অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

আচ্ছাদন তন্ত্ৰ

আচ্ছাদন তন্ত্ৰ হৈছে এক অংগ তন্ত্ৰ যি জীৱদেহক পানীৰ অৱক্ষয় বা বাহ্যিক আঘাট আদিৰ পৰা ৰক্ষা কৰে। চৰ্ম বা চাল আৰু ইয়াৰ উপাংগ (নোম বা চুলি, বাকলি, পাখি আৰু নখ আদি) সমূহৰ দ্বাৰা এই তন্ত্ৰ গঠিত হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

আচ্ছাদন তন্ত্ৰ হৈছে এক অংগ তন্ত্ৰ যি জীৱদেহক পানীৰ অৱক্ষয় বা বাহ্যিক আঘাট আদিৰ পৰা ৰক্ষা কৰে।১ ছাল বা চাল আৰু ইয়াৰ উপাংগ (নোম বা চুলি, বাকলি, পাখি (শ্ৰব্য এলবাম) আৰু নখ আদি) সমূহৰ দ্বাৰা এই তন্ত্ৰ গঠিত হৈছে।২ আচ্ছাদন তন্ত্ৰই বিভিন্ন কাৰ্য সমাপন কৰে; জলৰোধক হিচাপে কাম কৰে, ভিতৰৰ কলাবোৰক সুৰক্ষা দিয়ে, বৰ্জ্য পদাৰ্থ নিষ্কাশন কৰে, উষ্ণতা নিয়ন্ত্ৰণ কৰে, আৰু সংবেদন তন্ত্ৰক বিষ, সংবেদন, চাপ, আৰু তাপ অনুভৱ কৰোৱাই। তাৰোপৰি চালে সূৰ্যৰ ৰশ্মিৰ পৰা ভিটামিন-ডি আহৰণ কৰিবও পাৰে।

চাল হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। মানুহৰ মুঠ ওজনৰ শতকৰা ১২ৰ পৰা ১৫ শতাশই চাল আৰু ইয়াৰ মুঠ পৃষ্ঠকালি ১.৫ মি.২৩ ই জীৱক তাৰ পাৰিপাৰ্শ্বিকতাৰ পৰা পৃথক আৰু ৰক্ষা কৰে। সেমেকা ঠাই আৰু পানীত বাস কৰা ক্ষুদ্ৰ জীৱবোৰে চালৰ বাহিৰৰ তৰপেদি শ্বসন কাৰ্য সম্পন্ন কৰে।

তথ্যসূত্ৰ

  1. ↑ The Integumentary System. Encyclopedia.com
  2. ↑ Marieb, Elaine; Katja Hoehn. (2007). Human Anatomy & Physiology. Pearson Benjamin Cummings. পৃ. 142
  3. ↑ Martini & olivia: "Fundamentals of Anatomy & Physiology" 8th Edition, pp.158, Pearson Education, 2009

সম্পৰ্কিত শ্ৰেণী

অংগ তন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আচ্ছাদন তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩১০৭৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।