অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰমেশবাবু বৈশালী

ৰমেশবাবু বৈশালী (Vaishali Rameshbabu; জন্ম ২১ জুন ২০০১) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ গ্ৰেণ্ডমাষ্টাৰ পৰ্যায় লাভ কৰা বৈশালী ভাৰতৰ তৃতীয় গৰাকী মহিলা। তেওঁ আৰু তেওঁৰ ভাতৃ ৰমেশবাবু প্ৰজ্ঞানন্দ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাতৃ-ভগ্নীৰ যুটি।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ৫৩২ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰমেশবাবু বৈশালী (Vaishali Rameshbabu; জন্ম ২১ জুন ২০০১) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ।১২ তেওঁ গ্ৰেণ্ডমাষ্টাৰ পৰ্যায় লাভ কৰা বৈশালী ভাৰতৰ তৃতীয় গৰাকী মহিলা। তেওঁ আৰু তেওঁৰ ভাতৃ ৰমেশবাবু প্ৰজ্ঞানন্দ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাতৃ-ভগ্নীৰ যুটি। ইয়াৰ উপৰিও তেওঁলোক কেণ্ডিডেট প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাতৃ-ভগ্নীৰ যুটি। ২০২৪ চনত ভাৰত চৰকাৰে দবা খেলৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।৩

প্ৰাৰম্ভিক জীৱন

২০০১ চনৰ ২১ জুন তাৰিখে তামিলনাডুৰ চেন্নাইত ৰমেশবাবু বৈশালীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ৰমেশবাবু টিএনএছচি বেংকত শাখা প্ৰবন্ধক আৰু মাতৃ নাগলক্ষ্মী এগৰাকী গৃহিণী। তেওঁৰ কনিষ্ঠ ভাতৃ ৰমেশবাবু প্ৰজ্ঞানন্দয়ো এগৰাকী দবাৰ গ্ৰেণ্ডমাষ্টাৰ।

খেলুৱৈ জীৱন

বৈশালীয়ে ২০১২ চনত ১২ বছৰ অনুৰ্ধ আৰু ২০১৫ চনত ১৪ বছৰ অনুৰ্ধৰ ছোৱালীৰ বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপ বিজয়ী হৈছিল।৪ ১২ বছৰ বয়সত ২০১৩ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপৰ বাবে কাৰ্লচেনে চেন্নাইত থকাৰ সময়ত অনুষ্ঠিত কৰা এক যুগপৎ প্ৰতিযোগিতাত ভৱিষ্যতৰ বিশ্ব দবা চেম্পিয়ন মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে।৫৬

২০১৬ চনত মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (ডব্লিউ আই এম) খিতাপ লাভ কৰে আৰু ২০১৬ চনৰ অক্টোবৰ মাহত ভাৰতত দ্বিতীয় স্থান আৰু বিশ্বৰ ১২ নং মহিলা ১৬ বছৰ অনুৰ্ধৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। সেই সময়ত তাইৰ ইএলঅ' ৰেটিং ২৩০০ আছিল।

২০১৮ চনৰ ১২ আগষ্টত লাটভিয়াৰ ৰিগাত অনুষ্ঠিত হোৱা ৰিগা টেকনিকেল ইউনিভাৰ্চিটিৰ মুকলি দবা প্ৰতিযোগিতাত তেওঁ চূড়ান্ত চৰ্ত পূৰণ কৰি মহিলা গ্ৰেণ্ডমাষ্টাৰৰ পৰ্যায় লাভ কৰে।৭

বৈশালীয়ে ২০২০ চনৰ অনলাইন অলিম্পিয়াডত স্বৰ্ণ পদক বিজয়ী দলৰ৮ অংশ আছিল। এয়া এই প্ৰতিযোগিতাত ভাৰতে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিছিল।৯

২০২১ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (আই এম) খিতাপ লাভ কৰে। ২০২২ চনত বৈশালীয়ে ৭.০/৯ স্কৰ লাভ কৰি ৮ম ফিচাৰ মেম'ৰিয়েল খিতাপ লাভ কৰে আৰু দ্বিতীয় গ্ৰেণ্ডমাষ্টাৰ চৰ্ত পূৰণ কৰে।১০১১১২১৩

বৈশালীক ২০২২ চনৰ ফিডে মহিলা স্পীড দবা চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।১৪ এই প্ৰতিযোগিতাত তেওঁ মহিলা বিশ্ব ব্লিটজ দবা চেম্পিয়ন বিবিছাৰা আছাউবায়েভাক ১৬ জনীয়া ৰাউণ্ডত১৫ আৰু কোৱাৰ্টাৰ ফাইনেলত হৰিকা দ্ৰোনাভালিক পৰাস্ত কৰে।১৬১৭

বৈশালীয়ে ২০২২ চনৰ জুলাই-আগষ্ট মাহত চেন্নাইৰ মামল্লাপুৰমত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক দবা অলিম্পিয়াডত মহিলা শাখাত ৩ নং ব’ৰ্ডত খেলিছিল। এই প্ৰতিযোগিতাত ভাৰতৰ মহিলা দলে দলীয় ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু বৈশালীয়ে ৩ নং ব’ৰ্ডৰ বাবে ব্যক্তিগত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

২০২৩ চনত বৈশালীয়ে টাটা ষ্টীল চেলেঞ্জাৰছ ৪.৫/১৪ স্ক’ৰ কৰিছিল আৰু ২৬০০ ৰেটিং পোৱা দুগৰাকী গ্ৰেণ্ডমাষ্টাৰ লুইছ পাউলো ছুপি আৰু জেৰগুছ পেচাচক পৰাস্ত কৰিছিল। তেওঁ সামগ্ৰিকভাৱে ৰেংকিঙত দ্বাদশ স্থান দখল কৰে।১৮

২০২৩ চনৰ কাটাৰ মাষ্টাৰছ অ'পেনত বৈশালীয়ে ৫/৯ স্কৰ আৰু ২৬০৯ প্ৰদৰ্শন ৰেটিং লাভ কৰি চূড়ান্ত গ্ৰেণ্ডমাষ্টাৰ চৰ্ত লাভ কৰে।১৯ দিব্যা দেশমুখতকৈ উন্নত টাইব্ৰেক (পাৰফৰমেন্স ৰেটিং)ৰে অন্ত পেলোৱাৰ পিছত তেওঁ প্ৰতিযোগিতাখনৰ শীৰ্ষ মহিলাৰ বঁটাও লাভ কৰে।২০২১

আইল অৱ মেনত অনুষ্ঠিত হোৱা ফিডে মহিলা গ্ৰেণ্ড চুইছ ২০২৩ত বৈশালীয়ে এখনো খেলত পৰাস্ত নোহোৱাকৈ আৰু ৮.৫/১১ স্ক'ৰ কৰি জয়লাভ কৰে। ইয়াৰ ফলত ২০২৪ চনত কানাডাৰ টৰণ্টোত অনুষ্ঠিত হ'বলগীয়া মহিলা কেণ্ডিডেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰে।২২২১ তেওঁ আৰু তেওঁৰ সৰু ভাতৃ প্ৰজ্ঞানন্দ নিজ নিজ প্ৰাৰ্থীৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভগ্নী-ভাইৰ যুটি হিচাপে পৰিগণিত হয়।

ডিচেম্বৰ মাহত স্পেইনত অনুষ্ঠিত হোৱা আই ভি এল ল'ব্ৰেগাট ওপেন টুৰ্ণামেণ্ট ২০২৩ত বৈশালীয়ে ২৫০০ ইলো ৰেটিং থ্ৰেছহ'ল্ড অতিক্ৰম কৰিছিল, যাৰ ফলত গ্ৰেণ্ডমাষ্টাৰ খিতাপ লাভৰ বাবে সকলো প্ৰয়োজনীয়তা পূৰণ কৰিছিল আৰু ভাৰতৰ তৃতীয়গৰাকী মহিলা আৰু ভাৰতৰ ৮৪ সংখ্যক ব্যক্তি হিচাপে পৰিগণিত হৈছিল।২২৩

২০২৪ চনত হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াডৰ স্বৰ্ণ পদক বিজয়ী মহিলা দলৰ তেওঁ অংশ আছিল। বৈশালীয়ে ২০২৪ চনৰ মহিলাৰ বিশ্ব ব্লিট্‌জ দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে। ৰাউণ্ড-ৰবিন পৰ্যায়ত তেওঁ প্ৰথম স্থান দখল কৰিছিল আৰু ছেমিফাইনেলত পৰৱৰ্তী বিজয়ী জু ৱেনজুনৰ হাতত পৰাজিত হৈছিল।২৪

বৈশালীয়ে ২০২৫ চনত উজবেকিস্তানৰ ছমৰখন্দত অনুষ্ঠিত হোৱা ফিডে মহিলাৰ গ্ৰেণ্ড ছুইছ প্ৰতিযোগিতাত ৮/১১ স্ক’ৰ কৰি নিজৰ মুকুট সফলতাৰে ৰক্ষা কৰে। ফলস্বৰূপে, তেওঁ ২০২৬ চনৰ মহিলাৰ কেণ্ডিডেটছ প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে।২৫ বৈশালীয়ে ২০২৬ চনত চাইপ্ৰাছত অনুষ্ঠিত হোৱা ফিডে মহিলাৰ কেণ্ডিডেটছ প্ৰতিযোগিতাত ৮.৫/১৪ (+৫−২=৭) স্ক’ৰ কৰি বিজয়ী হয়। ইয়াৰ ফলত, তেওঁ ২০২৬ চনৰ মহিলাৰ বিশ্ব চেম্পিয়নশ্বিপত জু ৱেনজুনৰ বিৰুদ্ধে খেলাৰ অধিকাৰ অৰ্জন কৰে।২৬

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ Vaishali, Rameshbabu. ratings.fide.com
  2. ↑ FIDE Title Application (GM)
  3. ↑ (2023-12-02). Vaishali and Praggnanandhaa make history as the first-ever brother-sister duo to become Grandmasters. The Indian Express
  4. ↑ Rameshbabu Praggnanandhaaa celebrity xyz page
  5. ↑ (8 September 2022). The girl who defeated Magnus at the age of 12 · Vaishali Rameshbabu
  6. ↑ (2013-08-19). Carlsen happy with arrangements for World Championship match. The Times of India
  7. ↑ (13 August 2018). R. Vaishali becomes Grand Master
  8. ↑ (2020-09-18). The entire Gold medal winning Indian team from Online Olympiad 2020 interviewed by ChessBase India - ChessBase India. www.chessbase.in
  9. ↑ (2020-08-30). The Triumph of the twelve brave Olympians - ChessBase India. www.chessbase.in
  10. ↑ (2017-05-24). Asian champ Vaishali sets her sight at Grand Master title. Business Standard India. Press Trust of India
  11. ↑ Rao, Rakesh. (4 May 2022). Fischer Memorial: Vaishali makes second GM norm, wins title. Sportstar
  12. ↑ News9 Staff. (2022-05-04). Indian woman grandmaster R Vaishali secures 2nd GM norm by winning Greek chess event. NEWS9LIVE
  13. ↑ (2022-05-04). Vaishali triumphs at 8th Fischer Memorial 2022, scores her second GM-norm - ChessBase India. www.chessbase.in
  14. ↑ (30 May 2021). Vaishali Rameshbabu Wins Women's Speed Chess Championship Qualifier #2
  15. ↑ (2022-06-14). FIDE WSCC 2022 Round of 16: Vaishali eliminates World Blitz Women champion Bibisara Assaubayeva - ChessBase India. www.chessbase.in
  16. ↑ Vaishali R eliminates Dronavalli to reach semifinals. www.fide.com
  17. ↑ West (NM_Vanessa), Vanessa. (21 July 2022). Rising Star Knocks Out Experienced Compatriot. Chess.com
  18. ↑ Challengers standings. Tata Steel Chess Tournament 2023
  19. ↑ (2023-10-20). Nodirbek Yakubboev wins Qatar Masters in blitz tiebreaks. Chess News
  20. ↑ (2023-11-06). Vaishali Wins Women's Grand Swiss, Vidit Also Gets Close To Title Triumph. News18
  21. ↑ Sportstar, Team. (2023-11-05). Vaishali draws last round to win FIDE Women Grand Prix 2023. Sportstar
  22. ↑ (2023-11-06). Vaishali Wins Women's Grand Swiss, Vidit Also Gets Close To Title Triumph. News18
  23. ↑ (2 December 2023). R Vaishali becomes grandmaster, joins R Praggnanandhaa to become world's first brother-sister GM duo. India Today
  24. ↑ Carlsen, Nepomniachtchi Agree To Share World Blitz Title, Ju Wins Women's. chess.com
  25. ↑ Historic! R Vaishali defends her FIDE Grand Swiss title, becomes third Indian to enter Candidates 2026. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  26. ↑ (2026-04-15). Historic! India's R Vaishali wins Women's Candidates, sets up World C'ship match against China's Ju Wenjun. The Times of India
  27. ↑ (2023-12-20). Sports Ministry confirms Arjuna award for Mohammed Shami; Khel Ratna to Satwik and Chirag - Check full list of winners. Hindustan Times
  28. ↑ Ministry of Youth Affairs and Sports. pib.gov.in

সম্পৰ্কিত শ্ৰেণী

তামিলনাডুৰ ব্যক্তিভাৰতীয় মহিলা দবা খেলুৱৈঅৰ্জুন বঁটা বিজয়ীমহিলা দবা গ্ৰেণ্ডমাষ্টাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমেশবাবু বৈশালী” প্ৰবন্ধৰ সংশোধন ৬০১৯৮৪ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।