অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ছিষ্টাৰ-হুড

ছিষ্টাৰ-হুড (Sister-hood) হৈছে ২০০৭ চনত নৰৱেৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱ অধিকাৰ কৰ্মী দীয়া খানে তেওঁৰ মেডিয়া আৰু কলা প্ৰযোজনা প্ৰতিষ্ঠান ফুউছৰ জৰিয়তে প্ৰতিষ্ঠা কৰা মুছলমান পৰম্পৰাৰ মহিলাসকলৰ কণ্ঠস্বৰৰ বাবে এক আন্তৰ্জাতিক মঞ্চ।

হালনাগাদ: ১৮ মে’ ২০২৬ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ছিষ্টাৰ-হুড (Sister-hood) হৈছে ২০০৭ চনত নৰৱেৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱ অধিকাৰ কৰ্মী দীয়া খানে তেওঁৰ মেডিয়া আৰু কলা প্ৰযোজনা প্ৰতিষ্ঠান ফুউছৰ জৰিয়তে প্ৰতিষ্ঠা কৰা মুছলমান পৰম্পৰাৰ মহিলাসকলৰ কণ্ঠস্বৰৰ বাবে এক আন্তৰ্জাতিক মঞ্চ।১

মুছলমান পৰম্পৰাৰ মহিলাসকলৰ কণ্ঠস্বৰ প্ৰচাৰ কৰা এক গোলকীয় অনলাইন আলোচনী আৰু লাইভ ইভেণ্ট প্লেটফৰ্ম হিচাপে ২০১৬ চনত ছিষ্টাৰ-হুড পুনৰ মুকলি কৰা হৈছিল। অনলাইন আলোচনী হিচাপে পুনৰ মুকলি হোৱাৰ ছয় মাহৰ ভিতৰত ছিষ্টাৰ-হুডে মহিলাৰ সমতাৰ ওপৰত আলোকপাত কৰাৰ লগতে মুছলমান মহিলাসকলক প্ৰভাৱিত কৰা বিষয়বোৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে ইস্পোক জীৱন্ত শ্ৰেষ্ঠ ৱেবছাইট, ২০১৬ৰ এছিয়ান মেডিয়া বঁটা লাভ কৰে।২ ছিষ্টাৰ-হুড আলোচনীৰ দূতসকলৰ ভিতৰত আছে পাকিস্তানৰ ফৰিদা শ্বহীদ, ইজিপ্তৰ মনা এলটাহাৱি, পেলেষ্টাইনৰ ৰুলা জেব্ৰিয়েল, চোমালি মূলৰ লেইলা হুছেইন আৰু আলজেৰিয়াৰ মেৰিয়েম হেলি লুকাছ।

লক্ষ্য

ছিষ্টাৰ-হুডৰ উদ্দেশ্য হৈছে মানৱ অধিকাৰ, লৈংগিক-সমতা, মত প্ৰকাশৰ স্বাধীনতা, শান্তি আৰু সামাজিক ন্যায়ৰ বাবে কাম কৰা মুছলমান পৰম্পৰাৰ প্ৰখ্যাত আৰু অখ্যাত মহিলাসকলৰ প্ৰচাৰ কৰা আৰু লগতে ঐতিহাসিক আৰু আজিৰ মহিলাসকলৰ বিষয়ে আলোকপাত কৰা, যিসকলে ব্যক্তিগত অধিকাৰ আৰু শাৰীৰিক অখণ্ডতাৰ বাবে যুঁজ দিছে, যিসকলে মহিলা আৰু অন্যান্য দুৰ্বল লোকৰ সৈতে একাত্মতা প্ৰকাশ কৰিছে আৰু যিসকল বিদগ্ধ ব্যক্তি, শিল্পী, সন্ত আৰু সমাজকৰ্মী হিচাপে সমাজৰ উন্নয়নত ব্ৰতী হৈ আছে।৩

ইতিহাস

ছিষ্টাৰ-হুড মূলতঃ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুছলমান পৰম্পৰাৰ যিসকল সৃষ্টিশীল মহিলাই প্ৰায়ে নিজৰ সৃজনশীলতাক প্ৰকাশ কৰাত বাধাৰ সন্মুখীন হৈছিল, সেই সকল যুৱ-মহিলা কণ্ঠশিল্পী আৰু কবিসকলৰ প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ ২০০৭ চনত এটা অনলাইন মিক্সটেপ (Mixtape) হিচাপে আৰম্ভ হৈছিল। দীয়া খানে কৈছিল যে তেওঁলোকৰ বহুতে আনকি নিজৰ সম্প্ৰদায়ৰ দ্বাৰাও সক্ৰিয়ভাৱে নিৰুৎসাহিত হৈছে, যিসকল মহিলা সংগীতৰ মাজেৰে নিজৰ চিন্তা আৰু সপোনক প্ৰকাশ কৰিব বিচাৰে। দীয়া খানেও আনকি সংগীত শিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভণিত তেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল।

প্ৰকল্প

ছিষ্টাৰ-হুডৰ প্ৰথম প্ৰকল্প আছিল ছিষ্টাৰ-হুড অনলাইন মিক্সটেপ।৪

২০১৫ চনত দীয়া আৰু ফুউছে অচলো চহৰত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰে, য’ত নাৱাল এল সাদাৱি, হিনা জিলানী, মোনা এলটাহাৱি, ফৰিদা শহিদ, য়ানাৰ মহম্মদ, লেইলা হুছেইন আৰু অন্য নাৰীবাদীসকল উপস্থিত আছিল।

বিবিচি ৱুমেন আৱাৰছ্ত ঘোষিত অনলাইন আলোচনী ছিষ্টাৰ-হুড ১৬ মে’ ২০১৬ত মুকলি কৰা হৈছিল। আল-জাজিৰাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত দীয়াই আলোচনীখনক মুছলমান পৰম্পৰা মহিলাসকলৰ বিষয়ে থকা ধাৰণাবোৰ চূৰ্ণ-বিচূৰ্ণ কৰা আৰু মুছলমান বিশ্বৰ ভিতৰৰ আৰু বাহিৰৰ স্থিতিশীলতাক প্ৰত্যাহ্বান জনোৱা নাৰী অধিকাৰ কৰ্মীসকলক এখন মঞ্চ দিয়া বুলি বৰ্ণনা কৰিছিল। তেওঁ এই মঞ্চখনক মুছলমান মূলৰ মহিলাসকলৰ সক্ৰিয়তা বিকাশ আৰু ৰাজহুৱা ক্ষেত্ৰত প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰাৰ সংকল্প প্ৰকাশ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Victoria Craw. (6 June 2016). Emmy-award winning filmmaker Deeyah Khan launches online magazine Sister-hood aimed at giving Muslim women a voice. www.news.com.au
  2. ↑ Umbreen. (7 November 2016). Sister-hood Wins Espoke Living Best Website Award. asianmediaawards.com
  3. ↑ Official Website. Sister-Hood
  4. ↑ (7 May 2008). Muslim Girl Power: Deeyah Presents SISTERHOOD Western muslim female rappers, singers and poetesses. prlog.org

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদঅনুষ্ঠান প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিষ্টাৰ-হুড” প্ৰবন্ধৰ সংশোধন ৬০৭০৭১ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।