অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মানুহৰ কংকাল

মানুহৰ কংকাল (human skeleton)জন্মৰ সময়ত মুঠতে ৩০০ ডাল হাড়েৰে গঠিত৷ পূৰ্ণবয়স্ক হোৱাৰ পৰ্য্যায়লৈকে কিছুমান হাড় ইডালে সিডালৰ লগত যোৰ খাই শৰীৰত মুঠ ২০৬ ডাল হাড় হয়গৈ৷ মানুহৰ দেহত থকা হাড়ৰ ঘনত্ব ত্ৰিছ বছৰ বয়সৰ সময়ত সৰ্বাধিক হয় বুলি জনা যায়৷ মানুহৰ কংকালটোক দুটাভাগত ভাগ কৰিব পাৰি-অক্ষীয় কংকাল…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫৭০ শব্দ · ৩ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

মানুহৰ কংকাল (human skeleton)জন্মৰ সময়ত মুঠতে ৩০০ ডাল হাড়েৰে গঠিত৷১২৩ পূৰ্ণবয়স্ক হোৱাৰ পৰ্য্যায়লৈকে কিছুমান হাড় ইডালে সিডালৰ লগত যোৰ খাই শৰীৰত মুঠ ২০৬ ডাল হাড় হয়গৈ৷ মানুহৰ দেহত থকা হাড়ৰ ঘনত্ব ত্ৰিছ বছৰ বয়সৰ সময়ত সৰ্বাধিক হয় বুলি জনা যায়৷ মানুহৰ কংকালটোক দুটাভাগত ভাগ কৰিব পাৰি-অক্ষীয় কংকাল (axial skeleton) আৰু এপেণ্ডিকুলাৰ কংকাল (appendicular skeleton)৷ অক্ষীয় কংকাল মূলত: মানুহৰ ৰাজহাড় বা মেৰুদণ্ড(vertebral column), কামিহাড় (rib cage) আৰু লাওখোলা (skull) ৰে গঠিত৷ এপেণ্ডিকুলাৰ কংকাল অক্ষীয় কংকালৰ সৈতে সংযোজিত হৈ থাকে আৰু ই প্ৰধানকৈ 'pectoral girdle', 'pelvic girdle' আৰু upper আৰু lower limb ৰ হাড়েৰে গঠিত৷

মানুহৰ কংকালে ঘাইকৈ ছটা মূল কাৰ্য্য সমাধা কৰে; অৱলম্বন (support), চলাচল (movement),প্ৰতিৰক্ষা (protection), ৰক্তকোষৰ সৃষ্টি, আয়নৰ সংৰক্ষণ (storage of ions) আৰু অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)৷

মানুহৰ কংকালটোত লিংগভেদে অন্য প্ৰাইমেট সমূহত দেখা পোৱাৰ দৰে উল্লেখযোগ্য পাৰ্থক্য (Sexual dimorphism) দেখা নাযায় যদিও কিছু ক্ষেত্ৰত ব্যতিক্ৰম নোহোৱা নহয়৷ উদাহৰণস্বৰূপে, বাহ্যিক গঠনৰ ফালৰ পৰা পুৰুষ আৰু মহিলাৰ কংকালৰ কিছু পাৰ্থক্য দেখা পোৱা যায়৷

শাখাসমূহ

অক্ষীয় কংকাল

অক্ষীয় কংকালত মুঠ ৮০ ডাল হাড় আছে৷ ই প্ৰধানকৈ মানুহৰ মেৰুদণ্ড (vertebral column),১২ যোৰ কামিহাড় (rib cage),বুকুৰ ষ্টাৰনাম (Human sternum) আৰু লাওখোলা (skull) অংশৰে গঠিত৷ মানু্হৰ দেহটো পোণ কৰি ৰখা ত অক্ষীয় কংকালে সহায় কৰে৷ ই মূৰৰ আৰু দেহৰ ওপৰৰ অংশৰ পৰা দেহৰ ওজন নিম্নাংশলৈ বিতৰণ কৰে৷

মানুহৰ ৰাজহাড়ৰ পাঁচটা অংশ থাকে৷ ইয়াৰ একেবাৰে ওপৰৰ অংশটো ডিঙিৰ ৰাজহাড় (cervical vertebra) ৰে তললৈ ক্ৰমান্বয়ে বুকুৰ ( thoracic), lumbar, sacral আৰু coccygeal ৰাজহাড় থাকে৷ ডিঙিৰ ৰাজহাড়ে মেৰুদণ্ড আৰু ক্ৰেনিয়াম (cranium) ক সংযোজিত কৰে৷ Sacral আৰু coccygeal vertebras মিলি (fused) "sacral bone" বা "coccygeal bone" গঠন কৰে৷ এই 'sacral bone' এ মেৰুদণ্ডৰ সৈতে দেহৰ নিম্নাংশৰ হাড়ক (pelvic bone) সংযোজিত কৰে৷

এপেণ্ডিকুলাৰ কংকাল

এপোনণ্ডিকুলাৰ কংকাল মুঠ ১২৬ ডাল হাড়েৰে গঠিত৷ ই প্ৰধানকৈ 'pectoral girdle', limb আৰু pelvic girdle ৰে গঠিত৷ ই মানুহৰ শৰীৰটোৰ চলন আৰু শৰীৰৰ অংগসমূহৰ প্ৰতিৰক্ষাত সহায় কৰে৷

কাৰ্য্যসমূহ

Human-Skeleton.jpg
ছবি: Sklmsta · CC0

মানু্হৰ কংকালটোৱে ছটা মূল কাৰ্য্য সমাধা কৰে- অৱলম্বন (support), চলন (movement),প্ৰতিৰক্ষা (protection), ৰক্তকোষৰ সৃষ্টি, আয়নৰ সংৰক্ষণ (storage of ions) আৰু অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)৷

অৱলম্বন (support)

কংকালে শৰীৰটোৰ আকৃতি আৰু পোন হৈ থাকিবলৈ অৱলম্বন দিয়ে৷ তাৰোপৰি ভিতৰৰ গঠন যেনে ৰিব কে'জ আদিয়ে বিভিন্ন অংগসমূহ যথাস্থানত ধৰি ৰখাত সহায় কৰে৷

চলন (movement)

কংকালৰ হাড়সমূহৰ মাজৰ সংযোজন (joints) সমূহে শৰীৰটোক চলাচল কৰাত সহায় কৰে৷

প্ৰতিৰক্ষা (protection)

কংকালে মানুহৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অংগক প্ৰতিৰক্ষা প্ৰদান কৰে৷

  • মূৰৰ লাওখোলাই মগজু, চকু আৰু কাণক প্ৰতিৰক্ষা দিয়ে ৷
  • ৰাজহাড়ে স্নায়ুৰজ্জু (spinal cord) ক বচাই ৰাখে৷
  • ৰিব কে'জে মানুহৰ হাওঁফাওঁ, হৃদযন্ত্ৰ আৰু ৰক্তধমনীসমূহক প্ৰতিৰক্ষা দিয়ে৷
  • 'clavicle' আৰু 'scapula' মানুহৰ কান্ধদুখনক অৱলম্বন দিয়ে৷
  • 'ilium' য়ে মানুহৰ পাচকযন্ত্ৰ আৰু নিম্নাংশক প্ৰতিৰক্ষা দিয়ে৷
  • ভৰিৰ 'পেটেলা' আৰু হাতৰ 'আলনা' নামৰ হাড়ে ক্ৰমান্বয়ে আঁঠু আৰু বাহুক অৱলম্বন দিয়ে৷

ৰক্তকোষৰ সৃষ্টি

মানুহৰ কংকালৰ হাড়ৰ অস্থি মজ্জা (bone marrow ) ত থকা কলাত ' haematopoiesis' নামৰ প্ৰক্ৰিয়াৰ যোগেদি ৰক্তকোষসমূহৰ সৃষ্টি হয়৷

আয়নৰ সংৰক্ষণ (storage of ions)

হাড়ত কেলচিয়াম সংৰক্ষিত হৈ থাকে আৰু ই কেলচিয়ামৰ মেটাবলিজমত অংশ লয়৷ মানুহৰ হাড়ৰ মজ্জাত আইৰণ সংৰক্ষণ হৈ থাকে৷

অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)

হাড়ৰ কোষসমূহে অষ্টিঅ'কেলচিন (osteocalcin) নামৰ এবিধ হ'ৰমণ নি:সৰণ কৰে৷ এই হ'ৰমণে গ্লুক'জৰ পৰিচালন (regulation of Blood sugar (গ্লুক'জ)) ত সহায় কৰে৷৪

লাওখোলা

মানুহৰ লাওখোলাত থকা nuchal crest, mastoid processes, supraorbital margin, supraorbital ridge, আৰু mental eminence ৰ ক্ষেত্ৰত লিংগপাৰ্থক্য দেখা পোৱা যায়৷ ৫

দীৰ্ঘ হাড় (Long bones )

এই হাড়সমূহ সাধাৰণতে পুৰুষৰ ক্ষেত্ৰত মহিলাতকৈ আকাৰত ডাঙৰ হোৱা দেখা যায়৷

পেলভিছ (pelvis)

মানুহৰ পেলভিছ অংশৰ আকৃতি পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ হোৱা দেখা যায়৷ সেইবাবে অচিনাক্ত কংকালৰ লিংগ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এই অংশৰ পৰিক্ষা কৰা হয়৷ এই প্ৰক্ৰিয়াটোক Phenice method বুলি কোৱা হয়৷ ৬

ৰোগ

মানুহৰ কংকালৰ ৰোগসমূহৰ ভিতৰত অষ্টিঅ'প'ৰ'ছিছ উল্লেখযোগ্য৷ তাৰোপৰি কিছু ক্ষেত্ৰত scoliosis ৰোগো দেখা যায়৷

অষ্টিঅ'প'ৰ'ছিছ

ই মানু্হৰ হাড়ত হোৱা এটা ৰোগ৷ এই ৰোগ হ'লে ৰোগীৰ fracture হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ এই ৰোগত ৰোগীৰ bone mineral density (BMD) কমি আহে আৰু ফলত হাড়ৰ গঠন দুৰ্বল হৈ পৰে৷৭

তথ্যসূত্ৰ

  1. ↑ Miller, Larry. (2007-12-09). We're Born With 300 Bones. As Adults We Have 206. Ground Report
  2. ↑ (2001-08-08). How many bones does the human body contain?. Ask.yahoo.com
  3. ↑ Exploring our human bodies. San Diego Supercomputer Center Education
  4. ↑ Lee, Na Kyung; Sowa, Hideaki; Hinoi, Eiichi. (2007). Endocrine Regulation of Energy Metabolism by the Skeleton. Cell. পৃ. 456–69
  5. ↑ Buikstra, J.E. (1994). Standards for data collection from human skeletal remains. Arkansas Archaeological Survey. পৃ. 208
  6. ↑ Phenice, T. W. (1969). A newly developed visual method of sexing the os pubis. American Journal of Physical Anthropology. পৃ. 297–301
  7. ↑ (1994). Assessment of fracture risk and its application to screening for postmenopausal osteoporosis. Report of a WHO Study Group. Technical Report Series. World Health Organization. ISBN 92-4-120843-0

সম্পৰ্কিত শ্ৰেণী

অংগ তন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানুহৰ কংকাল” প্ৰবন্ধৰ সংশোধন ৬২৪৩৮৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।