প্ৰজনন তন্ত্ৰ (Reproductive system) হৈছে জীৱৰ বংশবৃদ্ধিৰ বাবে সংগঠিত ভাৱে কাৰ্য কৰা যৌন অংগৰ সমষ্টি। বহুতো অজৈৱ পদাৰ্থ যেনে- তৰল, হৰমন, ফেৰমন আদিয়েও প্ৰজনন তন্ত্ৰত সহযোগী হিচাপে কাৰ্য কৰে।১ জীৱৰ লিংগভেদে প্ৰজনন তন্ত্ৰ মাজত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়, যিটো অন্য অংগ তন্ত্ৰৰ ক্ষেত্ৰত দেখা নাযায়। এই ভিন্নতাই একে প্ৰজাতিৰ দুটা ভিন্ন জীৱৰ আনুবংশিক পদাৰ্থৰ মিলন সম্ভৱ কৰে, ফলত নতুন অপত্যই বিশেষ আনুবংশিক সামৰ্থতা লাভ কৰে।২
উদ্ভিদ
কেৱল উচ্চ শ্ৰেণীৰ উদ্ভিদৰহে প্ৰজনন তন্ত্ৰ বুলি নিৰ্দিষ্ট তন্ত্ৰ থাকে। নিম্ন শ্ৰেণীৰ উদ্ধিদৰ কাণ্ড, পাত, শিপা আদি সকলোতে প্ৰজনন সংঘটিত হয়। সাধাৰণতে প্ৰজননৰ বাবে উদ্ভিদৰ ফুল ফুলে। ফুলত পৰাগ ৰেণু, পৰাগ ধানী, পুংদণ্ড, পৰাগ নলী, ডিম্বক, স্ত্ৰীদণ্ড, গৰ্ভমুণ্ড, গৰ্ভাশয় আদি থাকে। ফুলৰ পৰা ফল আৰু বীজ সৃষ্টি হয়।
প্ৰাণী
স্তন্যপায়ী জীৱবোৰৰ প্ৰজনন তন্ত্ৰৰ প্ৰধান অংগবোৰ হৈছে বাহ্যিক যৌনাংগ (পুংজনাংগ আৰু স্ত্ৰীজনাংগ) শুক্ৰাশয়, জৰায়ু, শুক্ৰ আৰু ডিম্ব কোষ। অন্য মেৰুদণ্ডীবোৰৰ প্ৰজনন তন্ত্ৰ সাধাৰণতে জনন কোষ, জনন নলী, আৰু জনন ছিদ্ৰৰ দ্বাৰা গঠিত যদিও শাৰীৰিক গঠন আৰু জনন ক্ৰিয়াৰ যথেষ্ট পাৰ্থক্য দেখা যায়।
মেৰুদণ্ডী প্ৰাণী মেৰুদণ্ডীবোৰৰ জনন কোষ উৎপাদন কৰা অংগ বা গনাড থাকে। পুং জীৱৰ গনাডক শুক্ৰাশয় আৰু স্ত্ৰীৰ গনাডক গৰ্ভাশয় বোলে। স্ত্ৰীৰ ক্ষেত্ৰত এই গৰ্ভাশয়বোৰ বাহ্যিত জনন ছিদ্ৰৰ লগত ডিম্বনলীৰ দ্বাৰা সংযুক্তহৈ থাকে, কিন্তু কিছুমান জীৱৰ এটা নিৰ্দিষ্ট স্ত্ৰী জননাংগ থাকে।
অমেৰুদণ্ডী প্ৰাণী অমেৰুদণ্ডী প্ৰজনন তন্ত্ৰৰ ক্ষেত্ৰত প্ৰজাতিভেদে বহু ভিন্নতা আছে, একমাত্ৰ সাদৃশ্যতা হৈছে সকলো অমেৰুদণ্ডীয়ে কণী পাৰে। অমেৰুদণ্ডীৰ বাহ্যিক নিষেচন সংঘটিত হয়।
তথ্যসূত্ৰ
- ↑ Introduction to the Reproductive System.
- ↑ Reproductive System 2001 Body Guide powered by Adam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰজনন তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৩৪৬ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।