ইতিহাসৰ আজিৰ দিনত
১৭ ডিচেম্বৰ
ঘটনাৱলী
- ১৯২৮ভাৰতীয় বিপ্লৱী ভগৎ সিং, সুখদেৱ থাপাৰ আৰু শিৱৰাম ৰাজগুৰুৱে আৰক্ষীৰ হাতত লালা লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ পঞ্জাৱৰ লাহোৰত ব্ৰিটিছ আৰক্ষী বিষয়া জেমছ চণ্ডাৰ্ছক হত্যা কৰে। এই তিনিওজনক ১৯৩১ চনত মৃত্যুদণ্ড দিয়া হৈছিল।
- ১৯৯৬ক'ফি আন্নান ৰাষ্ট্ৰসংঘৰ সচিব পদত অধিষ্ঠিত হৈছিল।
- ২০১৮অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু অসম মৰাণ সভাৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত বীৰ ৰাঘৱ মৰাণ দিৱসত মৰাণ ভাষা, লোক-সংস্কৃতিৰ বিশিষ্ট সাধক তথা সমাজসেৱক সুখীদৰ দহোটীয়াক তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল-এ ২০১৮ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰে।
- ২০১৯নাগৰিকত্ব সংশোধনী আইন "কা"ৰ বিৰুদ্ধে ৰাজপথৰ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ ব্ৰজধ্বনি। দ্বিতীয় দিনাও লতাশিল খেলপথাৰত সমবেত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।
- ২০২০ভাৰত আৰু বাংলাদেশৰ মাজত সাতখনকৈ বুজাবুজি চুক্তিত স্বাক্ষৰ হয়। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰ পৰা বন্ধ হৈ থকা ৰে'ল সেৱা ৫৫ বছৰৰ পিছত ভাৰ্চুৱেল মাধ্যমেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই চিলহাটী-হালদিবাৰীৰ মাজত ৰে'ল সেৱা শুভ উদ্বোধন কৰে।
- ২০২১ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চুবুৰীয়া দেশ ভূটান-এ তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক সন্মান নগদগ পেল জী খৰল বঁটা দিয়াৰ কথা ঘোষণা কৰে।
জন্ম
- ১৫৫৬খানজাদা মিৰ্জা খান আব্দুল ৰহিম, যাক সাধাৰণভাৱে ৰহিম বুলি জনা যায় আৰু খান-ই-খানান উপাধি লাভ কৰা এজন কবি আছিল যি মোগল সম্ৰাট আকবৰৰ শাসনকালত ভাৰতত বাস কৰিছিল আৰু আকবৰৰ পৰামৰ্শদাতা আছিল। তেওঁ সম্ৰাট আকবৰৰ ৰাজসভাৰ নজন গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ (দেৱান) এজন আছিল, যাক নৱৰত্ন বুলি জনা যায়। ৰহিম তেওঁৰ ভাৰতীয় দোহা আৰু জ্যোতিষশাস্ত্ৰৰ বিষয়ক তেওঁৰ কিতাপসমূহৰ বাবে জনাজাত আছিল। মৃত্যু ১ অক্টোবৰ, ১৬২৭।
- ১৭৭০লুটৱিস ফান বিটহ'ফন, জাৰ্মান সুৰকাৰ আৰু পিয়ানোবাদক আছিল। বিথ'ৱেন পাশ্চাত্য সংগীতৰ ইতিহাসৰ আটাইতকৈ প্ৰশংসিত ৰচয়িতাসকলৰ মাজৰ এজন। তেওঁৰ তৈয়াৰ কৰা সুৰবোৰ শাস্ত্ৰীয় সংগীতৰ সৰ্বাধিক পৰিৱেশনকৰা সুৰৰ তালিকাৰ ভিতৰত স্থান লাভ কৰে আৰু সেই সুৰ শাস্ত্ৰীয় যুগৰ পৰা শাস্ত্ৰীয় সংগীতৰ ৰোমান্টিক যুগলৈ পৰিৱৰ্তন কৰে। মৃত্যু ২৬ মাৰ্চ, ১৮২৭।
- ১৯৩৩নগেন্দ্ৰ নাথ ভট্টাচাৰ্য্য, অসমীয়া সাহিত্যিক।
- ১৯৪০মাকুমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ প্ৰফুল্ল কুমাৰ দত্তদেৱৰ জন্ম
- ১৯৫১দীপ গগৈ, ভাৰতীয় ৰাজনীতিক তথা অসম লোকসভাৰ সাংসদ।
- ১৯৭৮ৰিতেশ দেশমূখ, ভাৰতীয় অভিনেতা, প্ৰযোজক।
মৃত্যু
- ১৯২৭ৰাজেন্দ্ৰ নাথ লাহিড়ী, যাক সাধাৰণতে ৰাজেন্দ্ৰ লাহিড়ী বুলি জনা যায়। এজন ভাৰতীয় বিপ্লৱী আছিল, যি কাকোৰী ষড়যন্ত্ৰ আৰু দক্ষিণেশ্বৰ বোমা বিস্ফোৰণৰ আঁৰৰ এজন মাষ্টাৰমাইণ্ড আছিল। তেওঁ হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচনৰ সক্ৰিয় সদস্য আছিল যাৰ উদ্দেশ্য আছিল ব্ৰিটিছসকলক ভাৰতৰ পৰা উৎখাত কৰা। ভাৰতীয় বিপ্লৱী ৰাজেন্দ্ৰ লাহিড়ীক নিৰ্ধাৰিত তাৰিখৰ দুদিন আগতে অৰ্থাৎ আজিৰ দিনটোতে ভাৰতৰ উত্তৰ প্ৰদেশৰ গোণ্ডা কাৰাগাৰত ফাঁচী দিয়া হয়। জন্ম ২৯ জুন, ১৯০১।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ