অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বৰ্ণালী (শিশু আলোচনী)

বৰ্ণালী অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী৷ এইখন দুমহীয়া আলোচনী আছিল৷ ১৯৭৯ চনত প্ৰকাশিত৷ সম্পাদক আছিল জয়ন্ত ৰঞ্জন চেতিয়া৷ আলোচনীখন আন্তৰ্জাতিক শিশুবৰ্ষত প্ৰকাশিত হৈছিল৷ বৰ্ণালী নামৰ আন এখন তিনিমহীয়া ত্ৰৈভাষিক আলোচনী ১৯৮০ চনত বঙাইগাঁওৰ পৰা প্ৰকাশিত হৈছিল৷ এইখন আছিল বঙাইগাঁও ৰিফাইনেৰী আৰু…

হালনাগাদ: ২২ জুন ২০২৫ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৩৯
সংশোধনৰ পৰামৰ্শ

বৰ্ণালী অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী৷ এইখন দুমহীয়া আলোচনী আছিল৷ ১৯৭৯ চনত প্ৰকাশিত৷ সম্পাদক আছিল জয়ন্ত ৰঞ্জন চেতিয়া৷ আলোচনীখন আন্তৰ্জাতিক শিশুবৰ্ষত প্ৰকাশিত হৈছিল৷১

বৰ্ণালী নামৰ আন এখন তিনিমহীয়া ত্ৰৈভাষিক আলোচনী ১৯৮০ চনত বঙাইগাঁওৰ পৰা প্ৰকাশিত হৈছিল৷ এইখন আছিল বঙাইগাঁও ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেলচৰ গৃহ পত্ৰিকা৷ প্ৰকাশ কৰিছিল, ডেপুটী মেনেজাৰে, জনসংযোগ, ধালিগাঁও, বঙাইগাঁও৷২

আন এখন বৰ্ণালী নামৰ তিনিমহীয়া সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী প্ৰকাশিত হৈছিল গোলাঘাটৰ পৰা, ১৯৮১ চনত৷ আলোচনীখনৰ সম্পাদক আছিল পুনাৰাম নেওগ৷৩

তথ্যসূত্ৰ

  1. ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ২৮২
  2. ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ২৮৩
  3. ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ২৮৫

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীঅসমীয়া শিশু আলোচনীঅধুনালুপ্ত আলোচনীসাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ণালী (শিশু আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫২০০৭২ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।