ইতিহাসৰ আজিৰ দিনত
২১ জুলাই
ঘটনাৱলী
- ১৬৫৮পিতৃ ছাহজাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ আনুষ্ঠানিকভাবে ঔৰংগজেৱে দিল্লীৰ ৰাজপাটত উঠিছিল।
- ১৮৩১বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয়।
- ১৮৯১জাৰ্মানীৰ অট’ভন থিনিয়েনথালৰ দ্বাৰা বাৰ্লিনত গ্লাইডাৰেৰে প্ৰথমটো উৰণ সম্পন্ন হৈছিল।
- ১৯৫৪পৰ্তুগীজৰ হাতৰপৰা দাদৰক মুক্ত কৰা হয়।
- ১৯৬৯এপল’—১১ ৰ জৰিয়তে চন্দ্ৰলৈ যোৱা মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল।
- ১৯৭৭নীলম সঞ্জীৱা ৰেড্ডী ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।
- ২০০১কাশ্মীৰত অমৰনাথ যাত্ৰীসহ ১৫জনক গুলীয়াই হত্যা কৰা হয়।
- ২০০৭ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপে প্ৰতিভা পাটিলক নিৰ্বাচিত কৰা হয়।
জন্ম
- ১৮৯৯আৰ্নেষ্ট হেমিংৱে, আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক। তেখেতৰ বিশ্ব প্ৰসিদ্ধ উপন্যাসখনৰ নাম হ’ল ‘দ্য অ'ল্ড মেন এণ্ড দ্য ছী’; যাৰ বাবে তেখেতে ১৯৫৪ চনত সাহিত্যৰ নোবেল লাভ কৰিছিল।
- ১৯০২মহীচন্দ্ৰ মিৰি, অসমীয়া সমাজ সেৱক আৰু সাহিত্যিক।
- ১৯১১উমাশংকৰ যোশী, ভাৰতীয় কবি আৰু লেখক।
- ১৯৩০আনন্দ বক্সী, ভাৰতীয় কবি গীতিকাৰ।
- ১৯৩৪চন্দু বোৰ্ডে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৩৯প্ৰণৱজ্যোতি ডেকা, অসমীয়া গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা আৰু অধ্যাপক।
- ১৯৫১ৰবীন ৱিলিয়ামছ, অভিনেতা, জুমাঞ্জী কথাছবিৰ নায়ক।
মৃত্যু
- ১৭৯৬ৰবাৰ্ট বাৰ্ণছ, স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় কবি।
- ১৯০৬উমেশ চন্দ্ৰ বেনাৰ্জী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি।
- ১৯৬৭জিমি ফক্স, আমেৰিকাৰ বেচবল খেলুৱৈ।
- ১৯৭৬আবু তাহেৰ, বাংলাদেশী স্বাধীনতা সংগ্ৰামী আৰু বাওঁপন্থী বিপ্লৱী।
- ২০০৯গংগুবাঈ হংগল, ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ