অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুমাৰ উইলিছ

ৰুমাৰ গ্লেন উইলিছ (ইংৰাজী: Rumer Glenn Willis; জন্ম: ১৬ আগষ্ট, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। অভিনেতা ব্ৰুচ উইলিছ আৰু অভিনেত্ৰী ডেমি মূৰৰ জ্যেষ্ঠ কন্যা ৰুমাৰে তেওঁৰ মাতৃৰ বিপৰীতে নাও এণ্ড দেন (১৯৯৫) নামৰ ড্ৰামাখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।

হালনাগাদ: ২৫ জুলাই ২০২৬ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰুমাৰ গ্লেন উইলিছ (ইংৰাজী ভাষা: Rumer Glenn Willis; জন্ম: ১৬ আগষ্ট, ১৯৮৮) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। অভিনেতা ব্ৰুচ উইলিছ আৰু অভিনেত্ৰী ডেমি মূৰৰ জ্যেষ্ঠ কন্যা ৰুমাৰে তেওঁৰ মাতৃৰ বিপৰীতে নাও এণ্ড দেন (১৯৯৫) নামৰ ড্ৰামাখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ ষ্ট্ৰিপটিজ (১৯৯৬), হষ্টেজ (২০০৫), দ্য হাউচ বানি (২০০৮), চৰ’ৰিটি ৰো (২০০৯), আৰু ৱান্স আপন এ টাইম ইন হলিউড (২০১৯) আদি ছবিত অভিনয় কৰে। তেওঁ ছি ডব্লিউৰ টিন ড্ৰামা ধাৰাবাহিক ৯০২১০ত (২০০৯–২০১০) গিয়া মেনেটি আৰু ফক্স মিউজিকেল ড্ৰামা ধাৰাবাহিক এম্পায়াৰত (২০১৭–২০১৮) টৰী এশ্বৰ চৰিত্ৰত অভিনয় কৰিছিল।১ উইলিছে এ বি চিৰ নৃত্য প্ৰতিযোগিতামূলক টেলিভিছন ধাৰাবাহিক ডান্সিং উইথ দ্য ষ্টাৰ্ছৰ ২০তম ছিজনত জয়লাভ কৰিছিল,২ আৰু ২০১৫ চনৰ ২১ ছেপ্টেম্বৰত চিকাগো সংগীতমৰ্মীত ৰক্সি হাৰ্ট হিচাপে ব্ৰডৱে থিয়েটাৰত আত্মপ্ৰকাশ কৰিছিল।৩৪

প্ৰাৰম্ভিক জীৱন

১৯৮৮ চনৰ ১৬ আগষ্টত কেণ্টাকীৰ পাডুকাৰ ৱেষ্টাৰ্ণ বেপ্টিষ্ট হাস্পতালত ৰুমাৰ গ্লেন উইলিছৰ জন্ম হৈছিল।৫৬ সেই সময়ত তেওঁৰ পিতৃ ব্ৰুচ উইলিছে ইন কাণ্ট্ৰী ছবিৰ দৃশ্যগ্ৰহণ কৰি আছিল। লেখক ৰুমাৰ গডেনৰ নামেৰে তেওঁৰ নামকৰণ কৰা হৈছিল। তেওঁৰ মাতৃ অভিনেত্ৰী ডেমি মুৰে তেওঁৰ জন্মৰ মুহূৰ্ত ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ এজন কেমেৰামেন নিয়োগ কৰিছিল।৭ তেওঁৰ দুগৰাকী কনিষ্ঠ ভগ্নী আছে— স্কাউট লাৰু উইলিছ (জন্ম ১৯৯১) আৰু লালুলা বেল উইলিছ (জন্ম ১৯৯৪)। ইয়াৰ উপৰি মডেল এমা হেমিঙৰ সৈতে পিতৃৰ বিবাহৰ সূত্ৰে তেওঁৰ দুগৰাকী সতীয়া ভগ্নী আছে, যাৰ জন্ম ২০১২ চনৰ এপ্ৰিল৮ আৰু ২০১৪ চনৰ মে' মাহত হৈছিল।৯

আইডাহোৰ হেইলীত ডাঙৰ-দীঘল হোৱা উইলিছে মিছিগানৰ ইণ্টাৰলোচেন আৰ্টছ একাডেমীত নাম ভৰ্তি কৰিছিল। ২০০৪ চনৰ জানুৱাৰীত তেওঁ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ ৱাইল্ডউড চেকেণ্ডাৰী স্কুলত নাম ভৰ্তি কৰে।৭ তেওঁ ইউনিভাৰ্চিটি অফ চাউদাৰ্ণ কেলিফৰ্ণিয়াত এটা চেমিষ্টাৰ পঢ়াৰ পিছত আধাতে পঢ়া এৰিছিল।১০

ব্যক্তিগত জীৱন

২০২০ চনৰপৰা ২০২৪ চনলৈ উইলিছৰ গায়ক ডেৰেক ৰিচাৰ্ড থমাছৰ সৈতে সম্পৰ্ক আছিল।১১ ২০২৩ চনৰ ১৮ এপ্ৰিলত তেওঁ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ausiello, Michael. (2017-09-25). Empire Promotes Rumer Willis to Full-Fledged Series Regular in Season 4. TVLine
  2. ↑ Rumer Willis on Her Dancing with the Stars Win: 'I Had the Time of My Life'. Time
  3. ↑ Holden, Stephen. (April 6, 2016). Review: Rumer Willis Poignantly Makes the Lyrics Her Own. The New York Times
  4. ↑ Photos and Video: CHICAGO's Rumer Willis Performs 'Roxie' on GMA!. BroadwayWorld
  5. ↑ Rumer Willis. Internet Broadway Database
  6. ↑ (August 18, 1988). Bruce Willis, Demi Moore, daughter born. The Paducah Sun. পৃ. 18
  7. ↑ Rumer Willis. AskMen
  8. ↑ Leonard, Elizabeth. (April 2, 2012). Bruce Willis and Emma Heming welcome a Daughter. People
  9. ↑ (May 7, 2014). Bruce Willis' Wife Emma Heming-Willis Gives Birth, Couple Welcomes Second Girl, Baby Evelyn Penn. Us Weekly
  10. ↑ Rob Kardashian, Rumer Willis and More Celeb Kids Who Got Into USC. PEOPLE.com
  11. ↑ (December 20, 2022). Derek Richard Thomas: 5 Things To Know About Rumer Willis' Boyfriend & Baby Daddy. Hollywood Life
  12. ↑ (2023-04-25). Rumer Willis and Boyfriend Derek Richard Thomas Welcome First Baby, Daughter Louetta: 'Pure Magic'. People

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুমাৰ উইলিছ” প্ৰবন্ধৰ সংশোধন ৬১৯২৩৪ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।