ইতিহাসৰ আজিৰ দিনত
২০ জুলাই
জন্ম
- ১৩০৪পেট্ৰাৰ্ক, ইটালীৰ কবি, পণ্ডিত।
- ১৮১২মাইলছ ব্ৰনছন বা ড° মাইলছ ব্ৰনছন, আমেৰিকান ব্যেপ্টিষ্ট মিছনেৰী, অসম, ভাৰতৰ উত্তৰ-পূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভূত কাম কৰি গৈছে, তেখেতে অসমীয়া অভিধান প্ৰণয়ন কৰিছিল৷
- ১৮৯৮পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ, সংস্কৃত পণ্ডিত, ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য।
- ১৯১৯এডমাণ্ড হিলাৰী, নিউজিলেণ্ডৰ এজন পৰ্বতাৰোহী আৰু অভিযাত্ৰী। তেখেতে তেনজিং নৰগেৰ লগত ২৯ মে', ১৯৫৩ চনত এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰে। (মৃত্যু: ১১ জানুৱাৰী, ২০০৮)
- ১৯৩৩ৰোদ্দম নৰসিম্হা, ভাৰতীয় মহাকাশ বিজ্ঞানী।
- ১৯৫০নাছিৰুদ্দিন শ্বাহ, ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা। ২০০৩ চনত তেওঁ অভিনয় আৰু অসামান্য পাৰদৰ্শিতাৰ বাবে পদ্মবিভূষণ উপাধিৰে সন্মানিত হয় আৰু একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰো সন্মান লাভ কৰিছিল।
- ১৯৮০বিনোদ কুমাৰ, ভাৰতীয় পেৰা-এথলীট তথা ডিচকাছ থ্ৰ' খেলুৱৈ।
- ১৯৮৯অৰুণিমা সিনহা, ভাৰতীয় পৰ্বতাৰোহী।
মৃত্যু
- ১৮৬৬বাৰ্নহাৰ্ড ৰিমান, জাৰ্মান গণিতজ্ঞ।
- ১৯২০সাৰদা দেৱী, ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী।
- ১৯৩৭গুগ্লিয়েম’ মাৰ্কনি, পদাৰ্থবিদ, তথা অনাতাঁৰ (ৰেডিঅ’)ৰ উদ্ভাৱক।
- ১৯৭২গীতা দত্ত, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৭৩ব্ৰুছ লী, চীনা সমৰ কলা শিল্পী, শিক্ষক, অভিনেতা।
- ১৯৮২মীৰাবেন, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ।</ref>
- ১৯৯১চিথিৰা থিৰুনাল বালাৰামা বাৰ্মা, ত্ৰ্ৰেভাঙ্কুৰৰ (ত্ৰিভাঙ্কুৰ) প্ৰাক্তন ৰজা।
- ২০১৯শীলা দীক্ষিত, ভাৰতীয় ৰাজনীতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ