কেথেৰিন ইভেলিন অনিতা কাচিডী (ইংৰাজী ভাষা: Katherine Evelyn Anita Cassidy; জন্ম: ২৫ নৱেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। কেইবাটাও সৰু টেলিভিছন চৰিত্ৰৰ পিছত, তেওঁ হৰৰ ছবি ৱেন এ ষ্ট্ৰেঞ্জাৰ কলছ (২০০৬), ব্লেক খ্ৰীষ্টমাছ (২০০৬)-ত কেলি প্ৰেছলী হিচাপে আৰু হৰৰ ধাৰাবাহিক ছুপাৰনেচাৰেলৰ (২০০৭–২০০৮) তৃতীয় ছিজনত ৰুবি হিচাপে অভিনয় কৰি এগৰাকী স্ক্ৰীম কুইন হিচাপে চৰ্চালৈ আহে। একচন ছবি টেকেন (২০০৮)-ত এটা সহযোগী চৰিত্ৰৰ পিছত, কাচিডীয়ে স্লেচাৰ ধাৰাবাহিক হাৰ্পাৰ্ছ আইলেণ্ড (২০০৯) আৰু ড্ৰামা ধাৰাবাহিক মেলৰোজ প্লেচৰ (২০০৯–২০১০) ৰিমেকত মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁ স্লেচাৰ ছবিৰ ৰিমেক এ নাইটমেয়াৰ অন এলম ষ্ট্ৰীট (২০১০)-ত ক্ৰিছ ফাউলছ হিচাপে অভিনয় কৰিছিল আৰু কিশোৰ ড্ৰামা গছিপ গাৰ্লৰ (২০১০–২০১২) চতুৰ্থ ছিজনত জুলিয়েট শ্বাৰ্প হিচাপে এটা সঘনে দেখা দিয়া চৰিত্ৰত অভিনয় কৰিছিল।
২০১২ চনত দ্য চি.ডব্লিউ. টেলিভিছন ধাৰাবাহিক এৰ’ত লৰেল লেন্স / ব্লেক কেনাৰী চৰিত্ৰত অভিনয় কৰাৰ পাছত কাচিডীয়ে বিশেষ সফলতা লাভ কৰে। কাচিডীয়ে 'এৰ’ভাৰ্ছ'ৰ ধাৰাবাহিক দ্য ফ্লেছ আৰু লেজেণ্ডছ অৱ টুমৰ’ত এই একেই চৰিত্ৰত অভিনয় কৰাৰ লগতে এনিমেটেড ৱেব চিৰিজ ভিক্সেনত চৰিত্ৰটোক কণ্ঠদানো কৰিছে। এৰ’ৰ চতুৰ্থ ছিজনত তেওঁৰ চৰিত্ৰটোৰ মৃত্যুৰ পাছত, কাচিডীয়ে এজনী সমান্তৰাল পৃথিৱীৰ বিপৰীতমুখী চৰিত্ৰ লৰেল লেন্স / ব্লেক চাইৰেন হিচাপে অভিনয় কৰিবলৈ আৰম্ভ কৰে। এই চৰিত্ৰটো পোনপ্ৰথমে দ্য ফ্লেছত দেখা গৈছিল আৰু পিছলৈ এৰ’ত অব্যাহত আছিল।
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
১৯৮৬ চনৰ ২৫ নৱেম্বৰত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত কাচিডীৰ জন্ম হৈছিল।১ তেওঁ অভিনেতা আৰু গায়ক ডেভিদ কাচিডী আৰু ফেশ্বন মডেল শ্বৰী উইলিয়ামছৰ একমাত্ৰ সন্তান।১২ কাচিডীৰ পৈতৃক ককা-আইতা আছিল অভিনেতা জেক কাচিডী আৰু ইভেলিন ৱাৰ্ড। তেওঁ কিশোৰ অৱস্থাৰ জনপ্ৰিয় অভিনেতা তথা টেলিভিছন প্ৰযোজক শ্বন কাচিডী, অভিনেতা পেট্ৰিক কাচিডী আৰু ৰায়ান কাচিডীৰ ভতিজী।১ পিতৃৰ তৃতীয় পত্নী চু শ্বিফ্ৰিনৰফালৰপৰা কাচিডীৰ ১৯৯১ চনত জন্ম হোৱা বিউ নামৰ এজন সৰু সতীয়া ভাতৃ আছে।৩ ইয়াৰ উপৰি মাতৃৰফালৰপৰা তেওঁৰ জেন্না আৰু জেমি নামৰ দুগৰাকী সৰু সতীয়া ভগ্নী আৰু অষ্ট্ৰেলিয়াত বসবাস কৰা চামান্থা কাচিডী, জেচমিন কাচিডী আৰু চেলচী কাচিডীসহ সাতগৰাকী ভাই-ভনী আছে।
কাচিডীৰ পিতৃ-মাতৃৰ বিচ্ছেদৰ পিছত তেওঁ মাক আৰু সতীয়া পিতৃৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হয়। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ডেভিদ কাচিডীয়ে কেটিৰ জীৱনত তেওঁৰ অনুপস্থিতিৰ বিষয়ে কৈছিল: "মোৰ তাইৰ সৈতে কেতিয়াও কোনো সম্পৰ্ক নাছিল। মই তাইৰ পিতৃ নাছিলোঁ। মই তাইৰ জৈৱিক পিতৃ আছিলোঁ কিন্তু মই তাইক ডাঙৰ-দীঘল কৰা নাছিলোঁ। তাইৰ জীৱনটো সম্পূৰ্ণ বেলেগ। মই তাইক লৈ গৌৰৱ কৰোঁ। তাই বহুত প্ৰতিভাশালী। তাই এতিয়া কিমান ডাঙৰ হ’ল সেয়া গ্ৰহণ কৰিবলৈও মোৰ বাবে কঠিন হৈ পৰিছে।" ৪ কিশোৰ অৱস্থাত কাচিডী 'কেলিফৰ্ণিয়া ফ্লায়াৰ্ছ' নামৰ এটা প্ৰতিযোগিতামূলক চিয়াৰলিডাৰ দলৰ সদস্য আছিল।২ কেলিফৰ্ণিয়াৰ বেল কেনিয়নৰ বাসিন্দা হিচাপে তেওঁ কালাবাচাছ হাইস্কুলত অধ্যয়ন কৰিছিল। তাত পঢ়ি থকাৰ সময়তে তেওঁ এটা ৰেকৰ্ডিং চুক্তিত স্বাক্ষৰ কৰে আৰু "আই থিংক আই লাভ ইউ" গীতটোৰ এটা কভাৰ সংস্কৰণ মুকলি কৰে। উল্লেখ্য যে এই গীতটো তেওঁৰ জৈৱিক পিতৃৰ টেলিভিছন শ্ব’ 'দ্য পাৰ্ট্ৰিজ ফেমিলি'ৰ সংগীত হিচাপে খুবেই জনপ্ৰিয় আছিল।৫
ব্যক্তিগত জীৱন
কাচিডী 'এইচ.ই.এল.পি. মালাৱী' নামৰ দাতব্য সংস্থাটোৰ এগৰাকী মুখপাত্ৰ।৬
২০১৬ চনত কাচিডীয়ে মেথিউ ৰজাৰ্ছৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। এই যুটিটোৱে ২০১৭ চনৰ ৫ জুনত তেওঁলোকৰ বাগদানৰ কথা ঘোষণা কৰিছিল।৭ ২০১৮ চনৰ ৮ ডিচেম্বৰত কাচিডী আৰু ৰজাৰ্ছ বিবাহপাশত আবদ্ধ হয়।৮ অৱশ্যে, ২০২০ চনৰ ৮ জানুৱাৰীত কাচিডীয়ে লছ এঞ্জেলছত বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে।৯১০ ২০২১ চনৰ ২২ মাৰ্চত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয় আৰু ২৬ মাৰ্চত এই কথা ৰাজহুৱা কৰা হয়।১১
২০২৩ চনৰ মাৰ্চ মাহৰপৰা কাচিডীয়ে কানাডিয়ান অভিনেতা ষ্টিফেন হুজাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। হলমাৰ্ক চেনেলৰ বোলছবি 'এ ৰয়েল খ্ৰীষ্টমাছ ক্ৰাছ'ৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁলোকৰ মাজত চিনাকি হৈছিল।১২
তথ্যসূত্ৰ
- ↑ Southern, Nathan. (2015). Katie Cassidy – Full Biography. The New York Times
- ↑ Katie Cassidy: Biography. TVGuide.com
- ↑ Mike Clary and Tonya Alanez. (August 25, 2013). David Cassidy, despite spotlight from recent DWI arrest, known as low-key neighbor in Fort Lauderdale. Sun-Sentinel
- ↑ Christina Dugan. (February 22, 2017). David Cassidy Opens Up About His 'Beautiful' Son — and Why He Doesn't Have a Relationship with His Daughter. People
- ↑ Calabasas High School freshman singer signs contract with Artemis records. The Acorn
- ↑ Katie Cassidy New Spokesperson for Charity HELP Malawi. helpchildren.org
- ↑ Johnson, Zach. (June 5, 2017). Arrow's Katie Cassidy Is Engaged to Matthew Rodgers. E!
- ↑ Heller, Corinne. (December 9, 2018). Katie Cassidy Is Married: Arrow Star Weds Matthew Rodgers. E!
- ↑ Crabtree, Erin. (January 8, 2020). Katie Cassidy Files for Divorce From Husband Matthew Rodgers. Usmagazine.com
- ↑ Katie Cassidy Files for Divorce from Husband Matthew Rodgers After 2 Years of Marriage. PEOPLE.com
- ↑ Mauch, Ally. (March 26, 2021). Arrow's Katie Cassidy and Matthew Rodgers Finalize Divorce More Than a Year After Filing. People
- ↑ Pettibone, Kat. (June 30, 2023). Why Katie Cassidy and Stephen Huszar Kept Their Romance a Secret While Filming Hallmark's 'A Royal Christmas Crush'. US Weekly
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেটি কাচিডী” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৩৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।