অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৩ জুলাই

১৫৫৫ - হুমায়ুনে চিকন্দৰ শ্বাহ চুৰিক ছিৰহিন্দ যুদ্ধত পৰাস্ত কৰি দিল্লী অধিকাৰ কৰে। ১৯২৭ - মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৭ - য়েন বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত ‘‘পিটুইটাৰী’’ হৰ’মন আৱিষ্কৃত হৈছিল।

হালনাগাদ: ২২ জুলাই ২০২৩ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনাৱলী

  • ১৫৫৫ - হুমায়ুনে চিকন্দৰ শ্বাহ চুৰিক ছিৰহিন্দ যুদ্ধত পৰাস্ত কৰি দিল্লী অধিকাৰ কৰে। ১
  • ১৯২৭ - মুম্বাই আৰু কলিকতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হয়।
  • ১৯৩৭ - য়েন বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত ‘‘পিটুইটাৰী’’ হৰ’মন আৱিষ্কৃত হৈছিল।
  • ১৯৯৩ - ভাৰতৰ ‘‘ইনছাট—২ বি’’ নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
  • ১৯৯৯ - টেলিস্কোপ 'চন্দ্ৰ' মহাকাশত স্থাপন কৰা হৈছিল।
  • ২০০৫ - ইজিপ্তত অল-কায়দাৰ আত্মঘাতী আক্ৰমণৰ ফলত শতাধিক লোক নিহত হয় আৰু ডেৰ শতাধিক লোক আহত হয়।
  • ২০০৮ - ভাৰতৰ কেন্দ্ৰত থকা ইউ পি এ চৰকাৰ আস্থা ভোটত পুনৰ জয়ী হয়।
  • ২০১৩ - লখিমপুৰ জিলাৰ সদৰৰ তিনি ঠাইত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হয়।

জন্ম

  • ১৮৫৬ - বাল গঙ্গাধৰ তিলক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। স্বৰাজ মোৰ জন্মস্বত্ব শীৰ্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত।
  • ১৮৯৮ - তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়, ভাৰতীয় বাংলা সাহিত্যিক।
  • ১৯০৬ - চন্দ্ৰশেখৰ আজাদ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯৩৪ - চিষ্টাৰ নিৰ্মলা, ভাৰতীয় ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ।
  • ১৯৫৩ - গ্ৰাহাম গুছ, ইংলেণ্ডৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।
  • ১৯৭৩ - মণিকা লিৱিনস্কি, ক্লিন্টন-লিৱিনস্কি কেলেংকাৰীৰ বাবে বিখ্যাত।
  • ১৯৮৯ - ডেনিয়েল ৰেডক্লিফ, ইংৰাজ অভিনেতা, চলচ্চিত্ৰ শৃংখলাৰ হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত।

মৃত্যু

  • ১৭৯৩ - ৰ'জাৰ ছেৰমান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঠজন প্ৰতিষ্ঠাপক জাতিৰ পিতাৰ মাজৰ এজন।
  • ১৮৭৫ - আইজাক মেৰিট ছিংগাৰ, আমেৰিকান উদ্ভাৱক তথা ব্যৱসায়ী। ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদন আৰম্ভ কৰে।
  • ১৯৯৪ - ড॰ লীলা গগৈ, অসমীয়া সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক, উপ-সভাপতি, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক।
  • ২০০৪ - মেহমুদ আলি, ভাৰতীয় অভিনেতা, পৰিচালক তথা প্ৰযোজক।
  • ২০১২ - লক্ষ্মী সেহগল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।

দিৱস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Battle of Sirhind (1555). https://en.wikipedia.org/. wikipedia

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৩ জুলাই” প্ৰবন্ধৰ সংশোধন ৩৭২২৪৪ (২২ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।