অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হুইটনী হাষ্টন

হুইটনী এলিজাবেথ হাষ্টন (আগষ্ট ৯, ১৯৭৩ – ফেব্ৰুৱাৰী ১১, ২০১২) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল আছিল। ২০০৯ চনত গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে তেখেত বিশ্বৰ সবাতোকৈ বেছি পুৰস্কাৰ পোৱা নাৰী।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হুইটনী এলিজাবেথ হাষ্টন (আগষ্ট ৯, ১৯৭৩ – ফেব্ৰুৱাৰী ১১, ২০১২) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল আছিল। ২০০৯ চনত গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে তেখেত বিশ্বৰ সবাতোকৈ বেছি পুৰস্কাৰ পোৱা নাৰী১। ২০১০ চন পৰ্য্যন্ত তেখেতৰ জীৱনযোৰা ৪১৫ সংখ্যক পুৰস্কাৰসমূহৰ ভিতৰত ২টা এমী এৱাৰ্ড, ৬টা গ্ৰেমী এৱাৰ্ড, ৩০টা বিলব'ৰ্ড মিউজিক এৱাৰ্ড ‌আৰু ২২টা আমেৰিকান মিউজিক এৱাৰ্ড মুখ্য। ইয়াৰ উপৰিউ হাষ্টন বিশ্বৰ অভিলেখসংখ্যক পৰিমাণে বিক্ৰী হোৱা বিভিন্ন শ্ৰাব্য-দৃশ্য মাধ্যমৰ প্ৰকাশকাৰী সংগীতজ্ঞ২৩। তেখেতৰ পৰিয়ালৰে প্ৰসিদ্ধ ছ'উল গায়ক সংগীতজ্ঞসকলৰ, বিশেষকৈ মাক চিছি হাষ্টন, সম্বন্ধীয় ডায়'ন ৱাৰৱিক আৰু ডী ডী ৱাৰৱিকি, আৰু গডমাডাৰ এৰিথা ফ্ৰেঙ্কলিনৰ পৰা অনুপ্ৰাণিত হৈ হাষ্টনে ১১ বছৰ বয়সৰপৰাই তেখেতৰ নিউ জাৰ্চী গীৰ্জাৰ জুনিয়'ৰ গচ্‌পেলত choir গাই সংগীত জীৱনৰ পাতনি মেলে৪। পাছত মাকৰ লগত নিউয়ৰ্ক মহানগৰৰ চহৰ এলেকাৰ নৈশ ক্লাবত গান গাই থাকোঁতে তেখেত এৰিষ্টা ৰেকৰ্ডৰ লেবেল-হেড ক্লাইভ ডেভিচৰ চকুত পৰে। হাষ্টনে সাতখন ষ্টুডিঅ' এলবাম আৰু তিনিখন চাউণ্ডট্ৰেক এলবাম মুকলি কৰে; আটাইখিনিয়ে ডায়মণ্ড, মালটি প্লেটিনাম, প্লেটিনাম বা গ'ল্ড চাৰ্টিফিকেচ্যন জুবিলী পালন কৰে।

২০১২ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেলিফ'ৰ্ণিয়াৰ বীভাৰ্লি হিলৰ বীভাৰ্লি হিল্টন হোটেলত কোনো অজ্ঞাত কাৰণবশতঃ হাষ্টনৰ মৃত্যু হয়।৫

অধিক পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (August 19, 2009). Whitney Houston biography. whitneyhouston.com
  2. ↑ Dobuzinskis, Alex. (September 15, 2009). Whitney Houston, as of 2009, said she was "drug-free". Reuters
  3. ↑ Whitney Houston Biography. whitneyhouston.com
  4. ↑ (August 26, 1985). Whitney Houston Sings Her Way to Stardom with Hit Album, Road Tour. Jet. Johnson Publishing Company. পৃ. 59
  5. ↑ (February 11, 2012). Whitney Houston, 48, found dead in Beverly Hills. Los Angeles Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কণ্ঠশিল্পীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুইটনী হাষ্টন” প্ৰবন্ধৰ সংশোধন ৬৩২৬০৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।