হিলী ইলিডাবেথ ৰাইনহাৰ্ট১ (ইংৰাজী ভাষা: Haley Reinhart; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ ইলিনয়ৰ হুইলিং চহৰৰ বাসিন্দা। আমেৰিকান আইডলৰ দশম ছিজনত তৃতীয় স্থান লাভ কৰি তেওঁ পোনপ্ৰথমে জনপ্ৰিয়তা অৰ্জন কৰিছিল। ২০১১ চনৰ জুলাই মাহত ৰাইনহাৰ্টে ইণ্টাৰস্কোপ ৰেকৰ্ডছৰ সৈতে এটা ৰেকৰ্ডিং চুক্তিত স্বাক্ষৰ কৰে।২ তেওঁৰ প্ৰথমটো এলবাম লিচেন আপ! ২০১২ চনৰ ২২ মে'ত মুক্তি পায় আৰু ই সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে।৩৪ ইয়াৰ পিছতে তেওঁ আমেৰিকান আইডলৰ অনুষ্ঠান পৰিৱেশন কৰা প্ৰথমগৰাকী প্ৰাক্তন ছাত্ৰী হিচাপে লোলাপালুজাত অংশগ্ৰহণ কৰে।
২০১৫ চনত স্কট ব্ৰেডলীৰ পষ্টমডাৰ্ণ জুকবক্সৰ সৈতে অনুষ্ঠান পৰিৱেশন আৰু ভ্ৰমণ কৰি ৰাইনহাৰ্টে ব্যাপক স্বীকৃতি লাভ কৰে। ৰেডিঅ'হেডৰ "ক্ৰীপ" গীতটোৰ জাজ কভাৰ সংস্কৰণত তেওঁ কৰা সহযোগিতাৰ ফলত গীতটোৱে বিলবৰ্ডৰ জাজ ডিজিটেল চংছ চাৰ্টত একেৰাহে ৫৮ সপ্তাহ ধৰি স্থান লাভ কৰিছিল আৰু সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। সেই বছৰতে এলভিছ প্ৰেচলীৰ "কান্ট হেল্প ফলিং ইন লাভ" গীতটোৰ তেওঁ কৰা কভাৰ সংস্কৰণটো এক্সট্ৰা গামৰ এটা বিজ্ঞাপনত ব্যৱহাৰ কৰাৰ পিছত ভাইৰেল হৈ পৰে। এই গীতটো আমেৰিকাৰ এডাল্ট কণ্টেম্পৰাৰী চাৰ্টত ১৬ নম্বৰ স্থানলৈ উন্নীত হয় আৰু ২০২৩ চনৰ ৩১ জুলাইত ইয়াক প্লেটিনাম প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ৰাইনহাৰ্টে এই গীতটোৰ বাবে ২০১৬ চনত মনোৰঞ্জনৰ ক্ষেত্ৰত কান লায়ন্স আৰু এটা ক্লিঅ' বঁটা লাভ কৰে।
তেওঁৰ দ্বিতীয়টো ষ্টুডিঅ' এলবাম বেটাৰ ২০১৬ চনৰ ২৯ এপ্ৰিলত মুক্তি পায়। ইয়াৰ পূৰ্বে ৮ এপ্ৰিলত এলবামটোৰ শীৰ্ষক গীত "বেটাৰ" মুক্তি দিয়া হৈছিল।৫৬ এই এলবামটো বিলবৰ্ডৰ ইণ্ডিপেণ্ডেণ্ট এলবামছ চাৰ্টত ২২ নম্বৰ স্থানত আত্মপ্ৰকাশ কৰিছিল।৭ এলবামটোৰ প্ৰচাৰৰ বাবে তেওঁ ২০১৬ চনৰ গ্ৰীষ্মকালত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু ২০১৭ চনৰ মে' আৰু জুন মাহত ইউৰোপত সংগীত ভ্ৰমণ কৰিছিল।
ৰাইনহাৰ্টৰ তৃতীয়টো ষ্টুডিঅ' এলবাম হোৱাটছ দ্যাট চাউণ্ড? ২০১৭ চনৰ ২২ ছেপ্টেম্বৰত কনকৰ্ড ৰেকৰ্ডছৰ জৰিয়তে মুক্তি পায়। এই এলবামটোৰ পৰা মুঠ চাৰিটা একক গীত মুক্তি দিয়া হৈছিল। এলবামটোৰ প্ৰচাৰৰ বাবে তেওঁ ২০১৭ চনৰ শৰৎ কালত আমেৰিকাত এক একক সংগীত ভ্ৰমণ কৰিছিল।
২০১৮ চনত তেওঁ জেফ গোল্ডব্লামৰ প্ৰথমটো এলবাম দ্য কেপিটল ষ্টুডিঅ' চেচনছ আৰু ভাইচটোনৰ একক গীত "চামথিং ষ্ট্ৰেঞ্জ"ত কণ্ঠদান কৰিছিল। ২০১৮ চনৰ ১ জুনত তেওঁৰ একক গীত "লাষ্ট কিছ গুডবাই" মুক্তি পায়। ৰাইনহাৰ্টৰ চতুৰ্থটো ষ্টুডিঅ' এলবাম লো-ফাই চ’ল ২০১৯ চনৰ ২৭ মাৰ্চত মুক্তি পায়। ইয়াৰ পিছত ২০২২ চনৰ ৪ ছেপ্টেম্বৰত তেওঁৰ নতুন ই পি "অফ দ্য গ্ৰাউণ্ড" মুক্তি পায়। ২০২৩ চনৰ শীতকালত তেওঁ উত্তৰ আমেৰিকাত তেওঁৰ "অফ দ্য গ্ৰাউণ্ড টুৰ" অব্যাহত ৰাখে।
ৰাইনহাৰ্টে ২০১৫ চনত নেটফ্লিক্সৰ এনিমেটেড কমেডী এফ ইজ ফৰ ফেমিলীত বিল মাৰ্ফিৰ চৰিত্ৰত কণ্ঠদান কৰি কণ্ঠ অভিনয়ৰ পাতনি মেলে। তেওঁ পৰৱৰ্তী ছিজনসমূহতো মুখ্য কণ্ঠশিল্পী হিচাপে কাম কৰিছিল। ৰাইনহাৰ্টে ২০২০ চনৰ ছবি উই কেন বি হিৰোছৰ জৰিয়তে পৰ্দাত অভিনয়ৰ পাতনি মেলে।
প্ৰাৰম্ভিক জীৱন
১৯৯০ চনৰ ৯ ছেপ্টেম্বৰত ইলিনয়ৰ হুইলিং চহৰত হিলী ইলিডাবেথ ৰাইনহাৰ্টৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ পাত্তি মিলাৰ-ৰাইনহাৰ্ট আৰু হেৰী ৰাইনহাৰ্ট দুয়োগৰাকীয়েই সংগীতজ্ঞ।৮৯ তেওঁলোক ক্ৰমে উত্তৰ আৰু দক্ষিণ চিকাগোৰ বাসিন্দা।১০ ৰাইনহাৰ্টতকৈ পাঁচ বছৰ সৰু এঞ্জেলা নামৰ তেওঁৰ এগৰাকী ভগ্নী আছে।১১ এঞ্জেলাও এগৰাকী সংগীতজ্ঞ আৰু তেওঁ মূলতঃ ইণ্ডি ফ’ক সংগীত পৰিৱেশন কৰে। ৰাইনহাৰ্ট জাৰ্মান, আইৰিছ আৰু ইটালীয় মূলৰ। প্ৰায় তিনি বছৰ বয়সত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক মঞ্চত উঠাই দিছিল আৰু তেওঁ ব্ৰাউন আইড গাৰ্ল গীতটোৰ সহ-কণ্ঠদান কৰিছিল।১২ প্ৰায় ৭ বা ৮ বছৰ বয়সৰ পৰা তেওঁ সংগীতৰ প্ৰতি গুৰুত্ব দিবলৈ আৰম্ভ কৰে আৰু পিতৃ-মাতৃৰ বেণ্ড 'মিডনাইট'ৰ সৈতে ১৯৬০ আৰু ১৯৭০ দশকৰ ৰক গীতসমূহ পৰিৱেশন কৰিছিল।১৩ ১৯৭৭ চনত মিডনাইটত যোগদান কৰাৰ পূৰ্বে তেওঁৰ মাতৃ 'দ্য কোম্পানী শ্বি কিপছ' নামৰ এটা বেণ্ডৰ মুখ্য কণ্ঠশিল্পী আছিল।১৪ ৯ বছৰ বয়সত এখন টেটু সন্মিলনৰ এক বৃহৎ মঞ্চত তেওঁ ব্লু গীতটো পৰিৱেশন কৰি দৰ্শকৰ পৰা তীব্ৰ সমৰ্থন লাভ কৰিছিল।১৫ আঠ বছৰ বয়সৰ পৰাই তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল আৰু বহুতো পয়েট্ৰী শ্লেম প্ৰতিযোগিতাত অংশ লৈছিল। ইয়াৰ উপৰিও তেওঁ শৈশৱৰে পৰা নাটক, সংগীতানুষ্ঠান আৰু অভিনয়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল।১১১৬ মিডল স্কুলত পঢ়ি থাকোঁতেই ৰাইনহাৰ্টে গীত লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ এশৰো অধিক ৰচনা মোবাইল ফোনত সংৰক্ষিত হৈ আছিল যদিও মোবাইলটো বেয়া হোৱাত সেই সকলোবোৰ হেৰাই যায়।১৭ ৰাইনহাৰ্টে মিডল স্কুলৰ পৰাই আমেৰিকান আইডলৰ বাবে অডিচন দিয়াৰ পৰিকল্পনা কৰিছিল আৰু তেওঁ সেই বৰ্ষৰ "আমেৰিকান আইডলত যোৱাৰ সৰ্বাধিক সম্ভাৱনা থকা" ছাত্ৰীৰ বঁটাও লাভ কৰিছিল।১৮
তেওঁ মাৰ্ক টোৱেইন এলিমেন্টৰী স্কুল, ও.ডব্লিউ. হোমছ মিডল স্কুল আৰু হুইলিং হাইস্কুলত অধ্যয়ন কৰিছিল।১৯ হাইস্কুলত পঢ়ি থকাৰ সময়তে তেওঁ পোনপ্ৰথমে জাজ সংগীতৰ সৈতে চিনাকি হয়। তেওঁ ২০০৯ চনত ছুইজাৰলেণ্ডৰ মণ্ট্ৰেক্স জাজ ফেষ্টিভেল আৰু ইটালীৰ আম্ব্ৰিয়া জাজ ফেষ্টিভেলত হাইস্কুলৰ জাজ বেণ্ডটোৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিছিল।১৭২০ হাইস্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত ৰাইনহাৰ্টে ২০০৯ চনৰ পৰা ২০১০ চনলৈ ইলিনয়ৰ হাৰ্পাৰ কলেজত এজন পূৰ্ণকালীন ছাত্ৰ হিচাপে জাজ সংগীত অধ্যয়ন কৰে।৯ এই শিক্ষাৰ জৰিয়তে তেওঁ ছুইজাৰলেণ্ড আৰু ইটালীৰ দৰে ঐতিহাসিক স্থানত সংগীত পৰিৱেশনৰ অভিজ্ঞতা লাভ কৰিছিল।১১১৫ কলেজত পঢ়ি থকাৰ সময়তে তেওঁ 'হিলীজ কমেট'ৰ দৰে বেণ্ডৰ নেতৃত্ব দিছিল আৰু লেড জেপেলিনৰ দৰে বিখ্যাত শিল্পীৰ ৰক গীতসমূহৰ কভাৰ সংস্কৰণ পৰিৱেশন কৰিছিল।
বাহ্যিক সংযোগ
- Haley Reinhart on Allmusic
তথ্যসূত্ৰ
- ↑ Songwriter/Composer: REINHART HALEY ELIZABETH. BMI
- ↑ Smith, Grady. (July 26, 2011). Haley Reinhart signed to Interscope Records. Entertainment Weekly
- ↑ (May 21, 2012). New Albums by John Mayer, Haley Reinhart and Linda Oh. The New York Times
- ↑ Haley Reinhart "Listen Up!" Album Review – 4 out of 5 stars. Artist Direct
- ↑ (February 12, 2016). Haley Reinhart Talks Full Circle Moments, Elvis with Gina J. CBSLocal
- ↑ (April 5, 2016). Abbey Interviews Haley Reinhart. YouTube
- ↑ Haley Reinhart – Chart History (Independent Albums). Billboard. Prometheus Global Media
- ↑ Leahey, Andrew. Haley Reinhart > Biography. Allmusic. Rovi Corporation
- ↑ (March 9, 2011). Harper College Student Among American Idols Top 13 Finalists. Palatine Patch
- ↑ Emma Sarran Webster. (January 21, 2016). Chicagoan Haley Reinhart on That Extra Commercial and the End of 'American Idol'. Michigan Avenue Magazine
- ↑ (May 19, 2011). 25 things you don't know about 'Idol' finalists. Today
- ↑ (September 8, 2015). Behind The Jukebox: Haley Reinart. YouTube
- ↑ (March 14, 2011). Haley Reinhart eager to jazz it up some more on 'American Idol'. Chicago Sun-Time
- ↑ (2012). Critics' Choice with Haley Reinhart. RealMusicLive
- ↑ Rebecca Dalzell. (November 25, 2015). Haley Reinhart Wants to See You Shake and Roll (and Maybe Your Dog, Too). JP Morgan Chase and Co.
- ↑ (May 18, 2011). Haley Reinhart: From High School Jazz Band To 'American Idol'. MTV
- ↑ Clayton Perry. (July 2, 2012). Haley Reinhart: The Chicagoan With The Musical Ear Springboards Off Her "American Idol" Exposure. All Hip Hop
- ↑ Bruce Ingram. (April 20, 2016). American Idol' alum Haley Rienhart headlines benefit, celebrates new album at Durty Nellie's. Chicago Tribune
- ↑ (March 9, 2011). WHS Grad Advances to American Idol Finals. Buffalo Grove Patch
- ↑ (March 8, 2011). College student jazzes up finals. Chicago Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিলী ৰাইনহাৰ্ট” প্ৰবন্ধৰ সংশোধন ৬০২৮২০ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।