জু ৱেনজুন১ এগৰাকী চীনা গ্ৰেণ্ডমাষ্টাৰ (GM) আৰু ঘাইকৈ মহিলা বিশ্ব দবা চেম্পিয়ন হিচাপে পৰিচিত। তেওঁ চাৰিবাৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰিছে (২০১৮, ২০১৮, ২০২০, ২০২৩) আৰু বৰ্তমান শীৰ্ষ মহিলা বিশ্ব চেম্পিয়ন।২ তদুপৰি, তেওঁ বিশ্ব ব্লিৎজ চেম্পিয়ন আৰু দুবাৰ বিশ্ব ৰেপিড চেম্পিয়ন।
কৰ্মজীৱন
- জুৱে ৭ বছৰ বয়সত দবা খেলিবলৈ আৰম্ভ কৰিছিল।৩
- ২০০৪: এছিয়ান মহিলা দবা চেম্পিয়নশ্বিপত তৃতীয় স্থান অধিকাৰ কৰাৰ ফলত ২০০৬ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপত খেলাৰ সুযোগ লাভ কৰে।৪
- ২০১০ আৰু ২০১৪: চীন মহিলা দবা চেম্পিয়নশ্বিপত বিজয়ী হয়।৫
- ২০১১: হাংঝৌ মহিলা গ্ৰেণ্ডমাষ্টাৰ দবা টুৰ্ণামেণ্টত বিজয়ী হয়, তেতিয়াৰ মহিলা বিশ্ব চেম্পিয়ন হৌ ইফানক পৰাস্ত কৰি।৬
- ২০১৪: ফিদে মহিলা গ্ৰেণ্ড প্ৰিস্কত সফল হৈ GM নৰ্ম অৰ্জন কৰি GM উপাধি লাভ কৰে।৭৮৯
- ২০১৭: মহিলা বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপ জয় কৰে।১০১১
- ২০১৮: মে' মাহত মহিলা বিশ্ব দবা চেম্পিয়নৰ খিতাপ লাভ কৰে আৰু নৱেম্বৰ মাহত সফলতাৰে তাক ৰক্ষা কৰে।১২
- ২০২০: মহিলা বিশ্ব চেম্পিয়নশ্বিপ ২০২০ ত আলেক্সান্দ্ৰা গৰ্যাচকিনাক পৰাস্ত কৰি মুকুট ৰক্ষা কৰে।
- ২০২৩: মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপত লেই টিংজিয়েক ৬½–৫½ স্ক’ৰত পৰাস্ত কৰি চতুৰ্থবাৰ মুকুট লাভ কৰে।
- ২০২৪: টাটা ষ্টীল দবা টুৰ্ণামেণ্টত আলিৰেজা ফিৰৌজাক পৰাস্ত কৰি তেওঁ বিশেষভাৱে চৰ্চিত হয়।১৩
- ২০২৪: মহিলা বিশ্ব ব্লিৎজ চেম্পিয়নশ্বিপত বিজয়ী হয়।১৪
দলীয় সফলতা
- ২০০৮-বৰ্তমান: চীন ৰাষ্ট্ৰীয় মহিলা দবা দলৰ হৈ খেলি আহিছে।
- ২০১০: এছিয়ান গেমছত দলীয় সোণৰ পদক লাভ কৰে।
- ২০১৬: ৪২ সংখ্যক দবা অলিম্পিয়াডত চীন মহিলা দলৰ হৈ সোণৰ পদক লাভ কৰে।
- ২০১৮: অলিম্পিয়াডত পুনৰ সোণৰ পদক লাভ কৰে।
- ২০০৯ আৰু ২০১১: মহিলা বিশ্ব দলীয় দবা চেম্পিয়নশ্বিপত বিজয়ী হয়।
- ২০১২, ২০১৪, ২০১৬: মহিলা এছিয়ান নেচনছ দবা কাপত সোণৰ পদক লাভ কৰে।
চীন চেচ লীগ
জু ৱেনজুনে চীন চেচ লীগ (CCL) ত সাংহাই ক্লাবৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰে।১৫
তথ্যসূত্ৰ
- ↑ WGM title application. FIDE
- ↑ "FIDE adopts a new system for the Women's Candidates 2022-23". FIDE
- ↑ JU WENJUN. Федерация шахмат России
- ↑ "TWIC 529: Asian Women's Championship". The Week in Chess. 2004-12-27
- ↑ Ramirez, Alejandro. (2014-03-29). Yu Yangyi & Ju Wenjun Chinese Champs. ChessBase
- ↑ Liang, Ziming. (2011-07-26). 1st Hangzhou WGM Tournament – Ju Wenjun wins, Harika becomes GM. ChessBase
- ↑ Title Applications – 4th quarter Presidential Board Meeting, 7–10 November 2014, Sochi, RUS. FIDE
- ↑ Niklesh Kumar Jain. (2014-09-14). Sharjah Grand Prix winner Ju Wenjun. ChessBase
- ↑ "List of titles approved by the 4th quarter PB 2014" . FIDE
- ↑ (2017-12-28). Viswanathan Anand and Ju Wenjun are World Rapid Champions!. Chessdom
- ↑ ChessBase staff. (28 December 2018). FIDE World Rapid Champions: Dubov and Ju. ChessBase
- ↑ Houska, Jovanka. (24 November 2018). Ju Wenjun Beats Lagno In Playoff, Wins Women's World Chess Championship. Chess.com
- ↑ (2024-01-19). Tata Steel Chess R5: Ju upsets Firouzja, Roebers stuns Niemann. Chess News
- ↑ Carlsen, Nepomniachtchi Agree To Share World Blitz Title, Ju Wins Women's. chess.com
- ↑ 雅戈尔杯中国国际象棋甲级联赛官方网站
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জু ৱেনজুন” প্ৰবন্ধৰ সংশোধন ৪৯১২৫৮ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।