ৰেচন তন্ত্ৰ (Excretory system) হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ। ৰেচন তন্ত্ৰ দুটা বৃক্ক, দুডাল বৃক্ক নলী, এটা মুত্ৰ থলী, আৰু এডাল মুত্ৰ নলীৰে গঠিত হয়। প্ৰতিটো বৃক্কত অসংখ্য ক্ষুদ্ৰ ক্ষদ্ৰ নেফ্ৰন থাকে। পুং আৰু স্ত্ৰী ৰেচন তন্ত্ৰৰ গঠন প্ৰায় একে, মাত্ৰ মুত্ৰ নলীৰ দৈঘ্যৰ পাৰ্থক্য আছে।১
বৃক্কত তেজৰ পৰিস্ৰাৱনৰ ফলত মুত্ৰৰ সৃষ্টি হয়। এই মুত্ৰ বৃক্ক নলীৰে গৈ মুত্ৰ থলীত জমা হয় আৰু শেষত মুত্ৰ নলীয়েদি দেহৰ বাহিৰ হৈ যায়।
এজন সুস্থ ব্যক্তিৰ বৃক্কত দৈনিক ১-২ লিটাৰ মুত্ৰৰ উৎপাদন হয়।
তথ্যসূত্ৰ
- ↑ C. Dugdale, David. (16 September 2011). Female urinary tract. MedLine Plus Medical Encyclopedia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেচন তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৪০৮৭৭৪ (২৯ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।