ঘটনাৱলী
- ১৯২২ - ছাৰজন হে'নৰী ক্যাৰে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে।
- ১৯২৭ - ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ডে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
- ২০১১ - অসম ৰাজ্যত ভয়াবহ ৰূপত পানী বৃদ্ধি হোৱাৰ ফলত যোৰহাটত ৩জন লোকৰ মৃত্যু হয়।
- ২০১১ - জাপানত হোৱা ভূমিকম্পৰ ফলত ১৫,৫০০জন লোকৰ মৃত্যু হয়।
- ২০১২ - সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতীয়াৰীয়ে দাবী কৰে যে কীৰ্ত্তন ঘোষা আৰ নামঘোষা নিষিদ্ধ কৰিব লাগে কিয়নো তাত বড়োসকলক অপমান কৰা শব্দ প্ৰয়োগ কৰা হৈছে। পিছে তেখেতৰ এই দাবী নৰজিল বৰঞ্চ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয়।
- ২০১২ - ব্ৰহ্মপুত্ৰ নদৰ পানী গংগালৈ বোৱাই নিয়াৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত থল বুলি কেন্দ্ৰীয় জলসম্পদ ৰাজ্য মন্ত্ৰী ভিনচেণ্ট পালৰ ঘোষণা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যত চাৰিওফালে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
- ২০১২ - অসমৰ দৰংগিৰিত নাও দুৰ্ঘটনাত ৫জন লোকৰ প্ৰাণ হানি হয়।
- ২০১২ - গুৱাহাটীত হোৱা প্ৰবল ভূমিস্খলনৰ ফলত ৩জন লোকৰ মৃত্যু হয়।
জন্ম
- ১৭১২ - জঁ-জাক ৰুছ’, চমুকৈ ৰুছো, ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ, চুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ দাৰ্শনিক।
- ১৮৭৩ - এলেক্সিছ কেৰেল, ন'বেল বঁটা বিজয়ী ফৰাছী চিকিৎসা বিজ্ঞানী।
- ১৮৮৩ - শিৱপ্ৰসাদ গুপ্ত, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯২১ - পি ভি নৰসিংহ ৰাও, আইনজীৱি, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী।
- ১৯৪০ - মুহাম্মদ ইউনুছ, বাংলাদেশী ন'বেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ।
- ১৯৭১ - ইলন মাস্ক্, আমেৰিকান পুঁজিপতি, বিনিয়োগকাৰী।
মৃত্যু
- ১৯৭২ - ব্ৰজেন বৰুৱা, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ।
- ১৯৭২ - প্ৰশান্ত চন্দ্ৰ মহালান'বিছ, বিজ্ঞানী, পৰিসংখ্যানবিদ আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক। (জঃ ২৯/০৬/১৮৯৩)
- ১৯৯৮ - কমলা সাহানী, ভাৰতীয় জীববিজ্ঞানী।
দিৱস
- সংবিধান দিৱস (ইউক্ৰেইন)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ জুন” প্ৰবন্ধৰ সংশোধন ৪৪১৩১৪ (২৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।