ঘটনাৱলী
- ১৫৩৪ - ফৰাচী অনুসন্ধানকাৰী জাক কাটিয়াৰে কানাডাৰ প্ৰিঞ্চ এডৱাৰ্ড দ্বীপ আৱিষ্কাৰ কৰিছিল।
- ১৬১৩ - উইলিয়াম শ্বেইকছপীয়েৰৰ গ্ল'ব থিয়েটাৰ ভস্মীভূত হৈছিল।
- ২০১৯ - গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সদৌ অসম প্ৰাথমিক টেট্ উৰ্ত্তীণ শিক্ষক সমাজৰ ১৫০০০ অধিক শিক্ষকৰ দ্বাৰা অসমৰ অন্যতম বৃহৎ শিক্ষক প্ৰতিবাদ।
জন্ম
- ১৮৫৮ - পানামা খালৰ মাৰ্কিন অভিযন্তা জৰ্জ ৱাশ্বিংটন গোথেলচ্।
- ১৮৯৩ - প্ৰশান্ত চন্দ্ৰ মাহালান'বিছ, বিজ্ঞানী, পৰিসংখ্যাবিদ আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক। (জঃ ২৯/০৬/১৮৯৩)
- ১৯০৩ - এলেন দ্য'ৱাৰ বুমলিন, বৃটিছ ইলেক্ট্ৰনিক অভিযন্তা আৰু বিজ্ঞানী, তেখেতৰ নামত ১২৮ টা ইলেক্ট্ৰনিক যন্ত্ৰ আৰু অংশৰ পেটেন্ট আছে। (মৃঃ ০৬/০৬/১৯৪২)
মৃত্যু
- ১৮৭৩ - মাইকেল মধুসূদন দত্ত, উনৈশ শতিকাৰ বঙালি কবি। (জন্ম: ১৮২৪)
- ১৯১৯ - কাৰ্ল ব্ৰুগমেন, জাৰ্মান ভাষাবিজ্ঞানী। (জঃ ১৮৪৯)
- ১৯৬১ - চৰ্দাৰ বলদেৱ সিং, ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী। (জন্মঃ ১৯০২)
- ২০০৮ - অমল দত্ত, অচিন মোমাইদেউ খ্যাত অসমীয়া শিশু সাহিত্যিক।
- ২০১৩ - মাৰ্গেৰিটা হেক, ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা।
দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ জুন” প্ৰবন্ধৰ সংশোধন ৩৭০৩০০ (২৮ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।