অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মণিষা ৰামাদাস

মণিষা ৰামাদাস (জন্ম: ২৭ জানুৱাৰী ২০০৫) তামিলনাডুৰ এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰাৰ লগতে মহিলাৰ একক এছইউ৫ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।

হালনাগাদ: ১৮ জুন ২০২৬ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মণিষা ৰামাদাস (জন্ম: ২৭ জানুৱাৰী ২০০৫) তামিলনাডুৰ এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।১ তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰাৰ লগতে মহিলাৰ একক এছইউ৫ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।২৩

প্ৰাৰম্ভিক জীৱন

মণিষা তামিলনাডুৰ তিৰুৱল্লুৰত মণিষাৰ জন্ম হৈছিল।৪৫ বেচৰকাৰী সংস্থা অলিম্পিক গোল্ড কুৱেষ্টে (Olympic Gold Quest) তেওঁক ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰে।

কেৰিয়াৰ

২০২২ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে। ২০২২ চনৰ ২২ আগষ্টত মণিষাই এছইউ৫ শাখাত বিশ্বৰ ১ নম্বৰ স্থান দখল কৰে।৬ তেওঁ ২০২২ চনত স্পেনিছ (লেভেল ২) পেৰা-বেডমিণ্টন ইণ্টাৰনেশ্যনেলত প্ৰথম খিতাপ দখল কৰিবলৈ সক্ষম হয়। ২০২২ চনত তেওঁ ১১টা সোণৰ পদক আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰে।

বঁটা

তেওঁৰ প্ৰভাৱশালী প্ৰদৰ্শনৰ বাবে তেওঁ ২০২২ বৰ্ষৰ বি ডব্লিউ এফৰ মহিলা পেৰা বেডমিণ্টন খেলুৱৈৰ সন্মান লাভ কৰে।৭

ইয়াৰ উপৰিও তেওঁ ২০২৩ চনত পেৰাস্প'ৰ্টছ স্প'ৰ্টষ্টাৰ এছেছ বঁটা লাভ কৰে।৮

তথ্যসূত্ৰ

  1. ↑ Player Profile
  2. ↑ Sportstar, Team. (2024-08-14). India at Paris Paralympics 2024: Complete list of 84 athletes at Paralympic Games. Sportstar
  3. ↑ Paris Paralympics: Manisha Ramdass Sets Up Semifinal Duel With Thulasimathi Murugesan To Assure India Another Medal. NDTV
  4. ↑ Desk, SportsCafe. (2022-12-06). Manisha Ramadass named best BWF Female Para-Badminton player, HS prannoy best dressed shuttler. SportsCafe.in
  5. ↑ (2022-12-06). मनीषा रामदास ने देश को नाम किया रोशन, BWF ने चुना साल की सर्वश्रेष्ठ पैरा बैडमिंटन खिलाड़ी. Times Now Navbharat
  6. ↑ BWF Para-Badminton - BWF Para Badminton World Rankings
  7. ↑ (2022-12-06). Manisha Ramadass wins BWF Female Para-Badminton Player of the Year award. The Times of India
  8. ↑ Sportstar, Team. (2023-02-27). Sportstar Aces Awards 2023: Manisha Ramadass wins Sportswoman of the Year (Parasports). Sportstar

সম্পৰ্কিত শ্ৰেণী

তামিলনাডুৰ ব্যক্তিভাৰতীয় পেৰালিম্পিক প্ৰতিযোগীপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ীভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিষা ৰামাদাস” প্ৰবন্ধৰ সংশোধন ৬১২৯৭৫ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।