২৩ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১১টা দিন (অধিবৰ্ষত ৩১২ দিন) বাকী থাকে।
জন্ম
- ১৯১১ - তীৰ্থনাথ শৰ্মা, অসমীয়া শিক্ষাবিদ আৰু সাহিত্যিক।
- ১৯৫৭ - মামাং দাই, ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক।
- ১৯৫৮ - নাজনীন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬০ - নাৰুহিট', জাপানৰ সম্ৰাট।
- ১৯৬৬ - ডিডিয়াৰ কুয়েলজ, ছুইছ জ্যোতিৰ্বিজ্ঞানী।
- ১৯৬৭ - অনুপমা চোপ্ৰা, ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক।
- ১৯৬৯ - ভাগ্যশ্ৰী পটৱৰ্ধন, ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী।
- ১৯৮২ - কৰন সিং গ্ৰোভাৰ, ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল।
- ১৯৯৪ - তৃপ্তি ডিমৰি, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮২১ - জন কীটছ, ইংৰাজ কবি।
- ১৮৫৫ - কাৰ্ল ফ্ৰিডৰিখ গাউছ, জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী।
- ১৯৫২ - কীৰ্ত্তিনাথ শৰ্মা বৰদলৈ, অসমীয়া সংগীতজ্ঞ।
- ১৯৬৯ - মধুবালা, ভাৰতীয় অভিনেত্ৰী।
দিৱস
- ৰাষ্ট্ৰীয় দিৱস (ব্ৰুণেই)।
- সশস্ত্ৰ বাহিনী দিৱস (তাজিকিস্তান)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৩ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৬৮২৮ (২৫ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।