অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অষ্ট্ৰেলিয়ান ফেয়াৰী টেল ছচাইটি

অষ্ট্ৰেলিয়ান ফেয়াৰী টেল ছচাইটি (চমুকৈ AFTS) হৈছে শিক্ষাবিদ, শিল্পী, গল্পকাৰ, সংগীতজ্ঞ, লেখক আৰু সাধুকথা প্ৰেমীসকলৰ এটা সমাজ যিয়ে ২০১৩ চনৰ পৰা অষ্ট্ৰেলীয় দৃষ্টিভংগীৰে সাধুকথাৰ অন্বেষণৰ উদ্দেশ্যে কাম কৰি আছে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অষ্ট্ৰেলিয়ান ফেয়াৰী টেল ছচাইটি (চমুকৈ AFTS)১ হৈছে শিক্ষাবিদ, শিল্পী, গল্পকাৰ, সংগীতজ্ঞ, লেখক আৰু সাধুকথা প্ৰেমীসকলৰ এটা সমাজ যিয়ে ২০১৩ চনৰ পৰা অষ্ট্ৰেলীয় দৃষ্টিভংগীৰে সাধুকথাৰ অন্বেষণৰ উদ্দেশ্যে কাম কৰি আছে।২৩

ইতিহাস

২০১৩ চনৰ জুলাই মাহত সহ-প্ৰতিষ্ঠাপক ৰেইলি মেক্কাৰন আৰু জো হেনউডৰ মাজত হোৱা এটা ফেচবুক বাৰ্তালাপৰ জৰিয়তে এই ছচাইটিৰ যাত্ৰা আৰম্ভ হৈছিল।৪ এক ক্ৰাউড ফাণ্ডিং অভিযান৫ আৰু জেক জিপছ তথা মাৰিয়া টাটাৰৰ দৰে সাধুকথাৰ পণ্ডিতসকলৰ উৎসাহৰ ফলত ২০১৪ চনৰ জুন মাহত ছিডনীত ইয়াৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনতে প্ৰথমখন কাৰ্যনিৰ্বাহক সমিতি নিৰ্বাচিত কৰা হয় য’ত ৰেইলি মেক্কাৰনক সভাপতি আৰু জুলি মাণ্ডি-টেইলৰক উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হয়।৬৭

গঠন

এই ছচাইটিখন এখন পঞ্জীয়নভুক্ত জনহিতকৰ সংস্থা। ২০১৯ চনত ইয়াৰ আইনী স্থিতিৰ কিছু সালসলনি কৰি বৰ্তমানৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল।১ এই ছচাইটিত কোনো বেতনভোগী পদ নাই।৮

উদ্দেশ্য

সংস্থাটোৰ লক্ষ্য হৈছে মূল অষ্ট্ৰেলীয় সাধুকথা, ইয়াৰ অভিযোজন, ব্যাখ্যা আৰু সমালোচনা সংগ্ৰহ তথা সূচীবদ্ধ কৰা। লগতে অষ্ট্ৰেলীয় সাধুকথাৰ সৃষ্টিত উৎসাহিত কৰা আৰু ইয়াৰ বিশ্লেষণ কৰা।৭৯

কাৰ্যকলাপ

অষ্ট্ৰেলিয়াত সাধুকথাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰতিবছৰে 'অষ্ট্ৰেলিয়ান ফেয়াৰী টেল ছচাইটি বঁটা' প্ৰদান কৰা হয়। বঁটাৰ বাবে মনোনীত ব্যক্তিজন ছচাইটিৰ সদস্য হোৱাটো বাধ্যতামূলক নহয় যদিও মনোনয়ন আৰু ভোটদানৰ অধিকাৰ কেৱল সদস্যসকলৰহে থাকে।১০ ২০১৮ চনত কেট ফৰচাইথ আৰু ২০২০ চনত লৰেনা কাৰিংটন এই বঁটাৰ অন্যতম বিজয়ী।১১

অষ্ট্ৰেলিয়াৰ বিভিন্ন প্ৰান্তত অনলাইন বা স্থানীয় গোটৰ জৰিয়তে 'ফেয়াৰী টেল ৰিংছ' (সাধুকথাৰ চক্ৰ) অনুষ্ঠিত হয়। এই চক্ৰসমূহত বছৰি পাঁচটাকৈ বিশেষ সাধুকথাৰ ইতিহাস, অৰ্থ আৰু অষ্ট্ৰেলীয় দৃষ্টিভংগীৰ ওপৰত আলোচনা কৰা হয়।১২ ইয়াৰ উপৰিও ছচাইটিয়ে বাৰ্ষিক সন্মিলন, এটা ইউটিউব চেনেল আৰু পডকাষ্ট শৃংখলা পৰিচালনা কৰে।১৩

তথ্যসূত্ৰ

  1. ↑ (30 November 2023). Australian Fairy Tale Society. Australian Charities and Not-for-profits Commission
  2. ↑ Mission. Australian Fairy Tale Society
  3. ↑ Morris, Linda. (10 June 2015). Spinning Australian fairytales from straw. The Sydney Morning Herald
  4. ↑ Byatt, Mitch. (10 June 2014). Jo Henwood Talks Australian Fairy Tales to 2ser. YouTube
  5. ↑ (3 July 201). You made it Pozible. Thank you!. Australian Fairy Tale Society
  6. ↑ McGee, Danielle. (2022). The Australian Fairy Tale Society: Celebrating Eight Years of Enchantment. Marvels & Tales. পৃ. 106–107
  7. ↑ Morris, Kylie. (19 Sep 2022). Fairytale tales. ABC Listen
  8. ↑ (July 2023). The AFTS Leadership. Australian Fairy Tale Society
  9. ↑ Mission. Australian Fairy Tale Society
  10. ↑ (8 May 2018). AFTS Award. Australian Fairy Tale Society
  11. ↑ Carrington, Lorena. (2022). Five Fairy-Tale Images. Marvels & Tales. পৃ. 100-104
  12. ↑ (7 August 2015). Fairy Tale Rings. Australian Fairy Tale Society
  13. ↑ Australian Fairy Tale Society. YouTube

সম্পৰ্কিত শ্ৰেণী

সাধুকথাঅনুষ্ঠান প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অষ্ট্ৰেলিয়ান ফেয়াৰী টেল ছচাইটি” প্ৰবন্ধৰ সংশোধন ৫৯৮৬৮০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।