লাডাখৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলন (SECMOL) ভাৰতৰ লাডাখৰ লেহত অৱস্থিত ভাৰতীয় বেচৰকাৰী সংস্থা।
ইতিহাস
লাডাখৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলন (SECMOL) হৈছে ১৯৮৮ চনত লাডাখৰ শিক্ষা-ব্যৱস্থা সংস্কাৰ কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা এটা সংস্থা। বিশ্ববিদ্যালয়ৰপৰা উভতি অহা লাডাখী যুৱক-যুৱতীসকলৰ এটা দলে আধুনিক শিক্ষাৰ সৈতে নৱপ্ৰজন্মৰ সমস্যা, তেওঁলোকৰ মনোযোগৰ অভাৱ আৰু সাংস্কৃতিক বিভ্ৰান্তিৰ কথা বুজি পাইছিল। তেওঁলোকৰ কাৰ্যকলাপৰ ভিতৰত চৰকাৰী বিদ্যালয় ব্যৱস্থাৰ সংস্কাৰৰ বাবে কাম কৰা, গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষাত সহায় কৰা, অনুপযুক্ত আৰু সংবেদনহীন স্কুলীয়া শিক্ষাৰপৰা উদ্ভৱ হোৱা সমস্যাৰ প্ৰতি যুৱক-যুৱতীসকলক সজাগ কৰা, আনুষংগিক ভিডিঅ’ আৰু ৰেডিঅ’ অনুষ্ঠান প্ৰস্তুত কৰা, আৰু সৌৰশক্তিৰে উত্তাপিত পৰিৱেশ-বন্ধুত্বপূৰ্ণ অট্টালিকাৰ ডিজাইন আৰু নিৰ্মাণ কৰা আদি অন্তৰ্ভুক্ত।১২
ফেই কেম্পাছ

লেহৰপৰা ১৮ কিলোমিটাৰ দূৰত্বত সিন্ধু উপত্যকাৰ ফেই গাঁৱৰ ওচৰত অৱস্থিত ছেকমল চৌহদ। ১৯৯৪ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত ইয়াক বিকশিত কৰা হৈছিল আৰু ১৯৯৮ চনত দালাই লামাই উদ্বোধন কৰিছিল।
সহজ, কম খৰচী পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই কেম্পাছটোত এতিয়া তিনিটা আৱাসিক ঘৰ, ২০টা সৰু "চেল ৰুম" আৰু এটা বৃহৎ বিদ্যালয় ভৱন আছে, সকলোবোৰ সৌৰশক্তিৰে উত্তাপিত। SECMOLৰ কামৰ এটা অংশ হৈছে বিকল্প শক্তিৰ উৎস ব্যৱহাৰ কৰা কৌশল বিকশিত কৰা। লাডাখত বছৰি ৩০০ৰো অধিক দিন ৰ’দ থাকে আৰু সেয়েহে সূৰ্য্য শক্তিৰ এক নিৰ্ভৰযোগ্য উৎস আৰু জীৱাশ্ম ইন্ধনৰ বিকল্প।৩ এই কেম্পাছটোত প্ৰায় ৭০ জন ছাত্ৰ-ছাত্ৰী আৰু কেইজনমান কৰ্মচাৰী আৰু স্বেচ্ছাসেৱক আছে, যিসকলে তাত বাস কৰে, কাম কৰে আৰু অধ্যয়ন কৰে। কেম্পাছটো গণতান্ত্ৰিক ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলে নিজেই ৰক্ষণাবেক্ষণ কৰে আৰু বহু পৰিমাণে পৰিচালনা কৰে।১
গ্ৰন্থপঞ্জী
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাডাখৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু সাংস্কৃতিক আন্দোলন” প্ৰবন্ধৰ সংশোধন ৬৩৮৬২৭ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।