নিত্যা শ্ৰী সুমতি শিৱন (জন্ম: ৭ জানুৱাৰী ২০০৫) এগৰাকী ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ।১ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ বেডমিণ্টনৰ মহিলাৰ একক প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত একক, মিশ্ৰিত আৰু মহিলাৰ দ্বৈত প্ৰতিযোগিতাত তিনিটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।২৩
প্ৰাথমিক জীৱন=
২০০৫ চনৰ ৭ জানুৱাৰী তাৰিখে তামিলনাডুৰ কাৰুৰত নিত্যা শিৱনৰ জন্ম হৈছিল। ২০১৬ চনত বিনোদনৰ বাবে সক্ষম খেলুৱৈসকলৰ সৈতে তেওঁ বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰে।৪ পিছলৈ ২০১৯ চনত পেৰা গেমছৰ বিষয়ে জানিব পাৰি প্ৰতিযোগিতামূলক বেডমিণ্টনলৈ মনোনিৱেশ কৰে আৰু লক্ষ্ণৌত প্ৰশিক্ষক গৌৰৱ খান্নাৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰে।৫
খেলুৱৈ জীৱন
২০২২ চনৰ অক্টোবৰ মাহত চীন দেশৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত তেওঁ তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২৩ চনৰ এপ্ৰিল মাহত ব্ৰাজিল পেৰা বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ দুটা সোণৰ পদক লাভ কৰে।৬ ২০২২ চনৰ মে' মাহত এছিয়ান যুৱ পেৰা গেমছৰ বিজয়ী নিত্যায়ে মানামাত অনুষ্ঠিত হোৱা ১ম বাহৰেইন পেৰা বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো সোণৰ পদক লাভ কৰে।৭ ২০২২ চনৰ ডিচেম্বৰ মাহত লিমাত অনুষ্ঠিত হোৱা পেৰু পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেলত বিশ্বৰ ৰূপৰ পদক বিজয়ীক পৰাস্ত কৰি মহিলাৰ একক এছএইছ৬ শাখাতফাইনেলত তেওঁ সোণৰ পদক লাভ কৰে।৮ ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ মহিলাৰ একক বেডমিণ্টনত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
তথ্যসূত্ৰ
- ↑ (2023-10-26). India record highest ever medal tally in Asian Para Games. Firstpost
- ↑ PM celebrates Bronze Medal by Nithya Sre Sivan in Badminton Women's Singles SH6 event in Asian Para Games 2022. pib.gov.in
- ↑ (2023-10-27). India creates history in Asian Para Games, takes tally to record 82 medals with 2 days left. The Economic Times
- ↑ PTI. (2023-04-17). Nithya, Nitesh win singles gold at Brazil Para-Badminton Intl. The Hindu
- ↑ Jain, Deepanshu. (2023-12-10). 'Chinese legend Lin Dan is my idol,' says world no.3 Nithya Sre Sivan. thebridge.in
- ↑ (2023-04-17). Nithya, Nitesh win singles gold at Brazil Para-Badminton International. The Economic Times
- ↑ (2022-05-22). Indian contingent finish with 23 medals at Bahrain Para Badminton. The Economic Times
- ↑ PTI. (2022-12-06). Peru Para Badminton: Mandeep shocks world champion; Nehal bags 2 gold. Sportstar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিত্যা শিৱন” প্ৰবন্ধৰ সংশোধন ৪৬৫১৩৪ (১৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।