সংবেদন তন্ত্ৰ (ইং: sensory system) হৈছে স্নায়ু তন্ত্ৰৰ এটা ভাগ। এই তন্ত্ৰই জীৱক সংবেদন প্ৰদান কৰে। সংবেদন তন্ত্ৰ গ্ৰাহক, নিষ্ক্ৰিয় পথ, আৰু সংবেদনৰ সৈতে জড়িত মস্তিষ্কৰ এটা অংশৰ দ্বাৰা গঠন হয়। সংবেদন বুলিলে সাধাৰণতে দৰ্শন, শ্ৰৱণ, স্পৰ্ষণ, আস্বাদন, ঘ্ৰাণ আৰু সঞ্চালনক (ভাৰসাম্যতা/চলন) বুজায়। চমুকৈ, সংবেদন হৈছে ভৌতিক পৰিৱেশৰ অনুবাদিত ৰূপ যিবোৰৰ তথ্য আমাৰ মগজুৱে বিশ্লেষণ কৰাৰ ফলত আমি ভৌতিক পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ।১
সংগ্ৰাহক ক্ষেত্ৰ হৈছে পৃথিৱীৰ বিশেষ অংশ যত গ্ৰাহক অংগ আৰু গ্ৰাহক কোষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উদাহৰণ স্বৰূপে, এটা চকুৱে পৃথিৱীৰ যিটো অংশ দেখে, সেই অংশটোৱে হৈছে সংগ্ৰাহক ক্ষেত্ৰ; প্ৰতিটো দণ্ড কোষ বা শংকু কোষ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা পোহৰেই ইয়াৰ সংগ্ৰাহক ক্ষেত্ৰ।২ বৰ্তমানলৈকে দৰ্শন, শ্ৰৱণ আৰু স্পৰ্শনৰ সংগ্ৰাহক ক্ষেত্ৰ চিনাক্তকৰণ কৰা হৈছে।
ৰোগ

- এম্বাঅ'পিয়া
- এনাকুছিছ
- এষ্টিগমেটিজিম (চকু)
- চলিহা পৰা
- বৰ্ণান্ধত্ব
- বধিৰতা
- হাইপাৰ'পিয়া
তথ্যসূত্ৰ
- ↑ Krantz, John. Experiencing Sensation and Perception - Chapter 1: What is Sensation and Perception?. পৃ. 1.6
- ↑ Kolb & Whishaw: Fundamentals of Human Neuropsychology (2003)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংবেদন তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ২৯৯৪৬১ (২২ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।