অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰজা শগুন

ৰজা শগুন (Red-headed Vulture/Asian King Vulture/Indian Black Vulture, বৈজ্ঞানিক নাম: Sarcogyps calvus) শগুনৰ এটা অন্যতম প্ৰজাতি। শেহতীয়াকৈ হোৱা শগুনৰ অস্বাভাৱিক বিলুপ্তিত ইয়াৰো জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। ইয়াৰ এই মৃত্যুৰ বাবে ডাইক্ল'ফেনেক নামৰ দৰৱবিধকে জগৰীয়া কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰজা শগুন (Red-headed Vulture/Asian King Vulture/Indian Black Vulture, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Sarcogyps calvus) শগুনৰ এটা অন্যতম প্ৰজাতি। শেহতীয়াকৈ হোৱা শগুনৰ অস্বাভাৱিক বিলুপ্তিত ইয়াৰো জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে।১ ইয়াৰ এই মৃত্যুৰ বাবে ডাইক্ল'ফেনেক নামৰ দৰৱবিধকে জগৰীয়া কৰা হয়।

বিৱৰণ

ৰজা শগুন এটা মধ্যমীয়া আকাৰৰ শগুনৰ প্ৰজাতি। ইয়াৰ দেহৰ দৈৰ্ঘ্য ৭৬-৮৬ ছে: মি: আৰু ওজন প্ৰাব ৩.৫-৬.৩ কি: গ্ৰা:।২৩ পূৰ্ণবয়স্ক শগুনৰ ডিঙি ডাঠ ৰঙা বা কমলা বৰণৰ হয়। পোৱালি চৰাইৰ দেহৰ ৰং শেঁতা। দেহৰ বাকী অংশ ক'লা আৰু ডেউকাৰ গুৰিত পাতল মুগা বৰণৰ আঁচ থাকে। মতা আৰু মাইকী ৰজা শগুনৰ চকুৰ মণিৰ ৰং বেলেগ বেলেগ হয়। মতা চৰাইৰ মণি বগা আৰু মাইকীৰ ডাঠ মটীয়া হয়।৪

ৰান্থামব'ৰ ৰাষ্ট্ৰীয় উদ্যানত এজনী মাইকী ৰজা শগুন
ৰান্থামব'ৰ ৰাষ্ট্ৰীয় উদ্যানত এজনী মাইকী ৰজা শগুনছবি: chinmayi s k · CC BY 2.5 in

বিতৰণ আৰু বাসস্থান

ৰজা শগুন পূৰ্বতে ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত আছিল যদিও পৰৱৰ্ত্তী কালত ইয়াৰ জনসংখ্যা কমি আহি বৰ্তমান কেৱল উত্তৰ ভাৰততহে সীমিত হৈ পৰিল। ইয়াক প্ৰধানকৈ মুকলি অঞ্চল আৰু প্ৰয় শুকান ঠাইত দেখিবলৈ পোৱা যায়। তদুপৰি ইয়াক পৰ্ণপাতী বনাঞ্চল, নদী উপত্যকা আদিতো পোৱা যায়। ৰজা শগুন সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ৩০০০ মিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে।৫

বাৰ্লিনৰ চিৰিয়াখানাত এটা ৰজা শগুন
বাৰ্লিনৰ চিৰিয়াখানাত এটা ৰজা শগুনছবি: s shepherd from dayton, nj · CC BY 2.0

সংৰক্ষণ

ৰজা শগুনৰ ক্ৰমান্বয়ে হ্ৰাস পাই অহা জনসংখ্যাক লক্ষ্য কৰি ১৯৯৪ চনত ইয়াক আই. ইউ. চি. এনে প্ৰায় সংকটাপন্ন (Near Threatened) প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰে। ভাৰতত বহুলভাৱে ব্যৱহাৰ কৰা ডাইক্ল'ফেনেক (Diclofenac) নামৰ পশুচিকিৎসাৰ ঔষধ (veterinary medicine) বিধকে ইয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বাবে জগৰীয়া কৰা হয়। ১৯৯০ চনৰ পিছৰ পৰা ৰজা শগুনৰ জনসংখ্যা বিপদজনকভাৱে প্ৰতি বছৰে আধালৈ কমি অহা দেখা গৈছে। ফলস্বৰূপে দুটা দশকৰ ভিতৰতে এসময়ত উভৈনদীকৈ পোৱা এই চৰাইবিধৰ জনসংখ্যা বৰ্তমান বিলুপ্তিৰ পথত। ২০০৭ চনত আই ইউ. চি . এনে ইয়াক বিপদজনক ভাৱে সংকটাপন্ন (Critically Endangered) প্ৰজাতি বুলি ঘোষণা কৰে।৬৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ali, S. (1993). The Book of Indian Birds. Bombay Natural History Society. ISBN 0-19-563731-3
  2. ↑ WWF- Red-headed Vulture (2011)
  3. ↑ Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
  4. ↑ Naoroji, Rishad. (2006). Birds of Prey of the indian subcontinent. পৃ. 282–287
  5. ↑ Ferguson-Lees, James. (2001-09-17). Raptors of the world. Houghton Mifflin Harcourt. পৃ. 443–444. ISBN 978-0-618-12762-7
  6. ↑ Cuthbert et al., Richard. NSAIDs and scavenging birds: potential impacts beyond Asia's critically endangered vultures. The Royal Society
  7. ↑ Milius, Susan. (4). Bird-Safe Rx: Alternative drug won't kill India's vultures. ScienceNews. পৃ. 70

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজা শগুন” প্ৰবন্ধৰ সংশোধন ৬৩১৭৭৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।