অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তুলসীমতি মুৰুগেছান

তুলসীমতি মুৰুগেছান (Thulasimathi Murugesan; জন্ম: ১১ এপ্ৰিল ২০০২) এগৰাকী ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তুলসীমতি মুৰুগেছান (Thulasimathi Murugesan; জন্ম: ১১ এপ্ৰিল ২০০২) এগৰাকী ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ।১ ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এই প্ৰতিযোগিতাৰ পেৰা-বেডমিণ্টন প্ৰতিযোগিতাৰ এছএল৩-এছইউ৫ আৰু এছইউ৫ শাখাত তেওঁ মহিলাৰ এককত স্বৰ্ণ, মহিলাৰ দ্বৈত দলত ৰূপ আৰু মিশ্ৰিত দলত ব্ৰঞ্জৰ সৈতে মুঠ তিনিটা পদক লাভ কৰে।২ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ৰূপৰ পদক লাভ কৰে। ইয়াৰ লগতে তেওঁ পেৰালিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বাটলাৰ হিচাপে ইতিহাস ৰচনা কৰে।

প্ৰাৰম্ভিক জীৱন

২০০২ চনৰ ১১ এপ্ৰিল তাৰিখে তামিলনাডুৰ কাঞ্চীপুৰমত তুলসীমতিৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ পৰাই বাওঁহাতত বিকৃতি ঘটিছিল। ইয়াৰ ফলত তেওঁৰ বাওঁহাতৰ গতিবিধি আৰু মোচন ৩০ শতাংশৰ তললৈ সীমাবদ্ধ হৈ পৰিছিল। তেওঁৰ পিতৃ মুৰুগেছান ক্ৰীড়া আসক্ত আছিল আৰু দুয়োগৰাকী কন্যাক একেলগে খেলিবলৈ বাধ্য কৰাইছিল। ভনীয়েক কিৰুট্টিঘাৰ সহায়ত তেওঁ খেলিবলৈ আৰম্ভ কৰিছিল। পিছলৈ তেওঁক প্ৰশিক্ষক ইৰফানে তেওঁৰ প্ৰতিভাৰ উমান পায়। তেওঁ তুলসীমতিক অলিম্পিক গোল্ড কুৱেষ্টৰ সহায়ত হাইদৰাবাদৰ গোপিচান্দ একাডেমীলৈ লৈ যোৱাত সহায় কৰে।৩ চেন্নাইৰ তামিলনাডু পশু চিকিৎসা আৰু পশু বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত নামক্কালৰ এখন মহাবিদ্যালয়ত তেওঁ পশু চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি আছে।১৩

খেলুৱৈ জীৱন

২০২৩ চনৰ ডিচেম্বৰ মাহত তুলসীমতিয়ে ৫ম ফাজ্জা ডুবাই পেৰা বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় ২০২৩ত মানসী যোশীৰ সৈতে মহিলা ডাবলছত সোণৰ পদক লাভ কৰে।৪ পিছত নিতেশ কুমাৰৰ সৈতে মিক্সড ডাবলছ এছএল৩ আৰু এছইউ৫ শাখাত পুনৰ ব্ৰঞ্জৰ পদক লাভ কৰে। মানসীৰ সৈতে তেওঁ বিশ্ব পেৰা-বেডমিণ্টন ডাবলছ ৰেংকিঙত দ্বিতীয় স্থানত আছে।৫ তেওঁ হায়দৰাবাদত প্ৰশিক্ষক গোপিচান্দ আৰু ইৰফানৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰে।৬ তেওঁক অলিম্পিক গোল্ড কুৱেষ্টে সমৰ্থন কৰে।৭

২০২২চনৰ চীনৰ হাংঝৌত অনুষ্ঠিত চতুৰ্থ এছিয়ান পেৰা গেমছত তেওঁ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ তিনিটা পদক লাভ কৰে।৮ ২০২৩ চনৰ ২৫ অক্টোবৰত নিতেশ কুমাৰৰ সৈতে মিক্সড ডাবলছ এছএল৩-এছইউ৫ শাখা ক্লাছ পেইৰিঙত ব্ৰঞ্জৰ পদক লাভ কৰে। ২৭ অক্টোবৰত মহিলা ডাবলছ এছএল৩-এছইউ৫ ত মানসী যোশীৰ অংশীদাৰ হৈ ৰূপৰ পদক লাভ কৰে আৰু ব্যক্তিগত মহিলা একক এছইউ৫ শ্ৰেণীত সোণৰ পদক লাভ কৰে।৯১০ ২০২৪ চনত থাইলেণ্ডৰ পাট্টায়াত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত তেওঁ মহিলাৰ দলৰ অংশ হিচাপে ৰূপৰ পদক অৰ্জন কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ মহিলা একক এছইউ৫ শাখাত তেওঁ ৰূপৰ পদক লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Paris 2024. www.paralympic.org
  2. ↑ Sportstar, Team. (2023-10-21). India at Asian Para Games 2023: Full list of Indian athletes. Sportstar
  3. ↑ (2024-09-02). Paris Paralympics: Shuttler Thulasimathi Murugesan takes silver, vindication for family of modest means. The Indian Express
  4. ↑ (2023-12-18). Manasi-Murugesan win gold, Pramod Bhagat secures two silver medals at Fazza Dubai Para Badminton International. The Times of India
  5. ↑ PTI. (2023-12-18). Manasi-Murugesan pair wins women's doubles gold, Bhagat secures 2 silver medals at Fazza Dubai Para Badminton International. Sportstar
  6. ↑ Dubai Para Badminton International 2023: Manasi-Thulasimathi wins doubles gold, India return with 14 medals. Khel Now
  7. ↑ Para Badminton · OGQ. www.olympicgoldquest.in
  8. ↑ Parkar, Ubaid. (2023-10-28). Asian Para Games 2023 medal tally: Indian winners - full list. www.olympics.com
  9. ↑ (2023-10-25). Asian Para Games Day 3: Medal rush continues for India; medal tally stands at 34. mint
  10. ↑ Sekar, Divya. Asian Para Games: பாரா ஆசிய விளையாட்டு போட்டி - பேட்மிண்டனில் தங்கம் வென்ற தமிழச்சி!. Tamil Hindustan Times

সম্পৰ্কিত শ্ৰেণী

তামিলনাডুৰ ব্যক্তিভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ীমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলসীমতি মুৰুগেছান” প্ৰবন্ধৰ সংশোধন ৫৯৫৩০৫ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।