ইণ্ডোনেছিয়াৰ বালিত অৱস্থিত গ্ৰীণ স্কুল বাডুং ৰিজেন্সিৰ আবিয়ানচেমালৰ ওচৰত আয়ুং নদীৰ কাষত অৱস্থিত১ এখন ব্যক্তিগত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক-কিণ্ডাৰগাৰ্টেনৰ পৰা হাইস্কুললৈকে থকা এখনি বিদ্যালয়।২
জন আৰু চিন্থিয়া হাৰ্ডিয়ে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। খবৰ অনুসৰি হাৰ্ডি পৰিয়ালে ২০০৬ চনত এলান ৱেগষ্টাফৰ থ্ৰী স্প্ৰিংছ কনচেপ্ট ডকুমেণ্ট পঢ়ি এটা শিক্ষামূলক গ্ৰাম্য সম্প্ৰদায় গঢ়াৰ বাবে গ্ৰীণ স্কুলৰ কল্পনা কৰিছিল। আয়ুং নদীৰ ওপৰেৰে ২২ মিটাৰ দৈৰ্ঘ্যৰ বিদ্যালয়খনৰ বাঁহৰ দলং নিৰ্মাণৰ কাম ২০০৬ চনৰ নৱেম্বৰ মাহত সম্পূৰ্ণ হৈছিল। ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত ৯০জন ছাত্ৰ-ছাত্ৰীৰে গ্ৰীণ স্কুল মুকলি কৰা হয় আৰু জংঘল আৰু ধাননি পথাৰৰ পৰিৱৰ্তে গঢ়ি উঠা এটা সুশৃংখলিত চৌহদ। তাৰ পিছৰ পৰা ই প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰীলৈ বৃদ্ধি পায়।৩
পৰিৱেশগত আৰ্হি
আৰম্ভণিতে বেৰৰ বাহিৰত জীৱন জীয়াৰ উদ্দেশ্য থকাৰ পিছতো, ২০২১ চনৰ হিচাপত বিদ্যালয়খনৰ ৭০+ অট্টালিকা,২ but use some renewable energy sources, including micro-hydro power৪ কিন্তু কিছুমান নবীকৰণযোগ্য শক্তিৰ উৎস ব্যৱহাৰ কৰা যেনে, "হাইড্ৰ'ইলেক্ট্ৰিক ভৰটেক্স"ৰ পৰা মাইক্ৰ'-হাইড্ৰ' শক্তি৫ আৰু সৌৰশক্তি অন্তৰ্ভুক্ত কৰি প্ৰকাৰান্তৰে বেৰৰ বাহিৰত নহয়।
জৈৱিক পাৰ্মাকালচাৰ ব্যৱস্থাৰ নীতিসমূহক কেন্দ্ৰ কৰি কেম্পাছটোৰ ডিজাইন কৰা হৈছে,৪ আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষণ কাৰ্য্যকলাপৰ অংশ হিচাপে এখন জৈৱিক বাগিচা খেতি কৰে।৪ বাঁহ, স্থানীয় ঘাঁহ আৰু পৰম্পৰাগত বোকামাটিৰ বেৰকে ধৰি নবীকৰণযোগ্য সম্পদেৰে ঘৰবোৰ নিৰ্মাণ কৰা হয়।৪ এই চৌহদটোক বাঁহৰ স্থাপত্যৰ বৃহৎ পৰিসৰৰ নিৰ্মাণ সম্ভাৱনাৰ উদাহৰণ হিচাপে ধাৰণা কৰা হৈছে,৬৭ বিশেষকৈ "বিদ্যালয়ৰ কেন্দ্ৰ" – ৬০ মিটাৰ দীঘল৭, ২৫০০ বাঁহৰ খুঁটাৰে নিৰ্মিত ষ্টিল্ট-গাঁথনি আছে।৮বিদ্যালয়খনে ইয়াৰ আন কিছুমান প্ৰয়োজনীয়তাৰ বাবেও নবীকৰণযোগ্য নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰে,৯ যদিও জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে লেপটপ ব্যৱহাৰ কৰিব লাগে।১০
২০১৫ চনৰ জানুৱাৰী মাহত গ্ৰীণ স্কুল হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বায়' বাছ আৰম্ভ কৰে, যিটো ছাত্ৰ-নেতৃত্বাধীন সামাজিক উদ্যোগ গ্ৰীণ স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু সম্প্ৰদায়ক বহনক্ষম পৰিবহণ সেৱা প্ৰদান কৰে।১১ এই পদক্ষেপে গ্ৰীণ স্কুলৰ গ্ৰাম্য পৰিৱেশলৈ পৰিবহণ ব্যৱস্থা সমাধানৰ দিশটো চালে, যিটো মূলতঃ ব্যক্তিগত গাড়ী, কাৰপুলিং আৰু মটৰবাইকেৰে গঠিত আছিল। বায়' বাছত এতিয়া ১৮ জনীয়া চাৰিখন বাছ আছে যিবোৰ বিশুদ্ধভাৱে ব্যৱহৃত ৰন্ধন তেলৰ পৰা তৈয়াৰী বায়'ডিজেল (B100) ব্যৱহাৰ কৰি চলি থাকে।১২
পাঠ্যক্ৰম
বিদ্যালয়খন চাৰিটা শিক্ষণ গোটেৰে গঠিত – প্ৰাৰম্ভিক বছৰ, প্ৰাথমিক বিদ্যালয়, মধ্যবিদ্যালয় আৰু হাইস্কুল। বিশেষ কাৰ্যসূচীসমূহৰ ভিতৰত আছে সেউজ অধ্যয়ন, পৰিৱেশ বিজ্ঞান, উদ্যোগীকৰণ শিক্ষণ আৰু সৃষ্টিশীল কলা।১৩
গ্ৰীণ স্কুলে এক সামগ্ৰিক, সম্প্ৰদায়-সংহত, উদ্যোগী শিক্ষণ কাৰ্যসূচীৰ জৰিয়তে শিক্ষা প্ৰদান কৰে। এই বিদ্যালয়খন ৱেষ্টাৰ্ণ এছ'চিয়েচন অৱ স্কুলছ এণ্ড কলেজ (WASC)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।১৪
পাঠ্যক্ৰমৰ বহিৰ্ভূত কাম-কাজ
কুল কুল সংযোগ
২০১৬ চনত প্ৰতিষ্ঠা হোৱা কুল কুল সংযোগ হৈছে এক সামূহিক কাৰ্যসূচী, যিটো ২১০ জনতকৈ অধিক স্থানীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়ৰ পিছত আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ মূল কেন্দ্ৰবিন্দু হৈছে ইংৰাজী ভাষা আৰু বহনক্ষমতা।১৫
পৰিচালনা সমিতি আৰু প্ৰশাসন
২০১৫ চনত গ্ৰীণ স্কুলে বিদ্যালয়খনৰ প্ৰগতিশীলতাৰ মনোভাৱেৰে অধ্যাপক, অভিভাৱক, স্থানীয় সম্প্ৰদায় আৰু পৰিচালনা সমিতিৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰিবলৈ কৌশলগত পৰ্যালোচনা প্ৰক্ৰিয়া আৰম্ভ কৰে। এই বিৱৰ্তনক পূৰণ কৰিবলৈ গ্ৰীণ স্কুলৰ শাসন গাঁথনি নবীকৰণ কৰি ৰাজহুৱা কৰা হৈছিল। .৩ ইয়াৰ তিনিস্তৰীয় শাসন গাঁথনি ইণ্ডোনেছিয়াৰ আইনী প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। বৰ্তমান ট্ৰাষ্টী, এখন ব'ৰ্ড অৱ মেনেজমেণ্ট আছে – এক ক্ৰছ-ষ্টেকহোল্ডাৰ সংস্থা, যিয়ে বিদ্যালয়খনৰ সামগ্ৰিক শিক্ষা অভিজ্ঞতা প্ৰদান কৰে আৰু ইয়াৰ কৌশলগত পৰিকল্পনা ৰূপায়ণ কৰিবলৈ বিদ্যালয়খনক কাৰ্য্যকৰীভাৱে পৰিচালনা কৰে।১৬ স্কুল ব’ৰ্ডৰ সদস্যসকলৰ ভিতৰত আছে ৰজাৰ জে হেমিল্টন ডেভিদ হেফাৰনান, ৰ'নাল্ড ষ্টোনছ, নাডিয়া হুটাগালুং, মিকি একাৰমেন, ক্ৰীছ ছায়ে, ডেৰেক মণ্টগোমেৰী আৰু থিও বেকাৰ।১৭
বঁটা
গ্ৰীণ স্কুলক ২০১২ চনত আমেৰিকাৰ গ্ৰীণ বিল্ডিং কাউন্সিলৰ চেণ্টাৰ ফৰ গ্ৰীণ স্কুলৰ দ্বাৰা “পৃথিৱীৰ আটাইতকৈ সেউজীয়া বিদ্যালয়’’ বঁটা প্ৰদান কৰা হয়।১৮১৯ ২০১০ চনৰ স্থাপত্যৰ বাবে আগা খান বঁটাৰ বাবে এই বিদ্যালয়খন চূড়ান্ত প্ৰতিযোগী আছিল।১২০
তথ্যসূত্ৰ
- ↑ Aga Khan Award for Architecture
- ↑ Jakarta Globe: A Hardy School: A Green Future
- ↑ Welcome to the Beautiful Bali Jungle!
- ↑ Treehugger.com: New Green School opens in Bali
- ↑ CNN: Green School Bali
- ↑ (24 August 2012). DesignBoom: Bamboo Pure Green School
- ↑ Domus: The Green School
- ↑ Daily Telegraph
- ↑ Globe and Mail
- ↑ The Green School Family Heartbook
- ↑ (October 2015). Youths As Agents of Change- Bio Bus Plenary Presentation. Renewable Energy Forum 2015
- ↑ 2(August 2016). How Used Cooking Oil Powers A School Bus In Bali. TedXUbud
- ↑ Learning Programme
- ↑ Press Release. Green School Bali
- ↑ Education · Kul Kul Connection. kulkulconnection.greenschool.org
- ↑ Welcome, Green School
- ↑ Green School Board
- ↑ Center For Green Schools
- ↑ EDC Magazine
- ↑ Architecture Week: Aga Khan Award Finalists
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালিৰ গ্ৰীণ স্কুল” প্ৰবন্ধৰ সংশোধন ৫৩৮২৪৯ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।