carney. (1996). Notable Black American women, Volume 2. Verlag für die Deutsche Wirtschaft AG. ISBN 0-8103-9177-5 - Total pages: 1334
  7. ↑ (November 22, 1920). Opera Stars To Marry. Miss Anna Fitziu and Andreas de Segurola Announce Engagement.. The New York Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না ফিৎজিউ” প্ৰবন্ধৰ সংশোধন ৫৮৩৭৪০ (১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।