অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰোজাবেল লৰেণ্টি চেলৰ্চ

ৰোজাবেল লৰেণ্টি চেলৰ্চ (ইংৰাজী: Rosabell Laurenti Sellers; জন্ম: ২৭ মাৰ্চ, ১৯৯৬) এগৰাকী আমেৰিকান-ইটালীয়ান অভিনেত্ৰী। তেওঁ শিশু ধাৰাবাহিক মিয়া এণ্ড মিৰ নামভূমিকাত কৰা অভিনয় আৰু টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছত টাইন ছেণ্ডৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰোজাবেল লৰেণ্টি চেলৰ্চ (ইংৰাজী: Rosabell Laurenti Sellers; জন্ম: ২৭ মাৰ্চ, ১৯৯৬১) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন-ইটালীয়ান অভিনেত্ৰী। তেওঁ শিশু ধাৰাবাহিক মিয়া এণ্ড মিৰ নামভূমিকাত কৰা অভিনয় আৰু টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছত টাইন ছেণ্ডৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

প্ৰাৰম্ভিক জীৱন

চেলৰ্চৰ জন্ম কেলিফৰ্ণিয়াৰ ছাণ্টা মনিকাত হৈছিল। তেওঁৰ পিতৃ-মাতৃ ইটালীয়ান আছিল: মাতৃ অভিনেত্ৰী মেৰী চেলৰ্চ আৰু পিতৃ চলচ্চিত্ৰ নিৰ্মাতা ফেব্ৰিজিঅ’ লৰেণ্টি।২ ৰোমলৈ যোৱাৰ আগতে তেওঁ নিউয়ৰ্ক চহৰত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ এজন ককায়েক আৰু এগৰাকী ভগ্নী আছে।৩

কৰ্মজীৱন

২০০৪ চনত আঠ বছৰ বয়সত চেলৰ্চে নাট্য জগতত আত্মপ্ৰকাশ কৰে। সেই সময়ত তেওঁ আৰু তেওঁৰ ভাতৃক লা মামা নামৰ থিয়েটাৰ কোম্পানীটোৰ এটা প্ৰডাকচনত মিডিয়াৰ সন্তানৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়া হৈছিল। নিউয়ৰ্কত মঞ্চস্থ হোৱাৰ পিছত আৰু পোলেণ্ড তথা অষ্ট্ৰিয়াত একেটা শ্ব’ৰ ভ্ৰমণৰ অন্তত সেই বছৰতে তেওঁ পৰিয়ালৰ সৈতে কিছুসময়ৰ বাবে ৰোমলৈ গুচি যায়।৪

ইটালীত উপস্থিত হোৱাৰ পিছত তেওঁ টিভি আৰু চলচ্চিত্ৰ প্ৰডাকচনত অংশ ল’বলৈ আৰম্ভ কৰে। ২০০৬ চনত তেওঁ মাউৰিজিঅ’ পঞ্জীৰ নিৰ্দেশনাত নিৰ্মিত মিনি-চিৰিজ ই পই চে ফিলিপোত অংশগ্ৰহণ কৰে। পৰৱৰ্তী বছৰবোৰত তেওঁ এল’মোৰে ই লা গুৱেৰা, টেলিভিছন ধাৰাবাহিক মেডিচিনা জেনেৰেল আৰু টেলিভিছন চলচ্চিত্ৰ ফুগা-পাৰ লা লিবাৰ্টা – এল’এভিয়াটোৰ, মিনি-চিৰিজ কোকো চেল আৰু মুখ্য চৰিত্ৰত অভিনয় কৰা বোলছবি মি ৰিকৰ্ডো আন্না ফ্ৰেংকত অভিনয় কৰে।৪ ২০০৯ চনত তেওঁ ফাউষ্টো ব্ৰিজীৰ মেনি কিচেচ লেটাৰত আৰু তাৰ পিছৰ বছৰত মিনি-চিৰিজ পাউৰা ডি আমাৰেত অভিনয় কৰে।৪

২০১০ চনত লৰিচা কণ্ড্ৰাকীৰ দা হুইচেলব্ল’ৱাৰত চেলৰ্চে কেথৰিন বলকোভাকৰ (ৰাচেল ৱাইজ) কন্যাৰ চৰিত্ৰত অভিনয় কৰে।৪ ২০১২ চনত তেওঁ টিভি ধাৰাবাহিক উনা গ্ৰাণ্ডে ফামিগ্লিয়াত অংশ লয়৫ আৰু ৰাই ২-ৰ ধাৰাবাহিক মিয়া এণ্ড মিত অভিনয় কৰে। এই ধাৰাবাহিকখনত লাইভ একচন আৰু কম্পিউটাৰ গ্ৰাফিক্সৰদ্বাৰা নিৰ্মিত দৃশ্যসমূহ পাল পাতি দেখুওৱা হৈছিল।৬ ২০১২ চনৰ জুন মাহত তেওঁ এডোৱাৰ্ডো লিওৰ আউট অৱ দা ব্লুত ৰাউল বোভাৰ সৈতে অভিনয় কৰে।৭৮ ইয়াৰ মাজতে ৬৯তম ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁক ইভানো ডি মেটিঅ’ৰ বেলেন্সিং এক্টত৯ আৰু কিয়ৰা গাম্বেৰালেৰ ২০০৮ চনৰ উপন্যাসৰ ওপৰত আধাৰিত এ লিবাৰেল পেচনত এলেসান্দ্ৰো প্ৰেজিঅ’চি আৰু ভেলেণ্টিনা লডোভিনিৰ সৈতে অভিনয় কৰা দেখা গৈছিল।১০

২০১৫ চনত তেওঁ এইচবিঅ’ৰ ধাৰাবাহিক গেম অৱ থ্ৰোনছৰ পঞ্চম ছিজনত টাইন ছেণ্ডৰ চৰিত্ৰত অভিনয় শিল্পীৰ দলত যোগদান কৰে।১১

২০২০ চনত তেওঁ চাই-ফাই ধাৰাবাহিক স্পাইডছত নোৰা বাৰ্জাৰ হিচাপে অভিনয় শিল্পীৰ দলত যোগদান কৰে।১২

ব্যক্তিগত জীৱন

২০১৭ চনৰ মাৰ্চ মাহৰ তথ্য অনুসৰি চেলৰ্চে লণ্ডনৰ গীল্ডহল স্কুল অৱ মিউজিক এণ্ড ড্ৰামাত অধ্যয়ন কৰি আছে।১৩ চেলৰ্চে বহুতো অশ্বাৰোহী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু টেপ ডান্সৰো শিক্ষা গ্ৰহণ কৰিছে।১ চেলৰ্চ ইংৰাজী আৰু ইটালীয়ান দুয়োটা ভাষাতে সাৱলীল।

চেলৰ্চে একচন এইড আৰু স্মাইল এগেইনৰ দৰে দাতব্য সংস্থাসমূহৰ সৈতে কিশোৰ ইটালীয়ান প্ৰতিভাসকলক জড়িত কৰিবলৈ 'য়াং এক্টৰ্চ ফৰ হিউমেনিটেৰিয়ান ইনভল্ভমেণ্ট' প্ৰতিষ্ঠা কৰিছিল। তেওঁ ৰোমত থকা 'কমিউনিটা ডি চাণ্ট এগিডিঅ’' নামৰ দৰিদ্ৰ ভোজনালয়ত আহাৰো পৰিৱেশন কৰে।৩ ইয়াৰ উপৰি চেলৰ্চে 'ভেটো দ্য স্কুইটো' নামৰ আন এটা সংগঠনৰ সৈতে স্বেচ্ছাসেৱক হিচাপে কাম কৰিছে, যিটো সংগঠনে আফ্ৰিকাত কীটনাশকযুক্ত আঠুৱাৰ বাবে ধন সংগ্ৰহ কৰাত সহায় কৰে। তেওঁ বৰ্ণবাদ আৰু ইহুদীবিৰোধী বিৰোধী লীগৰ সৈতেও সহযোগিতা কৰিছে।১

তথ্যসূত্ৰ

  1. ↑ (March 3, 2016). Rosabell Laurenti Sellers · Studio Emme Talent Agency
  2. ↑ Trono di Spade, Rosabell Laurenti Sellers tra i nuovi volti della quinta stagione. Ciak Magazine
  3. ↑ Vivarelli, Nick. (March 30, 2013). Rosabell Laurenti Sellers: International Star You Need to Know. Variety
  4. ↑ Rosabell Laurenti Sellers. studioemmeagency.com
  5. ↑ Homepage – Studio Emme
  6. ↑ Homepage – Studio Emme
  7. ↑ Federico Moccia girerà Universitari, Anna Foglietta in Ho trovato l'America, Rosabell Laurenti Seller in Buongiorno Papà. Il Cinema Italiano
  8. ↑ Homepage – Studio Emme
  9. ↑ Giuseppe Sagnelli. Gli "Equilibristi" di De Matteo fra miseria e baratro. recencinema.it
  10. ↑ Homepage – Studio Emme
  11. ↑ (July 25, 2014). Game of Thrones season five cast announced at Comic Con!. Watchers on the Wall
  12. ↑ (April 6, 2020). Spides. IMDb
  13. ↑ Guildhall School on Twitter

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীইটালীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোজাবেল লৰেণ্টি চেলৰ্চ” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৪৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।