অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৮ ডিচেম্বৰ

ঘটনাৱলী

  • ১৯৫৮বিশ্বৰ প্ৰথমটো দূৰ-সংযোগ উপগ্ৰহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এটলাচ নামৰ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয়।
  • ১৯৭৬মৌলিক কৰ্তব্য সমূহে ভাৰতৰ সাংবিধানিক আইন হিচাপে মৰ্যাদা লাভ কৰে।
  • ২০০৬সংযুক্ত আৰৱ আমিৰাতত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়।
  • ২০১৪ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ')য়ে নিজৰ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰক্ষেপণ বাহন জি.এছ.এল.ভি.-III ৰ পৰীক্ষামূলক উৰণ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে সমাপ্ত কৰে। ইয়াৰ উপৰিও (ভাৰতীয় মহাকাশ গৱেষণা সংস্থা)য়ে নিজৰ মহাকাশ যাত্ৰী কঢ়িয়াই নিব লগীয়া ম'দ্যুল (চমুকৈ ইংৰাজীত কেয়াৰ)‌ৰ পৰীক্ষা সম্পন্ন কৰে।
  • ২০১৮বিশ্ব চলচ্চিত্ৰ জগতত অসম আৰু অসমীয়াৰ নাম খোদিত কৰিও একাডেমী এৱাৰ্ডৰ দৌৰত থমকিবলগীয়া হয় ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ।
  • ২০১৯অসমৰ দুগৰাকী ব্যক্তিলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা। অসমীয়া ভাষাৰ উপন্যাস চাণক্য গ্ৰন্থৰ বাবে ড° জয়শ্ৰী গোস্বামী মহন্তলৈ আৰু বড়ো ভাষাৰ কবিতা পুথি আখাই আথুমনিফ্ৰাই গ্ৰন্থৰ বাবে ড° ফুকন চন্দ্ৰ বসুমতাৰীলৈ এই বঁটা আগবঢ়োৱা হয়।
  • ২০২০অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২০ বৰ্ষৰ বীৰংগনা সতী সাধনী বঁটা অসমৰ বিশিষ্ট সমাজসেৱিকা মিনতি বৰঠাকুৰক দিয়াৰ কথা ঘোষণা কৰে।
  • ২০২১গুৱাহাটী ৰবীন্দ্ৰ ভৱনত ১১১ সংখ্যক অসমৰ জাতীয় সংগীত ইতিহাস মহোৎসৱৰ সামৰণি অনুষ্ঠান।
  • ২০২২কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ২০২২ বৰ্ষৰ চূড়ান্ত খেলখন আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত হয় আৰু আৰ্জেণ্টিনা বিজয়ী হয়।

জন্ম

  • ১৮৫৬জোছেফ জন টমছন, ব্ৰিটিছ পদাৰ্থবিজ্ঞানী আৰু ১৯০৬ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী। পাৰমাণৱিক কণা ইলেক্ট্ৰনৰ আৱিষ্কাৰক। এইটোৱেই আৱিষ্কাৰ হোৱা প্ৰথম উপ-পাৰমাণৱিক কণা। টমছন এজন শিক্ষকো আছিল আৰু তেওঁৰ কেইবাজনো গৱেষক ছাত্ৰই ন'বেল বঁটা লাভ কৰিছিল। মৃত্যু ৩০ আগষ্ট, ১৯৪০।

মৃত্যু

  • ১৬৪৫নুৰ জাহান, মোগল সম্ৰাট জাহাঙ্গীৰৰ বিংশতম তথা শেষৰগৰাকী পত্নী

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ