আমাণ্ডা মেককিনন পামাৰ (ইংৰাজী: Amanda MacKinnon Palmer; জন্ম: ৩০ এপ্ৰিল ১৯৭৬) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ, সংগীতজ্ঞ আৰু পৰিবেশন শিল্পী। তেওঁ ড্ৰেছডেন ডলছ যুটিৰ মুখ্য কণ্ঠশিল্পী, পিয়ানোবাদক আৰু গীতিকাৰ।১ তেওঁ একক শিল্পী হিচাপে গীত পৰিবেশন কৰে আৰু ইভেলিন ইভেলিন নামৰ যুটিৰ সদস্য আৰু আমাণ্ডা পামাৰ (Amanda Palmer) আৰু গ্ৰেণ্ড থেফ্ট অৰ্কেষ্ট্ৰাৰ (Grand Theft Orchestra) মুখ্য গায়িকা আৰু গীতিকাৰ আছিল।২ তেওঁক গীতৰ অসংখ্য অনুৰাগী আছে আৰু তেওঁক সামাজিক অনুদান গ্ৰহণৰ বাবে ৱেবছাইটৰ ব্যৱহাৰ জনপ্ৰিয় কৰা প্ৰথম সংগীত শিল্পীসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
আমাণ্ডা মেককিনন পামাৰৰ জন্ম হৈছিল নিউয়ৰ্ক চহৰৰ মাউণ্ট চিনাই হাস্পতালত,৪ আৰু ডাঙৰ-দীঘল হৈছিল মেছাচুচেটছৰ লেক্সিংটনত।৫ তেওঁৰ পিতৃ এজন পদাৰ্থবিজ্ঞানী আৰু মাক আছিল এগৰাকী কম্পিউটাৰ প্ৰগ্ৰেমাৰ।৬ এবছৰ বয়সত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল আৰু সৰুতে তেওঁ দেউতাকক খুব কমেইহে দেখা পাইছিল।৭ পামাৰে তেওঁৰ পিতৃ-মাতৃক "মধ্য-উচ্চ শ্ৰেণী" বুলি বৰ্ণনা কৰিছে।৮
লেক্সিংটন হাইস্কুলত পঢ়ি নাটক বিভাগৰ সৈতে জড়িত আছিল৯ আৰু পিছলৈ ৱেছলিয়ান বিশ্ববিদ্যালয়ত১০ নাট্য বিষয়ত অধ্যয়ন কৰিছিল আৰু ইক্লেক্টিক ছ'চাইটিৰ সদস্য আছিল।১১ ১৯৯৯ চনত পামাৰে ষ্ট্ৰীট থিয়েটাৰ (বাটৰ নাট) আৰু থিয়েটাৰ শ্ব' প্ৰদৰ্শনৰ প্ৰতি নিয়োজিত এটা পৰিবেশন গোট শ্বেড'বক্স কালেকটিভ প্ৰতিষ্ঠা কৰে।
১৯৯৮ চনত ৱেছলিয়ান বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা পামাৰে কেইবাবছৰ ধৰি মেছাচুচেটছৰ কেম্ব্ৰিজ, এডিনবাৰ্গ; বাৰ্লিন; মেলবৰ্ণ আদি ঠাইত এইট ফীট ব্ৰাইড নামৰ এটা জীৱন্ত মূৰ্তি হিচাপে বাস্কিং (পদপথৰ অভিনয়) কৰিছিল।১২
তথ্যসূত্ৰ
- ↑ Band Tries to Make It Big Without Going Broke. All Things Considered The web page also has audio and a transcript of the interview, and links to several of their songs
- ↑ (February 9, 2012). my earth-shattering news, by amanda fucking palmer.. Amanda Palmer Blog
- ↑ (December 13, 2019). The crowdfunded cult of Amanda Palmer. Engadget
- ↑ (November 23, 2010). Starfucking with Kevin Smith, Chapter 1 – The Neil/Amanda Interview
- ↑ Perry, Jonathan. (September 16, 2008). On 'Who Killed,' Palmer looks behind the veil. The Boston Globe
- ↑ (June 22, 2013). Amanda Palmer: visionary or egotist?. the Guardian
- ↑ Boilen, Bob. (July 18, 2016). All Songs +1: Amanda Palmer And Her Dad Discover Each Other In Song. NPR
- ↑ The Most Important Thing I Learned In 2011, by Amanda Fucking Palmer. AmandaPalmer.net
- ↑ Shanahan, Mark; Goldstein, Meredith. (May 11, 2009). Palmer hangs out in Lexington. The Boston Globe
- ↑ Sless-Kitain, Areif. (December 3, 2008). Amanda Palmer. Time Out (company)
- ↑ Bell, Sean. (August 16, 2009). A piece of my mind. The Herald (Glasgow)
- ↑ Chernov, Sergey. (August 4, 2009). Controversial Musician Prepares for Local Debut. St. Petersburg Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমাণ্ডা পামাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮১৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।