আপ্পন সমাচাৰ (হিন্দী ভাষা: अप्पन समाचार) হৈছে সকলো মহিলাৰ গ্ৰাম্য বাতৰি নেটৱৰ্ক। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ প্ৰান্তীয় দলিত, অন্যান্য পিছপৰা শ্ৰেণী, মুছাহাৰ (নিগনি খোৱা সম্প্ৰদায়) আৰু মুছলমান সম্প্ৰদায়ৰ অধিকাংশই প্ৰান্তীয় দলিত, অন্যান্য পিছপৰা শ্ৰেণীৰদ্বাৰা পৰিচালিত পষেকীয়া গ্ৰাম্য নিউজ চেনেল।
ইয়াক ২০০৭ চনৰ ৬ ডিচেম্বৰত১ মুজাফ্ফৰপুৰত মুকলি কৰা হয়। ইয়াৰ সম্প্ৰচাৰ পাৰু, চাহেবগঞ্জ, চৰাইয়া, মাৰৱান, কান্তি, আৰু মুছাহাৰীৰ প্ৰায় এশখন গাঁৱলৈ হয়।২
ইয়াক প্ৰতিষ্ঠা কৰিছিল সন্তোষ সাৰঙে।৩৪৫ মিষ্টাৰ সাৰং “মিছন আই ইণ্টাৰনেশ্যনেল চাৰ্ভিচেছ” নামৰ ট্ৰাষ্টৰ অধ্যক্ষও। আপ্পন সমাচাৰ দলৰ মূল ব্যক্তিসকল হ'ল ৰিংকু কুমাৰী, অমৃতঞ্জ ইন্দিৱাৰ, সিদ্ধান্ত সাৰং, ৰাজেশ কুমাৰ, পিংকি আৰু খুছবু।৬
নিউজ চেনেলটোৰ দলটোৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নাই গতিকে তেওঁলোকে চাকৰি কৰাৰ লগতে শিকি আছে।৭ সময়ে সময়ে এটা ট্ৰাষ্ট “মিছন আই ইণ্টাৰনেশ্যনেল চাৰ্ভিচেছ” য়ে তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে গাঁৱৰ সংবাদ মাধ্যমৰ কৰ্মশালা অনুষ্ঠিত কৰি আছে। কৃষকৰ সমস্যা, পৰিৱেশৰ সমস্যা, সামাজিক দুষ্টতা, নাৰী সবলীকৰণ, বাল্য-বিবাহ, লিংগ বৈষম্য, মহিলা ভ্ৰুণ হত্যা ইত্যাদি বিভিন্ন সামাজিক অসুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আপন সমাচাৰে। এই চেনেলত সাংবাদিক হিচাপে নিয়োজিত কণমানি ছোৱালীবোৰে সাধাৰণতে চাইকেল চলাই বাতৰি আৰু সাক্ষাৎকাৰ সংগ্ৰহ কৰে।
নিউজ বুলেটিনৰ প্ৰদৰ্শন বিনামূলীয়া। গাঁৱৰ মানুহে প্ৰজেক্টৰ বা পৰ্টেবল টিভি চেটত তাত বাতৰি চায়। তেওঁলোকৰ দৰ্শক চহৰ আৰু গ্ৰাম্য উভয় ঠাইৰে। জিলা সদৰতো এই বুলেটিন প্ৰদৰ্শন কৰা হয়। নিউজ কেপচুল হিন্দী আৰু স্থানীয় উপভাষাত ভোজপুৰী আৰু বজ্জিকাত প্ৰস্তুত কৰা হয়।
চান্দকেৱাৰী গাঁৱত চলি থকা আত্মসহায়ক গোটৰ ওপৰত এক প্ৰতিৱেদনত গ্ৰাম্য বেংকৰ দুৰ্নীতিৰ ওপৰত আলোকপাত কৰা হৈছে। এই প্ৰতিৱেদনৰ পিছত মেনেজাৰে উৎকোচ অবিহনে কেচিচিৰ ঋণ বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিলে। ২০০৮ চনৰ অক্টোবৰ মাহত আপ্পন সমাচাৰে চিএনএন-আইবিএনৰপৰা সন্মানীয় “নাগৰিক সাংবাদিক বঁটা” লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Singh, Rajnish. (6 March 2008). A news channel run exclusively by girls in Bihar. Oneindia.in
- ↑ (14 July 2015). Women Reporters From India's Rural Heartland are not just Breaking News but also Stereotypes. thebetterIndia.com
- ↑ Tewary, Amarnath. (21 December 2007). The village women's news programme. BBC News
- ↑ Kumar, Ruchir. (7 March 2008). When news is just around the corner. হিন্দুস্তান টাইমছ
- ↑ Kumar, Sanjay. (14 February 2011). Revolution in a Bihar Village. The Diplomat
- ↑ ANI. (2015-11-22). Girls from 'Appan Samachar' make headlines in Bihar. Business Standard India
- ↑ (1 March 2008). On air, a new success story by rural girls. hindustan times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আপ্পন সমাচাৰ” প্ৰবন্ধৰ সংশোধন ৫৮২০৩০ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।