ঘটনাপঞ্জী
- ১২৯৬ - আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসনত আৰোহণ।
- ১৮০৫ - ঐতিহাসিক ট্ৰেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনী জয়লাভ।
- ১৯৩৪ - জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দলৰ গঠন।
- ১৯৩৪ - মাও জেদঙে বিখ্যাত লং মাৰ্চৰ শুভাৰম্ভ কৰে।
- ১৯৪৩ - ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা।
- ১৯৯১ - কপিলদেৱৰ দ্বাৰা এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলৰ বিশ্ব অভিলেখ।
- ১৯৯৯ - প্ৰবীণ প্ৰযোজক তথা পৰিচালক বি. আৰ. চোপ্ৰালৈ ১৯৯৮ চনৰ দাদাচাহেব ফাল্কে বঁটা।
- ১৯৯৯ - ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ।
- ২০০১ - বিশ্ব জুনিয়ৰ হকীত ভাৰতৰ চেম্পিয়ন খিতাপ দখল।
জন্ম
- ১৭৭২ - ছেমুৱেল টেলৰ ক'লৰিজ, ইংৰাজ ৰোমাণ্টিক কবি,
- ১৮৩৩ - আলফ্ৰেড ন'বেল, চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু ডিনামাইটৰ উদ্ভাৱক,
- ১৮৮৭ - কৃষ্ণা সিং, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী।
- ১৯৩১ - শাম্মী কাপুৰ, ভাৰতীয় চলচ্চিত্ৰৰ নায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
- ১৯৩৮ - নিৰ্মলা মিশ্ৰ, বিশিষ্ট বঙালী কণ্ঠশিল্পী।
- ১৯৪৪ - জিন-পিয়েৰী চাওভেজ, ফ্ৰেন্স ক'অৰ্ডিনেচন ৰসায়ন বিজ্ঞানী।
মৃত্যু
- ১৯৯৮ - অজিত, হিন্দী চলচ্চিত্ৰ অভিনেতা,
- ১৯৬৯ - জেক কেৰুৱাক, আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক।
- ২০১২ – য়শ চোপ্ৰা, ভাৰতীয় পৰিচালক,প্ৰযোজক, আৰু কাহিনী লিখক।
- ২০১৩ - ললিত চন্দ্ৰ নাথ (ললিত ওজা), শুকনানী ওজাপালি আৰু দেওধনী নৃত্যৰ গুৰু।
দিৱস
- আপেল দিৱস (সংযুক্ত ৰাজ্য)।
- ৰাষ্ট্ৰীয় ধাত্ৰী দিৱস (থাইলেণ্ড)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২১ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৩৫২৪৩ (১৯ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।