অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেশৱানন্দ দেৱগোস্বামী

কেশৱানন্দ দেৱগোস্বামী (Keshabananda Debagoswami) হৈছে একাধাৰে এগৰাকী অসমীয়া পণ্ডিত-গৱেষক, শিপ্লী-সংগীতজ্ঞ, লেখক- কবি, গীতিকাৰ-কণ্ঠশিল্পী, অনুবাদক, ঔপন্যাসিক আৰু শিশু সাহিত্যক।

হালনাগাদ: ১৪ মে’ ২০২৪ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কেশৱানন্দ দেৱগোস্বামী (Keshabananda Debagoswami) হৈছে একাধাৰে এগৰাকী অসমীয়া পণ্ডিত-গৱেষক, শিপ্লী-সংগীতজ্ঞ, লেখক- কবি, গীতিকাৰ-কণ্ঠশিল্পী, অনুবাদক, ঔপন্যাসিক আৰু শিশু সাহিত্যক।১

জন্ম আৰু বংশ পৰিচয়

কেশৱানন্দ দেৱগোস্বামীৰ জন্ম হয় নগাঁও জিলাৰ ধিঙৰ বালিসত্ৰত ১৯৩০ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে। তেখেতৰ পিতৃ শিৱেন্দ্ৰ দেৱ অধিকাৰ গোস্বামী আৰু মাতৃ ঊষা দেৱী।

শিক্ষা

দেৱগোস্বামীয়ে ১৯৫৪ চনত বৰদোৱাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে ১৯৫৬ চনত আই এ আৰু ১৯৫৮ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি অসমীয়া বিষয়ত এম এ ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন

দেৱগোস্বামীয়ে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। দেৱগোস্বামী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যাপক আছিল। ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈকে তেওঁ পঞ্জাৱৰ পাটিয়ালা বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। ২

নাটক

  • নৰকাসুৰ বধ (১৯৪৬)
  • বৃত্ৰাসুৰ বধ (১৯৫১)
  • অমৃত মন্থন (১৯৫২)

কবিতা পুথি

  • পিঠাৰ ৰহস্য (১৯৫১)
  • চিত্ৰলেখা (১৯৫২)

উপন্যাস

  • গৈল কোন দিশে
  • কাৰণ্য কেদাৰ
  • এৰি অহা গাঁওখন

চুটিগল্প সংকলন

  • দুসূতিমুখৰ ঘাট (১৯৬৩)

শিশু সাহিত্য

  • ক'ব জানিলে কথা
  • কথাকীৰ্তন
  • কীৰ্তনৰ সাধু
  • স-সে মিৰাৰ সাধু
  • নাহিবি জপনা দেই
  • বৰ্ণবোধ

অনুবাদ সাহিত্য

  • নামঘোষাৰ পঞ্জাৱী
  • জপজি চাহিব
  • বেদমাতা গায়ত্ৰী
  • সন্দেশৰাসক
  • কৰ্পূৰ মঞ্জৰী

সম্পাদিত গ্ৰন্থ

  • শংকৰদেৱৰ বলিচলন
  • কুৰুক্ষেত্ৰ
  • কীৰ্তনঘোষা
  • অংকমালা
  • মাধৱদেৱৰ নামঘোষা আদি ৩

বঁটা আৰু সন্মান

  • ভাষাসুমন বঁটা (২০০৩)
  • শংকৰদেৱ বঁটা (২০০৭)
  • লক্ষ্মীনাথ বেজবৰুৱা বঁটা
  • কৃষকান্ত সন্দিকৈ বঁটা
  • আনন্দৰাম বৰুৱা বঁটা (২০১৫)৪

মৃত্যু

দেৱগোস্বামীৰ মৃত্যু হয় ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে।৫

তথ্যসূত্ৰ

  1. ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী,সম্পা দিম্পল চমুৱা পৃষ্ঠা নং ১৪
  2. ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী,সম্পা দিম্পল চমুৱা পৃষ্ঠা নং ১৫
  3. ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী,সম্পা দিম্পল চমুৱা পৃষ্ঠা নং ১৬
  4. ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী,সম্পা দিম্পল চমুৱা পৃষ্ঠা নং ১৬
  5. ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী,সম্পা দিম্পল চমুৱা পৃষ্ঠা নং ১৬

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশৱানন্দ দেৱগোস্বামী” প্ৰবন্ধৰ সংশোধন ৪২১১৩৩ (১৪ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।