অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২১ নৱেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১৭ নৱেম্বৰ ২০২৩ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৯৬২ - চীনা পিপলছ লিবাৰেচন আৰ্মীয়ে ভাৰত-চীন যুদ্ধত একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে। ভাৰত-চীন সীমান্ত বিবাদৰ বাবে চীন আৰু ভাৰতৰ মাজত ১৯৬২ চনৰ অক্টোবৰৰ পৰা নৱেম্বৰ লৈকে চীন-ভাৰত যুদ্ধ সংঘটিত হৈছিল।
  • ১৯৭১ - মুক্তি বাহিনী (বঙালী গেৰিলা)ৰ আংশিক সহায়ত ভাৰতীয় সৈন্যই গৰীবপুৰ যুদ্ধত পাকিস্তানৰ সেনাক পৰাস্ত কৰে।
  • ২০০২ - নাটো(North Atlantic Treaty Organization)ৱে বুলগেৰিয়া, এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া, ৰোমানিয়া, স্লোভাকিয়া আৰু স্লোভেনিয়াক সদস্য হ'বলৈ আমন্ত্ৰণ জনায়।

জন্ম

  • ১৬৯৪ - ভলতেয়ৰ, ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু কবি। তেওঁ জীৱনকালত ২০,০০০ তকৈও অধিক চিঠি আৰু ২,০০০ কিতাপ আৰু পত্ৰিকা লিখিছিল। ভল্টেয়াৰ আন্তৰ্জাতিক ভাৱে প্ৰসিদ্ধ আৰু বাণিজ্যিকভাৱে সফল হোৱা প্ৰথমশ্ৰেণীৰ লেখকসকলৰ ভিতৰত এজন আছিল। এইজন মহান দাৰ্শনিকৰ মৃত্যু হৈছিল ১৭৭৮ চনৰ ৩০ মে'ত।
  • ১৯৩৮ - হেলেন, ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী।
  • ১৯৪৮ - ৰামন পৰিমালা, ভাৰতীয় গণিতজ্ঞ।
  • ১৯৭০ - জিণ্টু গগৈ, কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা অসমৰ সেনা জোৱান।
  • ১৯৮৭ - ঈশা কাৰাৱাদে, ২০১১ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰমণ্ডল দবা চেম্পিয়নশ্বিপ(Commonwealth Chess Championship) ত স্বৰ্ণ পদক বিজয়ী খেলুৱৈ। তেওঁ ইতিমধ্যে ইণ্টাৰনেচনেল মাষ্টাৰ (আইএম) আৰু ৱুমেন গ্ৰেণ্ডমাষ্টাৰ (ডব্লিউজিএম)ৰ খিতাপ দখল কৰিছে। ঈশা কাৰৱাদেই ২০১০, ২০১২ আৰু ২০১৪ চনৰ দবা অলিম্পিয়াডত ভাৰতৰ হৈ খেলিছিল।

মৃত্যু

  • ১৯৭০ - চাৰ চন্দ্ৰশেখৰ ভেঙ্কট ৰমণ চমুকৈ চি ভি ৰামন, ভাৰতীয় পদাৰ্থবিজ্ঞানী। চাৰ চন্দ্ৰশেখৰ ভেঙ্কট ৰমণে পদাৰ্থ বিজ্ঞানৰ ১৯৩০ চনৰ ন'বেল বঁটা লাভ কৰিছিল আৰু বিজ্ঞানৰ যিকোনো শাখাত ন'বেল বঁটা লাভ কৰা প্ৰথমগৰাকী এছিয়াৰ ব্যক্তি আছিল। চাৰ চন্দ্ৰশেখৰ ভেঙ্কট ৰমণে তেওঁৰ ৰমন পৰিঘটনা ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত আৱিষ্কাৰ কৰিছিল। সেই দিনটোৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে প্ৰতি বছৰে এই দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি আহিছে। ১৯৫৪ চনত, ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰথম ভাৰত ৰত্ন প্ৰদান কৰে। চি ভি ৰমণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৭ নৱেম্বৰত।
  • ১৯৮১ - ৰমা দাশ, অসমীয়া চুটি গল্পকাৰ।
  • ১৯৯৬ - আব্দুছ ছালাম, পাকিস্তানী পদাৰ্থবিজ্ঞানী।
  • ২০১৮ - মীনা আলেকজেণ্ডাৰ, ভাৰতীয় কবি, চিন্তাবিদ আৰু লেখক।

দিৱস

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২১ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৯২৩০৫ (১৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।