অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীকান্ত ব’ল্লা

শ্ৰীকান্ত ব’ল্লা( Srikanth Bolla; জন্ম: ৭ জুলাই ১৯৯১) এজন ভাৰতীয় উদ্যোগপতি আৰু বোলাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। তেওঁ আছিল মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ স্ল'ন স্কুল অৱ মেনেজমেণ্টৰ মেনেজমেণ্ট বিজ্ঞানৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় দৃষ্টিহীন ছাত্ৰ।

হালনাগাদ: ১৭ জুলাই ২০২৪ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শ্ৰীকান্ত ব’ল্লা( Srikanth Bolla; জন্ম: ৭ জুলাই ১৯৯১) এজন ভাৰতীয় উদ্যোগপতি আৰু বোলাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। তেওঁ আছিল মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ স্ল'ন স্কুল অৱ মেনেজমেণ্টৰ মেনেজমেণ্ট বিজ্ঞানৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় দৃষ্টিহীন ছাত্ৰ।১

ব্যক্তিগত জীৱন

১৯৯১ চনৰ ৭ জুলাইত অন্ধ্ৰপ্ৰদেশৰ মাছিলিপট্টনমৰ সীতাৰমাপুৰমত তেলেগুভাষী এটা পৰিয়ালত জন্ম হৈছিল শ্ৰীকান্ত ব’ল্লাৰ। তেওঁ তেওঁৰ পিতৃ-মাতৃৰ আছিল প্ৰথম সন্তান।২ শ্ৰীকান্ত জন্মৰ পৰাই দৃষ্টিশক্তিহীন হৈ জন্মিছিল। ব’ল্লাৰ পৰিয়ালটো মূলতঃ খেতিৰ ওপৰত নিৰ্ভৰশীল আছিল।৩ তেওঁৰ শৈশৱ সংগ্ৰামপূৰ্ণ আছিল; বিদ্যুৎ নাছিল, শিক্ষাগ্ৰহণ আছিল তেওঁলোকৰ বাবে বিলাসীতা আৰু তেওঁৰ পৰিয়ালৰ উপাৰ্জন জীয়াই থাকিবলৈ প্ৰয়োজনীয় ধনতকৈ বহু কম আছিল।

২০১২ চনত বল্লাই তেওঁৰ ব্যৱসায়িক অংশীদাৰ, ৰবি মান্থাৰ সৈতে বোলাণ্ট ইণ্ডাষ্ট্ৰীজ স্থাপন কৰে।

২০২২ চনত বীৰা স্বাতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০২৪ চনত তেওঁৰ এগৰাকী কন্যা সন্তান জন্ম হয়, যাৰ নাম দম্পতীহালে নাইনা, যাৰ অৰ্থ চকু, ৰাখিছিল৷২

স্কুলত ব’ল্লাই বিজ্ঞান শাখাত পঢ়িব বিচাৰিছিল যদিও দৃষ্টিশক্তিহীন হোৱাৰ বাবে তেওঁ পঢ়িবলৈ অনুমতি লাভ কৰা নাছিল। ব’ল্লাই আদালতত গোচৰ তৰিলে, আৰু ছমাহ অপেক্ষাৰ অন্তত তেওঁক নিজৰ দায়িত্বত বিজ্ঞানত অধ্যয়ন কৰিবলৈ দিয়া হ’ল। দ্বাদশ ব’ৰ্ড পৰীক্ষাত ৯৮% লাভ কৰি ক্লাছত শীৰ্ষস্থান দখল কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ব’ল্লাই ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰতিষ্ঠানত নামভৰ্তিৰ পৰা বঞ্চিত হয়। অন্ধত্বৰ বাবেই তেওঁ অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল।

২০০৫ চনৰ পৰা যুৱ নেতা হিচাপে পৰিগণিত হোৱা ব’ল্লাই লিড ইণ্ডিয়া ২০২০: দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ আন্দোলনৰ সদস্য হিচাপে অন্তৰ্ভূক্ত হয়।৪ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ এ পি জে আব্দুল কালামৰ দ্বাৰা আৰম্ভ আৰম্ভ হোৱা লিড ইণ্ডিয়া ২০২০৫য়ে দৰিদ্ৰতা, নিৰক্ষৰতা আৰু নিবনুৱা সমস্যা নিৰ্মূল কৰি ২০২০ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যত উপনীত হোৱাত ভাৰতক সহায় কৰি আছে।৫

কৰ্মজীৱন

২০১১ চনত ব’ল্লাই সমনভাই চেণ্টাৰ ফৰ চিলড্ৰেন উইথ মাল্টিপল ডিচেবিলিটিজৰ সহ-প্ৰতিষ্ঠাপক হয়, য'ত তেওঁ ব্ৰেইল্ ছপাশাল আৰম্ভ কৰে,৬ একাধিক অক্ষমতা থকা ছাত্ৰ-ছাত্ৰীসকলক অৰ্থনৈতিকভাৱে স্বাধীন আৰু আত্মবহনক্ষম জীৱনৰ বাবে শৈক্ষিক, বৃত্তিমূলক, আৰ্থিক আৰু পুনৰ্বাসন সেৱা প্ৰদান কৰে।৭

২০১২ চনত ব’ল্লাই সহ-প্ৰতিষ্ঠাপক ৰবি মান্থাৰ সৈতে বোলাণ্ট ইণ্ডাষ্ট্ৰীজ আৰম্ভ কৰে।৮ বোলাণ্ট ইণ্ডাষ্ট্ৰীজে আৰেকা ভিত্তিক সামগ্ৰী প্ৰস্তুত কৰে আৰু ৰতন টাটাৰ পৰা পোৱা ধনেৰে প্ৰতিষ্ঠা লাভ কৰা উদ্যোগটোত কেইবাশ প্ৰতিবন্ধী লোকক কৰ্মসংস্থাপন প্ৰদান কৰে।৩ বোলাণ্টে পৌৰসভাৰ আৱৰ্জনা বা লেতেৰা কাগজৰ পৰা পৰিৱেশ-অনুকুল পুনঃব্যৱহৃত ক্ৰাফ্ট কাগজ, পুনঃব্যৱহৃত কাগজৰ পৰা পেকেজিং সামগ্ৰী, প্ৰাকৃতিক পাত আৰু পুনঃব্যৱহৃত কাগজৰ পৰা ডিচপ'জেবল সামগ্ৰী উৎপাদন কৰে আৰু পেলনীয়া প্লাষ্টিক ব্যৱহাৰযোগ্য সামগ্ৰীলৈ পুনৰ ব্যৱহাৰ কৰে।৯ বোলাণ্টে ব্যতিক্ৰমী ভাবে উন্নতি লাভ কৰিছে, আৰম্ভণিৰ পৰাই গড়ে মাহত ২০% আৰু ২০১৮ চনত ১৫০ কোটি টকাৰ ব্যৱসায় হৈছে।১০

শ্ৰীকান্ত ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত প্ৰতিষ্ঠা হোৱা চাৰ্জ ইমপেক্ট ফাউণ্ডেশ্যনৰ পৰিচালক।১১ এই সংস্থাৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত ভাৰতৰ ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱা।১২

২০১৭ চনৰ এপ্ৰিল মাহত ফৰ্বছ আলোচনীয়ে সমগ্ৰ এছিয়াতে ৩০ বছৰৰ তলৰ ৩০ জনৰ তালিকাত বল্লাৰ নাম অন্তৰ্ভুক্ত কৰে, সেই তালিকাত থকা মাত্ৰ তিনিজন ভাৰতীয়ৰ ভিতৰত এজন।১৩

কথাছবি

২০২২ চনত শ্ৰীকান্ত ব’ল্লাৰ মুখ্য চৰিত্ৰত অভিনেতা ৰাজকুমাৰ ৰাওক লৈ এখন কথাছবি শ্ৰীকান্ত নিৰ্মাণৰ কথা ঘোষণা কৰা হয়।১৪ ট্ৰেইলাৰটো মুকলি কৰা হয় ২০২৪ চনৰ ৯ এপ্ৰিলত৷১৫ট্ৰেইলাৰ মুকলিৰ সময়ত উপস্থিত থকা শ্ৰীকান্তই মনত পেলাইছিল যে টি-ছিৰিজৰ কেছেটে তেওঁক পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষা সম্পূৰ্ণ কৰাত কেনেদৰে সহায় কৰিছিল।১৬ ছবিখন ২০২৪ চনৰ ১০ মে’ত অক্ষয় তৃতীয় উপলক্ষে মুক্তি লাভ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Srikanth Bolla '13 proves that anyone can learn how to swim. MIT News
  2. ↑ Srikanth Bolla: First overseas blind student at MIT, entrepreneur who employs the disabled, and subject of a new bollywood film
  3. ↑ Kumar, V Rishi. (15 February 2016). Bollant Industries now gets Ratan Tata's backing. The Hindu Business Line
  4. ↑ (14 January 2018). After Being Rejected By IIT, This Blind Man Went On To Become The CEO Of A Company Worth Crores. www.mensxp.com
  5. ↑ Lead India. leadindia2020.org
  6. ↑ Kumar, V. Rishi. (16 March 2018). A catalyst for change. @businessline
  7. ↑ (4 August 2018). World was blind to see tech entrepreneur Srikanth Bolla's vision, but he had other ideas. dna
  8. ↑ Srikanth Bolla: First Overseas Blind Student At MIT, Entrepreneur Who Employs The Disabled, And Subject Of A New Bollywood Film. Forbes India
  9. ↑ (8 April 2016). Refused by IIT, This Blind Man Went on to Become an MIT Grad and CEO of a Rs 50 Crore Company. The Better India
  10. ↑ (4 August 2018). He winked at the world when it failed to see his vision - Times of India. The Times of India
  11. ↑ Surge Impact I About us. Surge Impact
  12. ↑ Surge Impact - Accelerating social impact in India. Surge Impact
  13. ↑ Srikanth Bolla. Forbes
  14. ↑ Production begins for Rajkummar Rao's next film 'Sri', a biopic on Srikanth Bolla. The Economic Times
  15. ↑ 'Srikanth' trailer: Patralekhaa lauds hubby Rajkummar Rao's hard work and talks about his journey for the movie
  16. ↑ Srikanth Trailer Launch: Srikanth Bolla gets emotional as he recalls how late Gulshan Kumar helped him in completing his education. The Economic Times

সম্পৰ্কিত শ্ৰেণী

উদ্যোগপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীকান্ত ব’ল্লা” প্ৰবন্ধৰ সংশোধন ৪২৬০৫২ (১৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।