অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হেৰী পটাৰ (চৰিত্ৰ)

হেৰী জেমছ পটাৰ (Harry James Potter) ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস চিৰিজৰ প্ৰধান চৰিত্ৰ। হেৰীক কেন্দ্ৰ কৰিয়ে এই চিৰিজৰ কাহিনী আগবাঢ়িছে। হেৰী ১১ বছৰ বয়সত সৰ্বপ্ৰথম জানিবলৈ পায় যে সি এজন যাদুকৰ।

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২১ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

হেৰী জেমছ পটাৰ (Harry James Potter) ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস চিৰিজৰ প্ৰধান চৰিত্ৰ। হেৰীক কেন্দ্ৰ কৰিয়ে এই চিৰিজৰ কাহিনী আগবাঢ়িছে। হেৰী ১১ বছৰ বয়সত সৰ্বপ্ৰথম জানিবলৈ পায় যে সি এজন যাদুকৰ।

কাহিনীৰ পটভূমি হৈছে হগৱাৰ্ট্‌ছ স্কুল অফ উইচক্ৰ্যাফট এণ্ড উইজাৰ্ড্ৰি, য'ত হেৰী তাৰ ঘনিষ্ঠ দুই বন্ধু ৰন ৱিজলি আৰু হাৰমাইনি গ্ৰেইঞ্জাৰৰ লগত বিভিন্ন অভিযানত অংশ লয়। হেৰী লাহে লাহে আবিষ্কাৰ কৰে যে, সি যাদুকৰ সম্প্ৰদায়ৰ মাজত অত্যন্ত বিখ্যাত। তাৰ চেহেৰাৰ আটাইতকৈ উল্লেখযোগ্য দিশ হৈছে তাৰ কপালত বিদ্যুৎ চমকৰ দৰে কটা দাগ, যিটো স্কাৰ নামে পৰিচিত। লৰ্ড ভ'লডেমৰ্ট যেতিয়া হেৰীক মাৰিবলৈ আভাডা কেডাভ্ৰা নামক অভিশাপ দিছিল তেতিয়া হেৰীৰ কপালৰ এই দাগ সৃষ্টি হৈছিল। ভ'লডেমৰ্টে হেৰীৰ পিতৃ মাতৃক হত্যা কৰিছিল। যাদুৰ পৃথিৱীত হেৰীয়েই একমাত্ৰ ব্যক্তি যিয়ে আভাডা কেডাভ্ৰা নামক মৃত্যু অভিশাপৰ পৰা বাচি গৈছে। ইয়াৰ ফলত লৰ্ড ভ'লডেমৰ্টৰ পতন হৈছে।

উপন্যাসত জেমছ আৰু লিলি পটাৰৰ একমাত্ৰ সন্তান হৈছে হেৰী। তাৰ পিতাকৰ নিচিনা হেৰীৰো ক'লা চুলি অপৰিপাটী ভাবে সজোৱা। তাৰ স্বভাব, চৰিত্ৰ, ব্যক্তিত্ব সি পাইছে তাৰ মাকৰ পৰা। মাকৰ সেউজীয়া চকুও সি পাইছে। প্ৰথম উপন্যাসত হেৰীক সৰু আকাৰ আৰু ক্ষীণ শৰীৰৰ কোৱা হ'লেও পঞ্চম কিতাপত তাক ওখ বুলি কোৱা হৈছে। সি গোলাকাৰ ফ্ৰেমৰ চশমা পৰিধান কৰিছিল।

সম্পৰ্কিত শ্ৰেণী

কাল্পনিক চৰিত্ৰহেৰী পটাৰপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰী পটাৰ (চৰিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩০৯৮১৯ (৩০ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।