ইণ্ডিয়ান নাৰ্ছ এছ’চিয়েচন চমুকৈ আই এন এ ভাৰতৰ নাৰ্ছসকলৰ বাবে এক পঞ্জীয়নভুক্ত পেছাদাৰী সংস্থা আৰু ট্ৰেড ইউনিয়ন।
ইতিহাস
২০১১ চনৰ পৰাই কেইবাটাও নতুন নাৰ্ছিং এছোছিয়েচন গঠনৰ কাৰণ দেখা যায়।১ এই সংস্থা গঠনৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছিল, মিছ বিনা বেবী,২ এগৰাকী পঞ্জীয়নভুক্ত নাৰ্ছ, যিয়ে অবৈধ পৰিচালনাৰ নিয়ম থকা ব্যক্তিগত চিকিৎসালয় এখনত কৰ্মচাৰীৰ গুণ্ডাগিৰিৰ বাবে আত্মহত্যা কৰিছিল। মুম্বাইত থকা চিকিৎসালয়খনে কাৰ্যকৰী কৰা তথাকথিত "বণ্ড ব্যৱস্থা"টো আছিল ১৯৭৬ চনৰ বণ্ডেড লেবাৰ চিষ্টেম (বিলুপ্তকৃত) আইনখনৰ বিৰুদ্ধে পৰোক্ষ উলংঘা। কিন্তু ভাৰতৰ নাৰ্ছিং নিয়ন্ত্ৰক ভাৰতীয় নাৰ্চিং কাউন্সিলে সেৱা খণ্ডৰ নাৰ্ছসকলৰ সৈতে জড়িত বিষয়সমূহত ফলপ্ৰসূভাৱে হস্তক্ষেপ কৰিব পৰা নাছিল কাৰণ ১৯৪৭ চনৰ আইএনচি আইনখনত প্ৰয়োজনীয় আইনী বিধান নাছিল। মিছ বেবীৰ মৃত্যুৰ ফলত জনসাধাৰণৰ মাজত আন্দোলনৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত ২৫০ গৰাকী নাৰ্ছে ধৰ্মঘট কৰে।৩
ধাৰা
এই সংগঠনটোৰ শেহতীয়া কাৰ্যাৱলী হৈছে, চিকিৎসালয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাত পলম হোৱাৰ বাবে কেৰালা ৰাজ্যৰ চিকিৎসালয় পৰিচালনা আৰু চৰকাৰী কৰ্তৃপক্ষৰ বিৰুদ্ধে আয়োজন কৰা প্ৰতিবাদ।৪ এই প্ৰতিবাদৰ ফলত ইণ্ডিয়ান নাৰ্ছ এছোছিয়েছন আৰু ইউনাইটেড নাৰ্ছ এছোছিয়েচনৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ ধৰ্মঘট৫ অনুষ্ঠিত কৰা হয়।
তথ্যসূত্ৰ
- ↑ Crusaders of the Nurses struggle for justice. The New Indian Express
- ↑ Nurse commits suicide, colleagues blame senior - Mumbai Mirror -. Mumbai Mirror
- ↑ 250 nurses go on strike over bond, harassment. mid-day
- ↑ (2017-07-02). Kerala nurses strike: Here is all you need to know. The Indian Express
- ↑ Nurses strike. ddinews.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান নাৰ্ছ এছোছিয়েচন” প্ৰবন্ধৰ সংশোধন ৬৩৫৩৯৪ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।