অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত

ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত হৈছে এক শ্ৰেণীৰ আখ্যানমূলক গীত। শঙ্কৰদেউ ৰজা কোনো কোনোৰ মতে শঙ্কৰদেউৰ পুত্ৰ মণিকোঁৱৰ আৰু মণিকোঁৱৰৰ পুত্ৰ ফুলকোঁৱৰক মূল চৰিত্ৰ হিচাপে লৈ আৰু মণিকোঁৱৰ আৰু ফুলকোঁৱৰৰ প্ৰেম কাহিনী দুটাক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত ৰচিত হৈছে।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ৩৪১ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত হৈছে এক শ্ৰেণীৰ আখ্যানমূলক গীত। শঙ্কৰদেউ ৰজা কোনো কোনোৰ মতে শঙ্কৰদেউৰ১ পুত্ৰ মণিকোঁৱৰ আৰু মণিকোঁৱৰৰ পুত্ৰ ফুলকোঁৱৰক মূল চৰিত্ৰ হিচাপে লৈ আৰু মণিকোঁৱৰ আৰু ফুলকোঁৱৰৰ প্ৰেম কাহিনী দুটাক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত ৰচিত হৈছে। অসমীয়া লোক কবিতাসমূহৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ যথেষ্ট গুৰুত্ব আছে।

অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতাসকলে এই গীতক অসমীয়াৰ উমৈহতীয়া সম্পদ হিচাপে স্থান দিলেও অসমৰ অন্যতম জাতি গোষ্ঠী সোণোৱাল কছাৰীসকলৰ সৈতে এই গীতৰ এৰাব নোৱৰা সম্পৰ্ক এটা দেখিবলৈ পোৱা যায়।২ গুণেশ্বৰ সোণোৱালে লিখিছে– ‘‘এই গীতবোৰ বৰ বিষাদৰ গীত। ফুলকোঁৱৰৰ গীত গালে বৰষুণ হয় বুলি সোণোৱালসকলে বিশ্বাস কৰে। খৰাং হ’লে এই গীত গাই বৰষুণ মতাৰ লোকবিশ্বাস এটা প্ৰচলিত আছে।৩ মৰাণসকলৰ পৰম্পৰাগত ধৰ্ম হুঁচৰিত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত পৰিৱেশন কৰা হয়৷৪

বিষয়বস্তু

ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰেম কাহিনী। ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ জনশ্ৰুতিমূলক কাহিনীটো এনেধৰণৰ– শংখদেউ ৰজা অপুত্ৰক আছিল বাবে ৰাণী ময়নামতীয়ে স্তুতি-মিনতিৰে জলকোঁৱৰক সন্তুষ্ট কৰাত সগৰ্ভা হৈ এটি পুত্ৰ সন্তান লাভ কৰে, যাৰ নাম মণিকোঁৱৰ। কিন্তু গণকৰ হিচাপে অনুসৰি মণিকোঁৱৰৰ আয়ুস মাথোঁন ষোল্ল বছৰ। মণিকোঁৱৰে ৰাজমন্ত্ৰীৰ কন্যা কাচন কুঁৱৰী]ঋক বিয়া কৰালে। কিন্তু ভৱিষ্যত বাণী অনুসৰি যথাসময়ত জলকুঁৱৰীয়ে মণিকোঁৱৰক হৰি নিলে। পাছত কাচন কুঁৱৰীৰ গৰ্ভত ফুলকোঁৱৰৰ জন্ম হ’ল।৫ ডাঙৰ হৈ আহি ফুলকোঁৱৰে দেউতাকৰ পৰিচয় বিচাৰিবলৈ ল’লে আৰু দেউতাক হেৰুৱাৰ কাহিনী জানিব পাৰি ফুলকোঁৱৰে দেউতাকক বিচাৰি উলিওৱাৰ সংকল্প ল’লে। মাকক খাটনি ধৰি ধৰি অৱশেষত ফুলকোঁৱৰে ককাদেউতাকে বাঢ়ৈৰ হতুৱাই সাজি দিয়া কাঠৰ পখীঘোঁৰাত উঠি ফুলকোঁৱৰ দেউতাকৰ সন্ধানত উৰা মাৰিলে। বিজুলি সঞ্চাৰে ছমাহৰ বাট একেদিনাই গৈ ককাকে পাছলৈ উলটি নাচাবলৈ বুলি দিয়া হাক বচন পাহৰি ফুলকোঁৱৰে কিমাননো আহিলোঁ বুলি পাছলৈ ঘূৰি চালে আৰু লগে লগে কাঠৰ পখীঘোঁৰাৰ পাখি ছিগি বাৰে বছৰ কাল নুফুলাকৈ থকা দিজাই মালিনী বুঢ়ীৰ ফুলনিত পৰিলগৈ। ফুলকোঁৱৰে ফুলনিত নমাৰ লগে লগেই ফুলনি ফুলেৰে জাতিষ্কাৰ হৈ উঠিল। পাছত মালিনী বুঢ়ীৰ যোগেদি সেই ঠাইৰ ৰজাৰ কণ্যা পচতুলাৰ লগত ফুলকোঁৱৰৰ গোপন প্ৰণয় ঘটিল আৰু পচতুলা সন্তান সম্ভৱা হ’ল। পাছত সেই দেশৰ ৰজাই পচতুলাক ফুলকোঁৱৰলৈ বিয়া দিলে। অৰুণা-জগৰা তেওঁলোকৰে সন্তান।৬

ৰচনা কাল

ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ ৰচনাৰ সঠিক সময় নিৰ্ণয় কৰিব নোৱাৰি।

বৈশিষ্ট্য

ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ মূল বৈশিষ্ট্যসমূহ হৈছে–

  1. অলৌকিকতাৰ প্ৰকাশ
  2. ৰচনাৰীতিৰ সৰলতা
  3. অসমীয়া গ্ৰাম্য জনজীৱনৰ চিত্ৰ প্ৰকাশ
  4. স্বৰবৃত্ত ত্ৰিপদী ছন্দ বিশিষ্ট
  5. ছন্দ বা সুৰৰ লয় ৰাখিবৰ বাবে স্থান বিশেষে মূল ভাবৰ লগত সংগতি থকা বা নথকা একোফাঁকি গৌণ পদৰ ব্যৱহাৰ আদি।

তথ্যসূত্ৰ

  1. ↑ ড॰ বিভা দত্ত নেওগ [সম্পা.]. (ষষ্ঠ সংস্কৰণ, ২০১৭). কবিতা মুকুৰ. কিৰণ প্ৰকাশন, ধেমাজি. পৃ. ১০৩
  2. ↑ ড॰ অৰবিন্দ ৰাজখোৱা [সম্পা.]. (তৃতীয় সংস্কৰণ, ২০১৩). অসমীয়া কাব্য পৰিক্ৰমা. বনলতা, ডিব্ৰুগড়. পৃ. ৩৬
  3. ↑ ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱা [সম্পা.]. (দ্বিতীয় সংস্কৰণ, ২০০১). অসমীয়া লোকসাহিত্য. অসম সাহিত্য সভা, ষট্‌ ষষ্ঠিতম অধিৱেশন, ডিব্ৰুগড. পৃ. ৩৪৯
  4. ↑ Mridul Moran. (2017). The Bihu Festival of the Morans of Assam, India. International Journal of Humanities and Social Science Invention (IJHSSI). www.ijhssi.org. পৃ. 36-37
  5. ↑ ড॰ অৰবিন্দ ৰাজখোৱা [সম্পা.]. (তৃতীয় সংস্কৰণ, ২০১৩). অসমীয়া কাব্য পৰিক্ৰমা. বনলতা, ডিব্ৰুগড়. পৃ. 37
  6. ↑ ড॰ বিভা দত্ত নেওগ [সম্পা.]. (ষষ্ঠ সংস্কৰণ, ২০১৭). কবিতা মুকুৰ. কিৰণ প্ৰকাশন, ধেমাজি. পৃ. ১০৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত” প্ৰবন্ধৰ সংশোধন ৫৮২৩৭৩ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।