ভাৰতীয় মহিলা দবা খেলুৱৈ
৫ প্ৰবন্ধ
-
কৃত্তিকা নাদিগ
কৃত্তিকা নাদিগ (ইংৰাজী: Kruttika Nadig, জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী প্ৰখ্যাত ভাৰতীয় দবা খেলুৱৈ। তেওঁ মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) উপাধিধাৰী আৰু ২০০৮ চনত ভাৰতীয় মহিলা দবা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত জয়লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰে।
-
কোনেৰু হাম্পী
কোনেৰু হাম্পী ( Koneru Humpy; জন্ম: ৩১ মাৰ্চ ১৯৮৭) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। হাম্পি মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপৰ ৰানাৰ্ছ আপ আৰু বৰ্তমানৰ দুবাৰৰ মহিলা বিশ্ব ৰেপিড দবা চেম্পিয়ন।
-
হাৰিকা দ্ৰোণাভেল্লি
হাৰিকা দ্ৰোণাভেল্লী (জন্ম: ১২ জানুৱাৰী, ১৯৯১) হৈছে ফিদে(FIDE)ৰ গ্ৰেণ্ডমাষ্টাৰ উপাধি ধাৰণ কৰা এগৰাকী ভাৰতীয় দবা খেলুৱৈ। তেওঁ ২০২৪ চনৰ ৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণ জয় কৰা মহিলা দলৰ সভ্য আছিল। তেওঁ ২০১২, ২০১৫ আৰু ২০১৭ চনত মহিলাৰ বিশ্ব দবা চেম্পিয়নশ্বিপত তিনি বাৰ ব্ৰঞ্জৰ পদক জয় কৰে।
-
ৰমেশবাবু বৈশালী
ৰমেশবাবু বৈশালী (Vaishali Rameshbabu; জন্ম ২১ জুন ২০০১) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ গ্ৰেণ্ডমাষ্টাৰ পৰ্যায় লাভ কৰা বৈশালী ভাৰতৰ তৃতীয় গৰাকী মহিলা। তেওঁ আৰু তেওঁৰ ভাতৃ ৰমেশবাবু প্ৰজ্ঞানন্দ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাতৃ-ভগ্নীৰ যুটি।
-
দিব্যা দেশমুখ
দিব্যা দেশমুখ (Divya Deshmukh; জন্ম: ৯ ডিচেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় দবা খেলুৱৈ। ২০২৫ চনত তেওঁ দবা বিশ্বকাপ বিজয়ী হয় গ্ৰেণ্ডমাষ্টাৰ খিতাপ লাভ কৰে। ইয়াৰ আগতে তেওঁ মহিলা গ্ৰেণ্ডমাষ্টাৰ আৰু আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ উপাধি অৰ্জন কৰিছিল। তেওঁ অলিম্পিয়াড তিনিবাৰকৈ স্বৰ্ণ পদক বিজয়ী।