অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

নক্ষত্ৰ

নক্ষত্ৰ‎ অথবা তৰা (Star) হৈছে প্লাজমা দশাস্থিত অতি উজ্জ্বল আৰু সুবৃহৎ গোলাকাৰ বস্তুপিণ্ড। উচ্চ তাপত নক্ষত্ৰ‎ নিউক্লীয় সংযোজন বিক্ৰিয়াৰ মাধ্যমত ক্ৰমাগত নিজৰ জ্যোতি উৎপন্ন কৰে। নিউক্লীয় সংযোজনৰ পৰা উৎপন্ন তাপ আৰু চাপ মহাকৰ্ষণীয় সঙ্কোচনক বাধা দি ৰাখে।

হালনাগাদ: ৬ জুন ২০২১ ৩৫১ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ৰ ভূৱা-ৰঙীন ছায়াপট, পৃথিৱীৰ আটাইতকৈ নিকটবৰ্তী নক্ষত্ৰ‎]]

নক্ষত্ৰ‎ অথবা তৰা (Star) হৈছে প্লাজমা দশাস্থিত অতি উজ্জ্বল আৰু সুবৃহৎ গোলাকাৰ বস্তুপিণ্ড। উচ্চ তাপত নক্ষত্ৰ‎ নিউক্লীয় সংযোজন বিক্ৰিয়াৰ মাধ্যমত ক্ৰমাগত নিজৰ জ্যোতি উৎপন্ন কৰে। নিউক্লীয় সংযোজনৰ পৰা উৎপন্ন তাপ আৰু চাপ মহাকৰ্ষণীয় সঙ্কোচনক বাধা দি ৰাখে। ইন্ধন শেষ হৈ গ'লে এটি তৰাৰ মৃত্যু হৈ বগা বাওনা তৰা অথবা নিউট্ৰন তৰা আৰু কেতিয়াবা কৃষ্ণগহ্বৰৰ সৃষ্টি হয়। পৃথিৱীৰ আটাইতকৈ নিকটবৰ্তী নক্ষত্ৰ‎ হৈছে সূৰ্য। তৰা জিক্‌মিক্ কৰাৰ কাৰণ হৈছে, ইয়াৰ কেন্দ্ৰত নিউক্লীয় সংযোজন বিক্ৰিয়াৰ মাধ্যমত যি শক্তি উৎপন্ন হয় সেয়া তৰাৰ সম্পূৰ্ণ অভ্যন্তৰভাগ পাৰ হৈ বহিঃপৃষ্ঠৰ পৰা বিকিৰিত হয়। উদজান আৰু হিলিয়ামৰ তুলনাত গধুৰ প্ৰায় সকলো মৌল তৰাৰ কেন্দ্ৰত প্ৰথমতেই উৎপন্ন হৈছিল।

জ্যোতিৰ্বিজ্ঞানীসকলে তৰাৰ বৰ্ণালী, দীপন ক্ষমতা বা গতি পৰ্যবেক্ষণ কৰি ইয়াৰ ভৰ, বয়স, ৰাসায়নিক গঠন আৰু অন্যান্য অনেক ধৰ্ম বিশ্লেষণ কৰিব পাৰে। এটা তৰাৰ সৰ্বমুঠ ভৰে মূলতঃ তাৰ বিবৰ্তন আৰু চূড়ান্ত পৰিণতি নিৰ্ধাৰণ কৰে। অন্যান্য ধৰ্মসমূহো নিৰ্ণয় কৰা হয় বিবৰ্তনমূলক ইতিহাসৰ মাধ্যমত যাৰ ভিতৰত আছে ব্যাস, ঘূৰ্ণন, চাপ আৰু তাপমাত্ৰা। অনেক তৰাৰ তাপমাত্ৰাক তাৰ দীপন ক্ষমতাৰ বিপৰীতে এক লেখচিত্ৰত স্থাপন কৰিল যি চিত্ৰ পোৱা যায় তাক হেৰ্টছ্‌ষ্পুং-ৰাছেল চিত্ৰ বোলা হয়। এই চিত্ৰৰ মাধ্যমত তৰাৰ বিবৰ্তনৰ বৰ্তমান দশা আৰু ইয়াৰ বয়স নিৰ্ণয় কৰা হয়।

নিৰ্ণয় কৰা হৈছে যে এক প্ৰকাৰৰ মেঘৰ মাধ্যমত তৰাৰ জীৱনচক্ৰ আৰম্ভ হয়। এই মেঘত মূলতঃ হাইড্ৰ'জেন থাকে, অৱশ্যে হিলিয়াম সহ অতি সামান্য বিৰল গধুৰ মৌলো থাকিব পাৰে। তৰাৰ কেন্দ্ৰ যেতিয়া যথেষ্ট ঘন হয় তেতিয়া সেই কেন্দ্ৰৰ হাইড্ৰ'জেন নিউক্লীয় সংযোজন বিক্ৰিয়াৰ মাধ্যমত হিলিয়ামলৈ পৰিণত হয়। তৰাৰ অভ্যন্তৰ ভাগৰ অৱশেষৰ পৰা শক্তি বিকিৰণ আৰু পৰিচলনৰ এক মিশ্ৰ প্ৰক্ৰিয়াত বহিঃৰ্ভাগলৈ গমন কৰে। এই প্ৰক্ৰিয়াই তৰাটোক ঠাণ্ডা হবলৈ নিদিয়ে আৰু উৎপন্ন শক্তিয়ে এক নাক্ষত্ৰিক বায়ু তৈয়াৰ কৰে যি বিকিৰণক বিশ্বব্ৰহ্মাণ্ডত এৰি দিয়ে। তৰাৰ সমূহ হাইড্ৰ'জেন ইন্ধন জ্বলি শেষ হৈ গ'লে তাৰ মৃত্যু ঘটে। মৃত্যু ভৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰক্ৰিয়াৰ মাধ্যমত হয়। অৱশ্যে মৃত্যু ঘটাৰ আগেয়ে তৰাটোৱে আৰু কেইবাটাও প্ৰজন্ম পাৰ কৰে যাৰ ভিতৰত এটা হৈছে অপজাত অৱস্থা। প্ৰতি প্ৰজন্মত তাৰ পূৰ্বৰ প্ৰজন্মৰ তুলনাত গধুৰ মৌলৰ পৰিমাণ বেছি থাকে। তৰা অকলশৰীয়াকৈ থাকিবও পাৰে আৰু দুই বা ততোধিক তৰা একেলগে এক তন্ত্ৰ গঢ়ি তুলিবও পাৰে। দুটা তৰাৰ থুপবোৰত সাধাৰণতে এটাই আনটোক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰি থাকে আৰু বেছি কাষলৈ আহিলে এটাই অন্যে টোৰ বিবৰ্তনকো প্ৰভাৱিত কৰে।

সম্পৰ্কিত শ্ৰেণী

জ্যোতিৰ্বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নক্ষত্ৰ” প্ৰবন্ধৰ সংশোধন ২৮০৬৬৩ (৬ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।