আমেৰিকান কণ্ঠশিল্পী
৬৮ প্ৰবন্ধ
-
ক্ৰীষ্টিন ফান
ক্ৰীষ্টিন ফান ৱেই-চি (ইংৰাজী: Christine Fan; জন্ম: ১৮ মাৰ্চ, ১৯৭৬), যাক তেওঁৰ জনপ্ৰিয় উপনাম ফানফ্যান নামেৰেও জনা যায়, এগৰাকী আমেৰিকান গায়িকা আৰু দূৰদৰ্শনৰ আঁতধৰোঁতা। তেওঁ মূলতঃ টাইৱানত থাকি নিজৰ কেৰিয়াৰ চলাই আহিছে।
-
ক্ৰীষ্টিনা পেৰী
ক্ৰীষ্টিনা জুডিথ পেৰী (জন্ম ১৯ আগষ্ট ১৯৮৬) এগৰাকী আমেৰিকান গায়িকা আৰু গীতকাৰ। তেওঁৰ ডেবিউ একক "জাৰ অৱ হাৰ্টছ" ২০১০ চনত টেলিভিছন শ্ব’ "চু ইউ থিংক ইউ ক্যান ডান্স"ত প্ৰদৰ্শিত হোৱাৰ পাছত, পেৰী এটলাণ্টিক ৰেকৰ্ডছৰ সৈতে চুক্তি কৰিছিল আৰু তেওঁৰ প্ৰথম এক্সটেণ্ডেড প্লে, "দ্য অচিয়ান ৱে চেচনছ" মুক্তি দিছিল।
-
চুজি কোৱাট্ৰ'
চুজান কে কোৱাট্ৰ (জন্ম ৩ জুন ১৯৫০) এগৰাকী আমেৰিকান গায়িকা, বেছ গীটাৰবাদক, গীতিকাৰ আৰু অভিনেত্ৰী। ১৯৭০ৰ দশকত তেওঁ ইউৰোপ আৰু অষ্ট্ৰেলিয়াত বিশেষ সফলতা অৰ্জন কৰে; তেওঁৰ গীত কেন দ্য কেন (১৯৭৩) আৰু ডেভিল গেট ড্ৰাইভ (১৯৭৪) কেইবাখনো দেশত প্ৰথম স্থান লাভ কৰে।
-
চেলিনা
চেলিনা কুইণ্টানিলা-পেৰেজ (ইংৰাজী: Selena Quintanilla-Pérez) এগাৰাকী আমেৰিকান গায়িকা আৰু গীতিকাৰ আছিল। "টেহানো সংগীতৰ ৰাণী" হিচাপে পৰিচিত চেলিনা জনপ্ৰিয় সংগীত আৰু ফেশ্বন জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিংশ শতিকাৰ শেষৰফালৰ অন্যতম জনপ্ৰিয় মেক্সিকান-আমেৰিকান শিল্পী হিচাপে পৰিগণিত হয়।
-
চেলেনা গোমেজ
চেলেনা মেৰী গোমেজ (ইংৰাজী: Selena Marie Gomez) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা, গীতিকাৰ, ব্যৱসায়ী আৰু প্ৰযোজক। গোমেজে এগৰাকী শিশু অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু শিশু টেলিভিছন ধাৰাবাহিক 'বাৰ্ণি এণ্ড ফ্ৰেণ্ডছ' (২০০২–২০০৪)-ত অভিনয় কৰিছিল।
-
ছুজান ৰীড (গায়িকা)
ছুজান কেথেৰিন ৰীড (ইংৰাজী: Susan Catherine Reed; ১১ জানুৱাৰী ১৯২৬ – ২৫ এপ্ৰিল ২০১০) এগৰাকী আমেৰিকান গায়িকা, বীণাবাদক আৰু জিথাৰবাদক। নিউয়ৰ্কৰ লোক-সংস্কৃতি ক্ষেত্ৰৰ নিয়মীয়াকৈ প্ৰকাশিত লাইফ নামৰ আলোচনীয়ে ১৯৪৫ চনত তেওঁক "দ্য পেট অৱ মানহাটান নাইটক্লাবাৰছ" বুলি অভিহিত কৰিছিল।
-
জন ডেনভাৰ
হেনৰীজন ডয়চেনডৰ্ফ, জুনিয়ৰ (জন্ম ৩১ ডিচেম্বৰ, ১৯৪৩ – মৃত্যু ১২ অক্টোবৰ, ১৯৯৭)) পেছাদাৰীভাৱেজন ডেনভাৰ বুলি জনা যায়। জন ডেনভাৰ আছিল এজন আমেৰিকাৰ গায়ক, গীতিকাৰ, অভিনেতা, কৰ্মী আৰু মানৱতাবাদী। তেওঁ ১৯৭০ ৰ দশকৰ পৰা একক গায়ক হিচাপে সৰ্বাধিক বাণিজ্যিক সফলতা অৰ্জন কৰিছিল।
-
জয় ওলাডোকুন
অলুবুকোলা জয় ওলাডোকুন (ইংৰাজী: Olubukola Joy Oladokun; জন্ম ৬ এপ্ৰিল, ১৯৯২) এগৰাকী আমেৰিকান কণ্ঠশিল্পী-গীতিকাৰ। ওলাডোকুনৰ সংগীতত লোক সংগীত, আৰ এণ্ড বি, ৰক আৰু পপ সংগীতৰ সংমিশ্ৰণ দেখা পোৱা যায়। তেওঁৰ সংগীতত এগৰাকী কুৱেৰ আৰু কৃষ্ণাংগ ব্যক্তি হিচাপে তেওঁৰ পৰিচয়ৰ প্ৰভাৱ স্পষ্ট।
-
জাষ্টিন ব্লেজাৰ
জাষ্টিন গেব্ৰিয়েলা ব্লেজাৰ এগৰাকী গায়িকা, গীতিকাৰ, ৰেকৰ্ডিং শিল্পী আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁৰ সংগীত চিএমটিত প্ৰচাৰ কৰা হৈছে আৰু তেওঁ জেছন এলডিয়ান, জাষ্টিন মূৰ, লি ব্ৰীচ, কেথী মেটিয়া আৰু ল'নষ্টাৰৰ দৰে শিল্পীৰ বাবে শ্ব' মুকলি কৰিছে।
-
জিল ছ'বুল
জিল ছ'বুল (ইংৰাজী: Jill Sobule; জন্ম ১৬ জানুৱাৰী, ১৯৫৯) এগৰাকী আমেৰিকান গায়ক-গীতিকাৰ যি ১৯৯৫ চনৰ একক কণ্ঠৰ গীত "আই কিছড এ গাৰ্ল", আৰু ১৯৯৫ চনৰ ক্লুলেছ ছবিৰ গীত "ছুপাৰমডেল"ৰ বাবে বেছিকৈ পৰিচিত।
-
জেণ্ডায়া
জেণ্ডায়া মেৰী ষ্টোৰমাৰ ক'লমেন (ইংৰাজী: Zendaya Maree Stoermer Coleman; জন্ম: ১ ছেপ্টেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ দুটাকৈ প্ৰাইমটাইম এমি বঁটা আৰু এটা গ’ল্ডেন গ্ল’ব বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে।
-
টাটিয়ানা আলী
টাটিয়ানা মাৰিচোল আলী (ইংৰাজী: Tatyana Marisol Ali; জন্ম: ২৪ জানুৱাৰী, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ ১৯৯০ চনৰপৰা ১৯৯৬ চনলৈ এনবিচিৰ চিটকম দ্য ফ্ৰেছ প্ৰিন্স অৱ বেল-এয়াৰত এশলী বেংকছৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
টেড্ডি শ্ব'ৱৰ্টজ
থিঅ′ড'ৰা "টেড্ডি" শ্ব'ৱৰ্টজ (ইংৰাজী: সৰহ; ৪ জুলাই ১৯১৪ – ১৩ অক্টোবৰ ২০১৭) এগৰাকী আমেৰিকান য়িদ্দিছ ভাষাৰ গায়িকা, লেখিকা আৰু অনুবাদক আছিল। তেওঁক মূলতঃ আৰ্থাৰ কেভেছৰ সৈতে একেলগে লিখ ডোনা, ডোনা (Dona, Dona) নামৰ গীতৰ পুথিখনৰ ইংৰাজী অনুবাদৰ বাবে স্মৰণ কৰা হয়।
-
ডায়ানা ৰছ
ডায়ানা ৰছ (ইংৰাজী: Diana Ross; জন্ম: ২৬ মাৰ্চ, ১৯৪৪) এগৰাকী আমেৰিকান গায়িকা আৰু অভিনেত্ৰী। "কুইন অফ ম’টাউন" হিচাপে পৰিচিত ৰছ 'দ্য চপ্ৰিমছ' নামৰ সংগীত গোষ্ঠীটোৰ মুখ্য গায়িকা আছিল।
-
ডোজা কেট
আমালা ৰত্না জাণ্ডিলে ড্লামিনি (জন্ম ২১ অক্টোবৰ, ১৯৯৫), পেছাগতভাৱে ডোজা কেট নামে জনাজাত, এগৰাকী আমেৰিকান ৰেপাৰ, গায়িকা, গীতিকাৰ আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁক বহু প্ৰকাশনীৰ দ্বাৰা "পপ-ৰেপৰ ৰাণী" বুলি অভিহিত কৰা হৈছে।
-
দেবি স্মিথ
দেবি স্মিথ (ইংৰাজী: Debi Smith) এগৰাকী আমেৰিকান লোক-গায়িকা তথা গীতিকাৰ। ১৯৯৪ চনৰ পৰা তেওঁ ফ’ৰ বিচিন' বেবছ (Four Bitchin' Babes) নামৰ কেৱল মহিলা গায়িকা-গীতিকাৰেৰে গঠিত মূলতঃ লোক-সংগীত ধাৰাৰ হাস্যৰসময়ী, ব্যংগ বা লঘু হৃদয়ৰ গীত পৰিবেশন কৰা এটা ভ্ৰমণকাৰী দলৰ সদস্য হিচাপে কাম কৰি আহিছে।
-
নাওমা মেইজ
নাওমা বাৰ্নাৰ্ড উইলিয়ামছ মেইজ (৫ ডিচেম্বৰ ১৯০৬ – ১৩ জুন ১৯৭৪) এগৰাকী আমেৰিকান গায়িকা, শিক্ষাবিদ আৰু সমাজকৰ্মী আছিল। তেওঁ স্পেলমেন কলেজত পিয়ানো আৰু কণ্ঠ শিকাইছিল আৰু ক্লিভলেণ্ডৰ ফ্ৰেণ্ডলী ইন নামৰ এটা বসতিস্থল ঘৰৰ পৰিচালক আছিল।
-
পʼষ্ট মেলʼন
অষ্টিন ৰিচাৰ্ড পʼষ্ট (Austin Richard Post; জন্ম: ৪ জুলাই, ১৯৯৫), এগৰাকী আমেৰিকীয় কণ্ঠশিল্পী, ৰেপাৰ, গীতিকাৰ, সংগীতজ্ঞ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনয়-শিল্পী। তেওঁ পেছাগতভাৱে পʼষ্ট মেলʼন (Post Malone) নামেৰে পৰিচিত।
-
পিট ছিগাৰ
পিট ছিগাৰ (Pete Seeger; ৩ মে', ১৯১৯ – ২৭ জানুৱাৰী, ২০১৪) হ'ল এজন আমেৰিকান গায়ক, গীতিকাৰ, সংগীতজ্ঞ আৰু সমাজকৰ্মী। ১৯৪০ চনত তেওঁ জাতীয় ৰেডিঅ'ৰ নিগাজী লোক আছিল আৰু ১৯৫০ চনৰ আৰম্ভণিত দ্য ৱেভাৰ্ছৰ সদস্য হিচাপে হিট ৰেকৰ্ডৰ ধাৰাবাহিকতা লাভ কৰিছিল, বিশেষকৈ লিড বেলীৰ "গুডনাইট, আইৰিন"ৰ ৰেকৰ্ডিং, যিটোৱে…
-
বিং ক্ৰাজবি
হেৰি লিলিছ ক্ৰাজবি Bing Crosby (1903-1977) আমেৰিকান গায়ক হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব। নৃত্য আৰু ফেশ্বনৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ জনপ্ৰিয় মাধ্যমত। গোটেই বিশ্বতে তেওঁৰ আনুমানিক ১০০০ মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে।
-
বিলি আইলিশ
বিলি আইলিশ পাইৰেট বেয়াৰ্ড অ’কনেল (জন্ম: ১৮ ডিচেম্বৰ, ২০০১) এজন আমেৰিকান গায়িকা-গীতিকাৰ। সুকীয়া সংগীতধ্বনি আৰু কণ্ঠশৈলীৰ বাবে পৰিচিত আইলিশ ২০২০-ৰ দশকৰ পপ সংস্কৃতিৰ এগৰাকী উল্লেখযোগ্য ব্যক্তিত্ব হিচাপে পৰিগণিত হৈছে।
-
বেলা থৰ্ণ
এনাবেলা এভাৰী থৰ্ণ (জন্ম: ৮ অক্টোবৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু লেখিকা। তেওঁ প্ৰথমে ডাৰ্টি চেক্সি মানি (২০০৭–২০০৮) ধাৰাবাহিকত মাৰ্গ’ ডাৰ্লিঙৰ চৰিত্ৰত আৰু নাটক ধাৰাবাহিক মাই অ’ন ৱৰ্ষ্ট এনিমি (২০০৯)ত ৰুথী স্পাইভেৰ চৰিত্ৰত অভিনয় কৰি স্বীকৃতি লাভ কৰে; পাছৰ ধাৰাবাহিকটোৰ বাবে তেওঁ ইয়ং…
-
ভিক্টোৰিয়া জাষ্টিচ
ভিক্টোৰিয়া জাষ্টিচ (জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৯৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ নিকেলোডিয়ানৰ কমেডী ড্ৰামা ছিৰিজ 'জোৱে ১০১' (২০০৫–২০০৮)-ত লোলা মাৰ্টিনেজ আৰু চিটকম 'ভিক্টোৰিয়াছ' (২০১০–২০১৩)-ত টোৰী ভেগাৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰে।
-
ভেলোৰী কাৰী
ভেলোৰী কাৰী (ইংৰাজী: Valorie Curry; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ কেৰিয়াৰৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে ভেৰোনিকা মাৰ্চ (২০০৫–০৬), দ্য ফলোয়িং (২০১৩–১৪) আৰু দ্য টিক (২০১৬–১৯)।
-
মাইলী চাইৰাছ
মাইলী ৰে চাইৰাছ (জন্ম ডেষ্টিনি হোপ চাইৰাছ; ২৩ নৱেম্বৰ, ১৯৯২) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। জনপ্ৰিয় সংগীতৰ এগৰাকী প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে চাইৰাছ তেওঁৰ বিকশিত শিল্পশৈলী আৰু ছবি পুনৰ উদ্ভাৱনৰ বাবে পৰিচিত।
-
মাডিছন বীয়াৰ
মাডিছন এল বীয়াৰ (জন্ম ৫ মাৰ্চ, ১৯৯৯) এগৰাকী আমেৰিকান গায়িকা আৰু গীতিকাৰ। কানাডীয় গায়ক জাষ্টিন বিবাৰে তেওঁৰ "এট লিষ্ট" গীতৰ কভাৰ লিংক শ্বেয়াৰ কৰাৰ পিছত তেওঁ প্ৰথমে গণমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে। ২০১৮ চনত তেওঁ নিজৰ প্ৰথম এক্সটেণ্ডেড প্লে (EP) এচ সী প্লিচেচ প্ৰকাশ কৰে।
-
মিলা জোভোভিচ
মিলিকা বগডানোভনা জোভোভিচ (জন্ম ১৭ ডিচেম্বৰ ১৯৭৫), পেছাগতভাৱে মিলা জোভোভিচ নামেৰে পৰিচিত, এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু প্ৰাক্তন মডেল। বহুতো কল্পবিজ্ঞান আৰু একচন চলচ্চিত্ৰত অভিনয় কৰা বাবে ২০০৬ চনত সংগীত চেনেল ভিএইচ১-এ তেওঁক “কিক-বাটৰ ৰাজত্ব কৰা ৰাণী” বুলি অভিহিত কৰিছিল।
-
মেঘন এলিজাবেথ ট্ৰেইনৰ
মেঘান এলিজাবেথ ট্ৰেইনৰ (Meghan Elizabeth Trainor; জন্ম: ২২ ডিচেম্বৰ, ১৯৯৩) এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ আৰু টেলিভিছন ব্যক্তিত্ব। ২০১৪ চনত এপিক ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত আৰু তেওঁৰ প্ৰথম একক গীত "অল এবাউট ডেট বেছ" মুকলি কৰাৰ পিছত তেওঁ বিশিষ্টতা লাভ কৰে, যিয়ে আমেৰিকাত এক নম্বৰ স্থান দখল…
-
মেডিচন ৰ'জ
মেডিচন ৰ'জ হৈছে অ’হাইঅ’ৰ চিনচিনাটিৰ এগৰাকী আমেৰিকান কণ্ঠশিল্পী-গীতিকাৰ। তেওঁ ২০১৮ চনৰ প্ৰথমটো একক গীত "ডায়মণ্ডছ" আৰু ২০১৯ চনত কাণ্ডীৰ সৈতে কৰা যুটীয়া গীত "কিপিং চিক্ৰেটছ"-ৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল। এই গীতটোৱে বিলবোৰ্ডৰ ডান্স/মিক্স শ্ব’ এয়াৰপ্লে’ চাৰ্টত স্থান লাভ কৰিছিল।
-
লিণ্ডছে লোহান
লিণ্ডছে ডি লোহান (ইংৰাজী: Lindsay Dee Lohan; জন্ম ২ জুলাই, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ। মাত্ৰ তিনি বছৰ বয়সতে তেওঁ 'ফৰ্ড মডেলছ'ৰ সৈতে চুক্তিবদ্ধ হৈছিল আৰু শিশু অভিনেত্ৰী হিচাপে গাইডিং লাইট (১৯৯৩) আৰু এনাডাৰ ৱৰ্ল্ড (১৯৯৬–১৯৯৭) নামৰ ধাৰাবাহিকৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল।